ETV Bharat / state

আইন ভংগ কৰি বহিৰাগতক মাটি দিয়াৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ

author img

By

Published : Feb 23, 2022, 10:39 PM IST

সংবাদমেলত সৰৱ প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্ত । আৰ এছ এছৰ ঘনিষ্ঠ বাবেই গুপ্তা-বেৰিয়া-বাজাজলৈ গুৱাহাটীৰ ৫৮ বিঘা মাটি (Guwahati railway land leasing to corporates) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চূড়ান্ত ফাঁকিৰ আশ্ৰয় লৈছে । ৰাজ্য চৰকাৰৰ আপত্তিবিহীন প্ৰমাণপত্ৰ নাথাকিলে ৰাজ্যৰ মাটি ৰে'লৱেই কোনো গুপ্তা, বেৰিয়া বা বাজাজক ‘লীজ’ত দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে বুলি কয় প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ৷

Guwahati railway land leasing to corporates
আইন ভংগ কৰি বহিৰাগতক মাটি দিয়াৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী: প্ৰচলিত আইনৰ সকলো বিধি-বিধান উলংঘা কৰি ৰে'ল বিভাগৰ দখলত থকা গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ ৫৮ বিঘা মাটি পানীৰ দৰত তিনিজন বহিৰাগত বণিয়াক চমজাই দিয়া ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চূড়ান্ত মিথ্যাচাৰৰ আশ্ৰয় লৈছে (Guwahati railway land leasing to corporates) । এই গুৰুতৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ । বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্তই ভূমিৰ প্ৰসংগকলৈ সৰৱ হৈ পৰে ।

উল্লেখ্য যে, শেহতীয়াকৈ ৰে'ল বিভাগে গুৱাহাটীৰ মাজমজিয়াৰ গুৱাহাটী ক্লাৱ-আমবাৰী হৈ উজানবজাৰলৈ থকা পুৰণি ৰে'লৰ আলি আৰু তাৰ কাষৰ ৰে'ল কৰ্মচাৰীৰ আৱাসগৃহৰ মুঠ ১৮ বিঘা আৰু গুৱাহাটী ৰেল ষ্টেচনৰ সমীপৰ ভাৰতীয় ৰিজার্ভবেংকৰ গাতে লাগি থকা ৪০ বিঘা মাটি ঋষি গুপ্তা, উত্তম বেৰিয়া আৰু অৰুণ বাজাজ নামৰ তিনিজন ব্যৱসায়ীক ৯৯ বছৰৰ বাবে মাত্ৰ ১০০ কোটি টকাৰ লীজ’ত প্ৰদান কৰিছে । যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত বুধবাৰে সংবাদমেলযোগে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছে । প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে এই সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে একো নাজানো বুলি কোৱা কথাক প্ৰত্যাহ্বান জনাই কয় যে, ভূমি ৰাজ্য চৰকাৰৰ কর্তৃত্বৰ বিষয় । তাৰ পিছতো এগৰাকী দায়িত্বশীল মুখ্যমন্ত্ৰীয়ে এই বিষয়ে একো নাজানো বুলি কোৱাটোৱে দুটা দিশ উন্মোচিত কৰিলে । এই বক্তব্যৰ দ্বাৰা মুখ্যমন্তীয়ে নিজৰ ব্যর্থতা মানি লৈছে নাইবা ৰাজ্যবাসীক আকৌ এটা গোকাট মিছা কথাৰে আভুৱা ভাৰিব খুজিছে ।

আইন ভংগ কৰি বহিৰাগতক মাটি দিয়াৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ

মনজিৎ মহন্তই কয় যে, ভূমি অধিগ্ৰহণ আইন, ১৮৯৪ আৰু পঞ্জীয়ন (অসম সংশোধনী) আইন, ২০০৯ অনুসৰি ৰাজ্যৰ ৰাজহ বিভাগ আৰু সংশ্লিষ্টজিলা উপায়ুক্তৰ আপত্তিবিহীন প্ৰমাণপত্ৰ অবিহনে এনেদৰে ভূমি হস্তান্তৰিত কৰিবই নোৱাৰি । ভূমি অধিগ্ৰহণ আইন, ১৮৯৪ আৰু পঞ্জীয়ন (অসম সংশোধনী) আইন, ২০০৯ য়ে এই বিষয়ত স্পষ্ট নিৰ্দেশনা দি থৈছে । তাৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ে একো নাজানো বুলি কোৱাটো চূড়ান্ত হাস্যকৰ বুলি তেওঁ কয় ।

তদুপৰি তেওঁ কয় যে, ৰাজহুৱা স্বাৰ্থত ৰাজ্যৰ মাটি প্ৰয়োজন অনুসৰি ৰে'লৱেৰ দৰে চৰকাৰী প্ৰতিষ্ঠানক ব্যৱহাৰৰ বাবে দিয়া হয় যদিও মাটিৰ গৰাকীস্বত্ত্ব ৰাজ্য চৰকাৰৰহে । ৰাজ্য চৰকাৰৰ আপত্তিবিহীন প্ৰমাণপত্ৰ নাথাকিলে ৰাজ্যৰ মাটি ৰে'লৱেই কোনো গুপ্তা, বেৰিয়া বা বাজাজক ‘লীজ’ত দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে । ইয়াৰ দ্বাৰা অসমৰ মুখ্যমন্ত্ৰীজন যে চূড়ান্ত মিথ্যাচাৰী সেই কথা তেওঁ নিজেই আকৌ প্ৰমাণ কৰি দিলে । মুখপাত্ৰগৰাকীয়ে কয় যে, উক্ত তিনিওজন ব্যৱসায়ী আৰ এছ এছৰ ঘনিষ্ঠ বুলি গুৱাহাটীৰ ব্যৱসায়ী মহলত সুপৰিচিত । সেই সুবাদতে সকলো আইন ভৰিৰে মোহাৰি আৰু চূড়ান্ত মিথ্যাচাৰেৰে বৃহৎ ভূমিখণ্ড তেওঁলোকক উপহাৰ দিয়া হ'ল নেকি বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

ক'ৰণাসৃষ্ট পৰিৱেশে যিসময়ত থলুৱা উদ্যোগীসকলৰ অৱস্থা শোচনীয় কৰি তুলিছে তেনে এটা সময়তে তিনিজন বহিৰাগত বণিয়াৰ হাতত গুৱাহাটীৰ মাজমজিয়াৰ ৫৮ বিঘা মাটি গতাই দিয়াৰ ৰহস্য কি বুলি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰজনে মুখ্যমন্ত্ৰীক উদ্দেশ্যি প্ৰশ্ন কৰে । ৫৮ বিঘা মাটিৰ গোপন খেলাখনৰ সম্পৰ্কত অসম চৰকাৰ, গুৱাহাটী মহানগৰ জিলাৰ উপায়ুক্ত আৰু ৰাজ্যৰ ৰাজহ বিভাগৰ স্থিতি ৰাজহুৱা কৰাৰ তেওঁ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ আদালতৰ চমন জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.