ETV Bharat / state

Encounter at Gogamukh: এইবাৰ গোগামুখত এনকাউণ্টাৰ, গুলীবিদ্ধ এজন অপৰাধী

author img

By

Published : Feb 23, 2022, 9:44 PM IST

Updated : Feb 23, 2022, 10:13 PM IST

Encounter at Gogamukh
এইবাৰ গোগামুখত এনকাউণ্টাৰ, গুলীবিদ্ধ এজন অপৰাধী

এইবাৰ ধেমাজিৰ গোগামুখত অসম আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হ’ল এজন অপৰাধী (Encounter at Gogamukh) ৷ গুলীবিদ্ধ অপৰাধীৰ নাম লখিমপুৰৰ মাইনুল আলি বুলি জানিব পৰা গৈছে ৷ আৰক্ষীলৈ গুলী চালনা কৰি পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে দিয়া গুলীৰ প্ৰত্যুত্তৰত আহত হয় অপৰাধী মাইনুল ৷

গোগামুখ, 23 ফেব্ৰুৱাৰী: অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে এনকাউণ্টাৰ ৷ এইবাৰ গোগামুখত আৰক্ষীৰ এনকাউণ্টাৰ (Encounter at Gogamukh)৷ গোগামুখ আৰক্ষী থানাৰ সমীপৰ সোনাপুৰত ধেমাজি আৰক্ষীৰ এনকাউণ্টাৰত গুলিবিদ্ধ হয় মাইনুল আলি নামৰ ৩১ বছৰীয়া এজন অপৰাধী ৷

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, লখিমপুৰ জিলাৰ লালুকৰ মাইনুল আলিয়ে অৰুণাচল প্ৰদেশৰ এজন ব্যক্তিৰ পৰা বিগত মাহত চাৰে চাৰি লাখ টকা কাঢ়ি লৈ গৈছিল ৷ এই ঘটনাৰ পিছতে আৰক্ষীয়ে মইনুলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰৰ বাবে অভিযান অব্যাহত ৰাখিছিল ৷

এইবাৰ গোগামুখত এনকাউণ্টাৰ, গুলীবিদ্ধ এজন অপৰাধী

বুধবাৰে ধেমাজি আৰক্ষীয়ে মইনুল আলিক গোগামুখ অঞ্চলত প্ৰত্যক্ষ কৰাৰ পিছতে আৰক্ষীক দেখি মইনুলে নিজা গাড়ীৰে পলায়নৰ চেষ্টা কৰে ৷ ইয়াৰ পিছতে মাইনুলক আৰক্ষীয়ে খেদি যোৱাত সোৱনশিৰিৰ নদীৰ পাৰত গাড়ী এৰি পলায়ন কৰিবলৈ চেষ্টা কৰাৰ উপৰিও আৰক্ষীলৈ গুলীচালনা কৰে ৷ ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলীচালনা কৰাত অপৰাধী মাইনুল আলিৰ বাওঁভৰি গুলিবিদ্ধ হয় ৷

গুলীবিদ্ধ মাইনুলক আৰক্ষীয়ে ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে ততালিকে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক: Oil Theft in Nagaon: নগাঁৱত পাইপ ফুটাই চোৰে লৈ গ’ল খাৰুৱা তেল

Last Updated :Feb 23, 2022, 10:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.