ETV Bharat / state

Anti Drugs Mission in Lakhimpur: তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ জেপত ওলাইছে ড্ৰাগছৰ কন্টেইনাৰ

author img

By

Published : May 1, 2022, 4:36 PM IST

ড্ৰাছৰ ব্যৱসায়ত জড়িত কৰোৱা হৈছে শিশু ছাত্ৰক ৷ লখিমপুৰত বিদ্যালয়ৰ ইউনিফৰ্ম পৰিহিত ছাত্ৰৰ পৰা উদ্ধাৰ ড্ৰাগছৰ কন্টেইনাৰ ৷ নিজ পিতৃ-মাতৃয়েই ছাত্ৰজনক জড়িত কৰোৱাইছে নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ত (Drug peddling by schoolboy in Lakhimpur)৷

Anti Drugs Mission in Lakhimpur
তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ

লখিমপুৰ, 1 মে’: ৰাজ্যজুৰি ড্ৰাগছ ব্যৱসায়ীয়ে বৃহৎ নেটৱৰ্ক গঢ়ি তোলাৰ সময়তে লখিমপুৰত আন এক ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে ৷ ড্ৰাগছ সৰবৰাহৰ কামত নিয়োজিত কৰা হৈছে শিশুক ৷ এগৰাকী তৃতীয় শেণীত অধ্যয়নৰত শিশুৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমানৰ ড্ৰাগছ (Child drugs peddler in Lakhimpur) ৷

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী কঠোৰৰ পৰা কঠোৰতম হ’লেও ন ন কৌশলেৰে ড্ৰাগছৰ ব্যৱসায় বেহা চলাই গৈছে দুষ্টচক্ৰই । তৃতীয় শ্ৰণীত অধ্যয়নৰত ছাত্ৰক নিজ পিতৃ-মাতৃয়েই ড্ৰাগছৰ বেহাত জড়িত কৰোৱাৰ ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে লখিমপুৰৰ বান্দৰদেৱাত ৷ শনিবাৰে বান্দৰদেৱাত বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীয়ে চলোৱা এক অভিযানত ড্ৰাগছসহ তিনি জনক আটক কৰিবলৈ সক্ষম হয় (Drugs peddler arrested in Lakhimpur)।

তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ

আটকাধীন লোককেইজন হ’ল মাজুলীৰ ৰমা গাম, বান্দৰদেৱা আৰক্ষী চকীৰ অন্তৰ্গত ২ নং পাৰ্বতীপুৰৰ মিনা বড়ী, লালুকৰ জীতেন বিশ্বাস ৷ লোককেইজনৰ পৰা আৰক্ষীয়ে ৪০ টা কন্টেইনাৰ সহ ৫.০৪ গ্ৰাম হেৰ'ইন জব্দ কৰে ।

বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপাপ্ত আৰক্ষী বিষয়া উৎপল বৰা আৰু বান্দৰদেৱা আৰক্ষী চকীৰ উপ-পৰিদৰ্শক নিপন গগৈৰ নেতৃত্বত চলা অভিযানত ড্ৰাগছসহ সৰবৰাহকাৰীকেইজনক আটক কৰে । সৰবৰাহকাৰীকেইজনে এজন তৃতীয় শ্ৰেণীৰ ছাত্ৰ তথা সৰবৰাহকাৰীৰ সন্তানৰ কাপোৰৰ তলত ভৰাই ড্ৰাগছৰ কন্টেইনাৰ সৰবৰাহ কৰিবলৈ লওঁতেই আৰক্ষীৰ জালত পৰে ।

নিষিদ্ধ ড্ৰাগছৰ বেহাত ছাত্ৰক নিয়োগ কৰাৰ ঘটনাই এতিয়া সচেতন ৰাইজৰ চকু কপালত তুলিছে । আৰক্ষীৰ চকুত ধূলি দিবলৈ শিশুৰ জৰিয়তে ড্ৰাগছৰ বেহা চলোৱাৰ বাবে কৰা এনে কৌশলে সচেতন ৰাইজক চিন্তিত কৰি তুলিছে ।

লগতে পঢ়ক: Jihadi in Assam: ৰাজ্যত চিনাক্ত কৰা হৈছে তিনিটাকৈ জেহাদী সংগঠনৰ গোট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.