ETV Bharat / city

11 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Feb 24, 2022, 11:26 AM IST

top 10 at 11 am
11 বজাৰ শীৰ্ষ দহটা বাতৰি

11 বজাৰ শীৰ্ষ দহটা বাতৰি

ৰায়দান সম্পন্ন নোহোৱালৈ শিক্ষানুষ্ঠানত হিজাবৰ পৰিৱৰ্তে পৰিধান কৰিব লাগিব ইউনিফৰ্ম !

উদুপী প্ৰাক-বিশ্ববিদ্যালয় ছোৱালী মহাবিদ্যালয়ৰ পৰা আৰম্ভ হোৱা হিজাব বিতৰ্কৰ বাবে প্ৰথমে কৰ্ণাটক আৰু পৰৱৰ্তী সময়ত সমগ্ৰ দেশতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ এনে সময়তে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে হিজাব বিতৰ্ক সন্দৰ্ভত প্ৰদান কৰিলে অন্তৱৰ্তীকালীন নিৰ্দেশ (interim order on hijab row)৷

নিৰ্বাচনী প্ৰচাৰৰ বাবে নিৰ্বাচন আয়োগৰ নতুন নিৰ্দেশনা

সভা-শোভাযাত্রা আদিৰ ক্ষেত্রত থকা বাধা আঁতৰিল। ৰাজনৈতিক সভা সমূহত ৫০ শতাংশ আসন বা ঠাই ব্যাৱহাৰ কৰাৰ বাবে থকা নিৰ্দেশনাও উঠাই লোৱা হৈছে। জিলা কৰ্তৃপক্ষৰ পৰা আগতীয়াকৈ অনুমতিলৈ ৰাজ্যিক দুৰ্যোগ ব্যাৱস্থাপনা প্ৰাধিকৰণৰ নিয়মাৱলী মানি শোভাযাত্ৰাও অনুষ্ঠিত কৰিব পাৰিব (New Guidelines for Election Campaigning) ।

বিহাৰত জেডিইউ কৰ্মীক নিৰ্মমভাৱে হত্যা : ভাইৰেল হৈছে হত্যাৰ পূৰ্বৰ ভিডিঅ

বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড (Sensational murder in Bihar)। জেডিইউ কৰ্মীক নিৰ্মমভাৱে হত্যা । হত্যাৰ পূৰ্বে কৰা এটা ভিডিঅ' ভাইৰেল সামাজিক মাধ্যমত । হত্যাকাণ্ডক সাম্প্ৰদায়িক হিংসাৰ ৰূপ দিয়াৰ চেষ্টা হত্যাকাৰীৰ । ইতিমধ্যে গ্ৰেপ্তাৰ ঘটনাৰ অভিযুক্ত ।

ৰেল বিভাগৰ 'ৰাউণ্ড দা ক্লক' ব্যৱস্থা বাতিলৰ দাবীত যোৰহাটত আছুৰ প্ৰতিবাদ

যোৰহাটৰ ৰেলৱে গুডচ য়াৰ্ডত ৰেলৰ পৰা সামগ্ৰী নমোৱাৰ ক্ষেত্ৰত ৰেল বিভাগে লোৱা সিদ্ধান্তৰ বাবে খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাৰ অভিযোগ তুলি বুধবাৰে যোৰহাটত আছুৰ যোৰহাট জিলা সমিতিয়ে(Aasu Protest at Jorhat) তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

'অযোধ্যাত শীঘ্ৰেই নিৰ্মাণ হ'ব ৰামমন্দিৰ':যোগী আদিত্যনাথ

উত্তৰপ্ৰদেশৰ নিৰ্বাচনকলৈ(UP Assembly election 2022) তৎপৰ বিজেপি। নিৰ্বাচনী প্ৰচাৰ সভাত জনতাক সম্বোধন যোগী আদিত্যনাথৰ। শীঘ্ৰেই অযোধ্যাত ৰামমন্দিৰ নিৰ্মাণৰ কথা ঘোষণা যোগীৰ। সমাজবাদী পাৰ্টীক তীব্ৰ কটাক্ষ যোগীৰ। বিধানসভা নিৰ্বাচনত সমাজবাদী পাৰ্টীৰ চকা পাংচাৰ কৰিব যোগীয়ে।

