ETV Bharat / city

নিৰ্বাচনী প্ৰচাৰৰ বাবে নিৰ্বাচন আয়োগৰ নতুন নিৰ্দেশনা

author img

By

Published : Feb 24, 2022, 9:45 AM IST

নিৰ্বাচনী প্ৰচাৰৰ বাবে নিৰ্বাচন আয়োগৰ নতুন নিৰ্দেশনা

সভা-শোভাযাত্রা আদিৰ ক্ষেত্রত থকা বাধা আঁতৰিল। ৰাজনৈতিক সভা সমূহত ৫০ শতাংশ আসন বা ঠাই ব্যাৱহাৰ কৰাৰ বাবে থকা নিৰ্দেশনাও উঠাই লোৱা হৈছে। জিলা কৰ্তৃপক্ষৰ পৰা আগতীয়াকৈ অনুমতিলৈ ৰাজ্যিক দুৰ্যোগ ব্যাৱস্থাপনা প্ৰাধিকৰণৰ নিয়মাৱলী মানি শোভাযাত্ৰাও অনুষ্ঠিত কৰিব পাৰিব (New Guidelines for Election Campaigning) ।

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী : দেশত ক’ভিড সংক্ৰমণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰচাৰৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে (New Guidelines for Election Campaigning by EC)। দেশৰ ক’ভিড পৰিস্থিত সন্দৰ্ভত পৰ্যালোচনা কৰাৰ অন্তত ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী আয়োগে নিৰ্বাচনী প্ৰচাৰৰ বাবে আয়োজন কৰা সভা, শোভাযাত্ৰা আদি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞাসমূহ উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ৰাজনৈতিক দলসমূহ তথা প্ৰাৰ্থীসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা তৎকালীনভাৱে বলৱৎ কৰা হৈছে বুলিও নিৰ্বাচনী আয়োগে উল্লেখ কৰে। এই সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে এক বিবৃত্তি যোগে জনাই যে নতুন নিৰ্দেশনা অনুসৰি ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে এতিয়াৰে পৰা ৰাজ্যিক দুৰ্যোগ ব্যাৱস্থাপনা প্ৰাধিকৰণৰ নিয়মাৱলীমতে প্ৰচাৰ সভা অনুষ্ঠিত কৰিব পাৰিব (campaign rallies under state disaster management authority rules)। তদুপৰি ৰাজনৈতিক সভা সমূহত ৫০ শতাংশ আসন বা ঠাই ব্যাৱহাৰ কৰাৰ বাবে থকা নিৰ্দেশনাও উঠাই লোৱা হৈছে।

জিলা কৰ্তৃপক্ষৰ পৰা আগতীয়াকৈ অনুমতিলৈ ৰাজ্যিক দুৰ্যোগ ব্যাৱস্থাপনা প্ৰাধিকৰণৰ নিয়মাৱলী মানি শোভাযাত্ৰাও অনুষ্ঠিত কৰিব পাৰিব।

লগতে পঢ়ক : ৰায়দান সম্পন্ন নোহোৱালৈ শিক্ষানুষ্ঠানত হিজাবৰ পৰিৱৰ্তে পৰিধান কৰিব লাগিব ইউনিফৰ্ম !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.