ETV Bharat / bharat

'অযোধ্যাত শীঘ্ৰেই নিৰ্মাণ হ'ব ৰামমন্দিৰ':যোগী আদিত্যনাথ

author img

By

Published : Feb 24, 2022, 6:38 AM IST

UP Assembly election 2022
অযোধ্যাত শীঘ্ৰেই নিৰ্মাণ হ'ব ৰামমন্দিৰ

উত্তৰপ্ৰদেশৰ নিৰ্বাচনকলৈ(UP Assembly election 2022) তৎপৰ বিজেপি। নিৰ্বাচনী প্ৰচাৰ সভাত জনতাক সম্বোধন যোগী আদিত্যনাথৰ। শীঘ্ৰেই অযোধ্যাত ৰামমন্দিৰ নিৰ্মাণৰ কথা ঘোষণা যোগীৰ। সমাজবাদী পাৰ্টীক তীব্ৰ কটাক্ষ যোগীৰ। বিধানসভা নিৰ্বাচনত সমাজবাদী পাৰ্টীৰ চকা পাংচাৰ কৰিব যোগীয়ে।

নেশ্যনেল ডেস্ক, ২৩ ফেব্ৰুৱাৰী: পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ (UP Assembly election 2022) প্ৰাকক্ষণত উত্তৰপ্ৰদেশত জোৰদাৰ হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ। মঙলবাৰে যোগী আদিত্যনাথে মিল্কিপুৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে। প্ৰচাৰ সভাত বিৰোধীক কটাক্ষ কৰাৰ সমান্তৰালকৈ ৰামমন্দিৰৰ প্ৰসংগও উল্লেখ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অতিশীঘ্ৰেই ৰামমন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰাৰ লগতে এই ৰামমন্দিৰ ভাৰতৰ 'ৰাষ্ট্ৰ মন্দিৰ' (জাতীয় মন্দিৰ) হ'ব বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।

সমান্তৰালভাৱে সমাজবাদী পাৰ্টীক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। তিনিখন ৰাজ্যৰ নিৰ্বাচনত ধুলিস্য়াৎ হ'ব সমাজবাদী পাৰ্টী। তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনত সমাজবাদী পাৰ্টীৰ চকা পাংচাৰ কৰিব বুলি কটাক্ষ মুখ্যমন্ত্ৰীগৰাকীৰ।

লগতে এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে জয়ী হৈ এক শক্তিশালী চৰকাৰ গঠন কৰিব বুলিও নিৰ্বাচনী প্ৰচাৰ সভাতেই দাবী তুলিলে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

লগতে পঢ়ক:হিজাব বিতৰ্ক, নিৰ্বাচনৰ কথাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.