Assam municipal election 2022: শিৱসাগৰত পৌৰসভাৰ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাক লৈ জালিয়তিৰ অভিযোগ

শিৱসাগৰ পৌৰসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি গৰম নিৰ্বাচনী বতাহ (Assam municipal election 2022) ৷ শিক্ষাগত অৰ্হতাক লৈ জালিয়তিৰ অভিযোগ দুই বিজেপি প্ৰাৰ্থী আৰু ৰাইজৰ দলৰ এজন প্ৰাৰ্থীৰ বিৰুদ্ধে ৷

আইন ভংগ কৰি বহিৰাগতক মাটি দিয়াৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ

সংবাদমেলত সৰৱ প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্ত । আৰ এছ এছৰ ঘনিষ্ঠ বাবেই গুপ্তা-বেৰিয়া-বাজাজলৈ গুৱাহাটীৰ ৫৮ বিঘা মাটি (Guwahati railway land leasing to corporates) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চূড়ান্ত ফাঁকিৰ আশ্ৰয় লৈছে । ৰাজ্য চৰকাৰৰ আপত্তিবিহীন প্ৰমাণপত্ৰ নাথাকিলে ৰাজ্যৰ মাটি ৰে'লৱেই কোনো গুপ্তা, বেৰিয়া বা বাজাজক ‘লীজ’ত দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে বুলি কয় প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ৷

Poor Electricity Supply: প্ৰায় ডেৰ মাহে অন্ধকাৰত ডুব গৈ আছে কলিয়াবৰৰ এটা অঞ্চল

সমাগত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ৷ ইফালে কলিয়াবৰৰ এটা অঞ্চলত দীৰ্ঘদিন ধৰি নাই বিদ্যুৎ যোগান (Poor Electricity Supply at Kaliabor) ৷ বিদ্যুৎ বিভাগৰ কাণ্ডজ্ঞানহীনতাত ক্ষুব্ধ এতিয়া স্থানীয় ৰাইজ ৷ মেৰামতিৰ বাবে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাচতো গা-লৰা নাই দায়িত্বত থকা বিভাগৰ ৷ বিগত প্ৰায় ডেৰ মাহ ধৰি বিকল হৈ পৰি ৰৈছে ট্ৰেঞ্চফৰ্মাৰ ৷ ট্ৰেঞ্চফৰ্মাৰ মেৰামতি নোহোৱাৰ বাবেই জীয়াতু ভুগিছে অঞ্চলটোৰ ৰাইজে ৷

Encounter at Gogamukh: এইবাৰ গোগামুখত এনকাউণ্টাৰ, গুলীবিদ্ধ এজন অপৰাধী

এইবাৰ ধেমাজিৰ গোগামুখত অসম আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হ’ল এজন অপৰাধী (Encounter at Gogamukh) ৷ গুলীবিদ্ধ অপৰাধীৰ নাম লখিমপুৰৰ মাইনুল আলি বুলি জানিব পৰা গৈছে ৷ আৰক্ষীলৈ গুলী চালনা কৰি পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে দিয়া গুলীৰ প্ৰত্যুত্তৰত আহত হয় অপৰাধী মাইনুল ৷

Murder again in Guwahati: পৰস্ত্ৰীক ঘৰত ৰখাই কাল হ’ল ৰৌছানৰ বাবে

মহানগৰীৰ সাতগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড । মাংস কটা দাৰে দিন দুপৰতে ৰাজপথত ঘপিয়াই হত্যা অৱসৰপ্ৰাপ্ত সেনা জোৱানক (Man murdered in broad daylight at Satgaon) । আৰক্ষীৰ জালত অভিযুক্তক হাবিবুৰ ৰহমান ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.