ETV Bharat / state

Assam municipal election 2022: শিৱসাগৰত পৌৰসভাৰ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাক লৈ জালিয়তিৰ অভিযোগ

author img

By

Published : Feb 23, 2022, 10:25 PM IST

শিৱসাগৰ পৌৰসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি গৰম নিৰ্বাচনী বতাহ (Assam municipal election 2022) ৷ শিক্ষাগত অৰ্হতাক লৈ জালিয়তিৰ অভিযোগ দুই বিজেপি প্ৰাৰ্থী আৰু ৰাইজৰ দলৰ এজন প্ৰাৰ্থীৰ বিৰুদ্ধে ৷

Assam municipal election 2022
পৌৰসভাৰ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাক লৈ জালিয়তিৰ অভিযোগ

শিৱসাগৰ, 23 ফেব্ৰুৱাৰী : শিৱসাগৰ নগৰৰ আগন্তুক পৌৰসভা নিৰ্বাচনক কেন্দ্ৰ কৰি গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ (Assam municipal election 2022)। ১৪ টা ৱাৰ্ডত প্ৰতিদ্বন্দিতা কৰা ৩৯ গৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ । কিন্তু ইয়াৰ মাজতে উঠিছে অভিযোগ আৰু প্ৰতিঅভিযোগৰ যুঁজখন ।

নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হোৱাৰ পাচত কংগ্ৰেছ দলে নিৰ্বাচন দণ্ডাধীশক ১ নং ৱাৰ্ডৰ বিজেপি দলৰ প্ৰাৰ্থী নুৰজাহান বেগমৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ ভুৱা বুলি অভিযোগ উত্থাপন কৰিছিল । সেইদৰে ৬ নং ৱাৰ্ডৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ৰূপা বৰাৰো শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ ভুৱা বুলি বিজেপি দলৰ তৰফৰ পৰা এক অভিযোগ উত্থাপন হৈছিল । ইয়াৰ সামান্তৰালভাৱে ১৪ নং ৱাৰ্ডৰ বিজেপি দলৰ প্ৰাৰ্থী জুলি পাতৰৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰও ভুৱা বুলি এক অভিযোগ দাখিল কৰা হৈছিল ।

Assam municipal election 2022
পৌৰসভাৰ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাক লৈ জালিয়তিৰ অভিযোগ

উল্লেখ্য যে, বিজেপি দলৰ ১ নং ৱাৰ্ডৰ প্ৰাৰ্থী নুৰজাহান বেগমে পৌৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰত তেওঁ ১৯৯২ চনত জোকতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৰোল 547 আৰু নং A-110ৰ বিপৰীতে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বুলি শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ দাখিল কৰিছিল ।

লগতে পঢ়ক : Assam municipal election 2022: পৌৰসভাৰ প্ৰাৰ্থীলৈ কি বিশেষ আহ্বান জনালে শিৱসাগৰ নগৰৰ ৰাইজে !

ইয়াৰ বিপৰীতে ৬ নং ৱাৰ্ডৰ প্ৰাৰ্থী ৰূপা বৰাই ১৯৯৩ চনত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ প্ৰমাণ পত্ৰ দাখিল কৰিছিল । আশ্চৰ্যজনকভাৱে উক্ত নম্বৰ তালিকাত ৰূপা বৰাৰ ৰোল নং আৰু নুৰজাহান বেগমৰ ৰোল নং সম্পূৰ্ণ একেই । ইয়াতকৈ ডাঙৰ কথা এই যে, দুয়োগৰাকী প্ৰাৰ্থীৰ তালিকাত বিষয়ৰ বিপৰীতে লাভ কৰা নম্বৰো একেই । সেইদৰে জুলি পাতৰৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰমাণপত্ৰ ভুৱা বুলি অভিযোগ উঠিছে ।

পৌৰসভাৰ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাক লৈ জালিয়তিৰ অভিযোগ

আনহাতে, বিষয় সন্দৰ্ভত বুধবাৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধী দাহালে এই জালিয়তীৰ সন্দৰ্ভত প্ৰশাসনৰ স্থিতি মুকলি কৰে । তেওঁ কয় যে, মনোনয়নসমূহ পৰীক্ষা কৰাৰ আগত এই অভিযোগসমূহ লাভ কৰা হ’লে এক ব্যৱস্থা গ্ৰহণ কৰিব পৰা গ’ল হয় । কিন্তু মনোনয়ন পৰীক্ষাৰ অন্তত চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ হোৱাৰ পাচত এতিয়া এই অভিযোগক লৈ কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাযাব বুলি উপায়ুক্ত গৰাকীয়ে স্পষ্ট কৰে ।

লগতে পঢ়ক : Majuli by election: সোণোৱালে প্ৰাৰ্থী ভুবন গামৰ হৈ প্ৰচাৰ চলাবলৈ নোযোৱাৰ ৰহস্য কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.