ETV Bharat / bharat

ৰায়দান সম্পন্ন নোহোৱালৈ শিক্ষানুষ্ঠানত হিজাবৰ পৰিৱৰ্তে পৰিধান কৰিব লাগিব ইউনিফৰ্ম !

author img

By

Published : Feb 24, 2022, 8:52 AM IST

Updated : Feb 24, 2022, 9:11 AM IST

students-should-follow-prescribed-uniform-till-final-verdict-says-karnataka-hc-on-hijab-row
ৰায়দান সম্পন্ন নোহোৱালৈ শিক্ষানুষ্ঠানত হিজাবৰ পৰিৱৰ্তে পৰিধান কৰিব লাগিব ইউনিফৰ্ম !

উদুপী প্ৰাক-বিশ্ববিদ্যালয় ছোৱালী মহাবিদ্যালয়ৰ পৰা আৰম্ভ হোৱা হিজাব বিতৰ্কৰ বাবে প্ৰথমে কৰ্ণাটক আৰু পৰৱৰ্তী সময়ত সমগ্ৰ দেশতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ এনে সময়তে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে হিজাব বিতৰ্ক সন্দৰ্ভত প্ৰদান কৰিলে অন্তৱৰ্তীকালীন নিৰ্দেশ (interim order on hijab row)৷

বেংগালুৰু, 24 ফেব্ৰুৱাৰী: কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে বুধবাৰে হিজাব বিষয়ৰ শুনানি গ্ৰহণ কৰি স্পষ্ট কৰি দিয়ে যে গোচৰটোৰ চূড়ান্ত ৰায় নোপোৱালৈকে শিক্ষাৰ্থীসকলে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ নিৰ্দিষ্ট ইউনিফৰ্ম পিন্ধিব লাগিব (Karnataka HC on hijab row ) । তিনিজনীয়া বিচাৰপীঠৰ মুৰব্বী মুখ্য ন্যায়াধীশ ৰিতু ৰাজ অৱস্থীয়ে পুনৰ কয়, " আমি স্পষ্ট কৰি দিছো যে, যদি কোনো মহাবিদ্যালয় বা কনিষ্ঠ মহাবিদ্যালয়ে নিৰ্দিষ্ট ইউনিফৰ্মৰ নিয়ম কৰিছে, তেন্তে ৰায়দান নোহোৱালৈকে সেই নিয়ম অনুসৰণ কৰিব লাগিব ।"

ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিত আৰু জে এম খাজীক লৈ গঠিত বিচাৰপীঠখনে লগতে স্পষ্ট কৰি দিয়ে যে, এই অন্তৱৰ্তীকালীন নিৰ্দেশটো কেৱল শিক্ষাৰ্থীসকলৰ বাবেহে প্ৰযোজ্য । ইফালে, শিক্ষাৰ্থীসকলৰ পক্ষটোৱে দাবী কৰিছিল যে শিক্ষাৰ্থীসকলক অন্তৱৰ্তীকালীন আদেশৰ উদ্ধৃতি দি শিক্ষা প্ৰতিষ্ঠানৰ পৰা বাহিৰলৈ উলিয়াই পঠিওৱা হৈছে ৷ আনকি, যিসকল শিক্ষকে তেনে পোচাক পৰিধান কৰি আহিছে তেওঁলোককো বাধা প্ৰদান কৰা হৈছে ।

উল্লেখ্য যে, উদুপী প্ৰাক-বিশ্ববিদ্যালয় ছোৱালী মহাবিদ্যালয়ৰ পৰা আৰম্ভ হোৱা হিজাব বিতৰ্কৰ (Udupi Pre University Girls College hijab controversy) বাবে ৰাজ্যখনত ইতিমধ্যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ একাংশ শিক্ষাৰ্থীয়ে হিজাব অবিহনে শ্ৰেণীত উপস্থিত থাকিবলৈ অস্বীকাৰ কৰিছে ।

চলি থকা এই আন্দোলনৰ মাজতে উচ্চ ন্যায়ালয়ে শ্ৰেণীকোঠাৰ ভিতৰত হিজাব আৰু গেৰুৱা বস্ত্ৰ দুয়োবিধ একেলগে নিষিদ্ধ (ban on saffron shawls inside classroom) কৰাৰ এক অন্তৱৰ্তীকালীন নিৰ্দেশ জাৰি কৰিছে । বিশেষ বিচাৰপীঠে বিষয়টো সন্দৰ্ভত নিয়মিত শুনানি গ্ৰহণ কৰিছে আৰু সকলো পৰামৰ্শদাতাক এই সপ্তাহান্তৰ ভিতৰত তেওঁলোকৰ যাৱতীয় নথি-পত্ৰ দাখিল সম্পূৰ্ণ কৰিবলৈ কৈছে।

লগতে পঢ়ক : 'অযোধ্যাত শীঘ্ৰেই নিৰ্মাণ হ'ব ৰামমন্দিৰ':যোগী আদিত্যনাথ

Last Updated :Feb 24, 2022, 9:11 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.