ETV Bharat / state

Murder again in Guwahati: পৰস্ত্ৰীক ঘৰত ৰখাই কাল হ’ল ৰৌছানৰ বাবে

author img

By

Published : Feb 23, 2022, 9:59 PM IST

Satgoan murder case
পৰস্ত্ৰীক ঘৰত ৰখাই কাল হ’ল ৰৌছানৰ বাবে

মহানগৰীৰ সাতগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড । মাংস কটা দাৰে দিন দুপৰতে ৰাজপথত ঘপিয়াই হত্যা অৱসৰপ্ৰাপ্ত সেনা জোৱানক (Man murdered in broad daylight at Satgaon) । আৰক্ষীৰ জালত অভিযুক্তক হাবিবুৰ ৰহমান ।

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী : অপৰাধ আৰু অপৰাধীৰ প্ৰাণকেন্দ্ৰ যেন হৈ পৰিছে এতিয়া গুৱাহাটী মহানগৰী ৷ মহানগৰীত বৃদ্ধি পাইছে হত্যাকাণ্ডৰ ঘটনা ৷ এইবাৰ পুনৰ আন এক হত্যাকাণ্ডই জোঁকাৰি গৈছে আভিজাত্যৰ স্বৰূপ গুৱাহাটীক ৷

বুধবাৰে দিন দুপৰতে সাতগাঁও আমবাৰীৰ ৰাজপথতে অভিযুক্ত হাবিবুৰ ৰহমানে (৩৫) দাৰে ঘপিয়াই হত্যা কৰে এজন অৱসৰপ্ৰাপ্ত সেনা জোৱানক (Satgoan murder case) ৷ মৃত লোকজনৰ নাম ৰৌছান আলী (৬০) ৷ জানিব পৰা মতে, মৃত ৰৌছান আলীৰ ঘৰ আমবাৰী সুন্দৰপুৰত ৷

Satgoan murder case
অভিযুক্ত হাবিবুৰ ৰহমান

ইতিমধ্যে সাতগাঁও আৰক্ষীয়ে আটক কৰিছে হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত হাবিবুৰ ৰহমানক (Man murdered in broad daylight at Satgaon, Accused held) ৷ অভিযুক্ত হাবিবুৰ ৰহমানে পৰকীয়া প্ৰেমৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে । ইফালে আৰক্ষীয়েও এই ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

কিয় হত্যা কৰা হ’ল ৰৌছানক

প্ৰাপ্ত তথ্য অনুসৰি, অভিযুক্ত হাবিবুৰ ৰহমানৰ মতে, তেওঁৰ দ্বিতীয় পত্নীৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছিল অৱসৰ প্ৰাপ্ত সেনা জোৱানজনে । আনকি মৃত ৰৌচন আলিয়ে হাবিবুৰ ৰহমানৰ পত্নীক বিয়া কৰোৱাৰ উদ্দেশ্যে তিনিদিন ধৰি তেওঁৰ ঘৰত আবদ্ধ কৰি ৰাখিছিল । ইয়াক লৈ দুইজনৰ মাজত কাজিয়াৰ সূত্ৰপাতো হৈছিল ।

লগতে পঢ়ক : Assam youth dead in Chennai: চেন্নাইত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

আনহাতে, একাংশ ৰাইজৰ মতে, অভিযুক্ত হাবিবুৰ ৰহমানৰ সৈতে তেওঁৰ দ্বিতীয় পত্নীৰ নাছিল কোনো সু-সম্পৰ্ক ৷ সেয়ে হাবিবুৰ ৰহমানৰ পত্নীয়ে বিগত তিনিদিন ধৰি মৃত ৰৌছানৰ ঘৰত আছিল ভাড়াতীয়া হিচাবে ৷ কিন্তু এই কথা সহজভাৱে ল’ব পৰা নাছিল অভিযুক্তগৰাকীয়ে ৷ যাৰ ফলত সংঘটিত হয় এই হত্যাকাণ্ডটো ৷

Satgoan murder case
মহানগৰীৰ সাতগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড

উল্লেখ্য যে, বুধবাৰ অৰ্থাৎ আজি দিনৰ প্ৰায় ডেৰ বজাত মৃত ৰৌছান আলিয়ে মটৰ চাইকেলেৰে নিজৰ ঘৰৰ পৰা ৰাজপথলৈ ওলাই আহিছিল ৷ তেনে সময়তে পূৰ্বৰ পৰা চোপ লৈ থকা অভিযুক্ত হাবিবুৰ ৰহমান নামৰ লোকজনে ঘাইপথতে আগুচি ধৰি দাৰে ডিঙি আৰু হাতত উপৰ্যুপৰী আঘাত কৰে ৷ চোকা অস্ত্ৰৰ আঘাতত থিতাতে মৃত্যু হয় ৰৌছানৰ ।

এই ঘটনাকলৈ সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ ৷ ইয়াৰ মাজতে পলায়ন কৰে অভিযুক্ত হাবিবুৰ ৰহমানে । পিছত স্থানীয় ৰাইজৰ সহযোগত সাতগাঁও আৰক্ষীয়ে সাতগাঁও দলবাৰীৰ পৰা আটক কৰিবলৈ সক্ষম হয় অবিযুক্ত হাবিবুৰক । স্বাভাৱিকতে উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : গোলাঘাটত সন্দেহজনক হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.