ETV Bharat / city

অ'মিক্ৰণক লৈ শংকিত হোৱাৰ বিপৰীতে সতৰ্ক হোৱাৰ আহ্বান ডাঃ অভিজিৎ শৰ্মাৰ

author img

By

Published : Jan 5, 2022, 9:57 PM IST

অ'মিক্ৰণক লৈ সতৰ্ক হৈ থকাৰ বাবে আহ্বান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ । মেঘালয়ত ধৰা পৰাৰ ৫ জন অ'মিক্ৰণ আক্ৰান্তৰ এজন অসমৰ (Omicron positive in Assam) বুলি জানিব পৰাৰ পিছতে অ'মিক্ৰণ বিৰুদ্ধে গ্ৰহণ কৰিবলগীয়া সাৱধানতাৰ বিষয়ে অৱগত কৰে ডাঃ শৰ্মাই ৷

Omicron positive in Assam
অ'মিক্ৰণক লৈ শংকিত হোৱাৰ বিপৰীতে সতৰ্ক হোৱাৰ আহ্বান

গুৱাহাটী, ৫ জানুৱাৰী : অ'মিক্ৰণক লৈ শংকিত হোৱাৰ বিপৰীতে সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাইছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই । চুবুৰীয়া ৰাজ্য মেঘালয়ত অসমৰ প্ৰথমজন অ'মিক্ৰণ আক্ৰান্ত ৰোগী ধৰা পৰাৰ সন্দৰ্ভত বুধবাৰে তেওঁ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই কয় যে, মেঘালয়ত ৫ জন লোকৰ দেহত অ'মিক্ৰণ ধৰা পৰাৰ খবৰ পোৱা গৈছে । ইয়াৰে 'দাস' উপাধিৰ এজন অসমৰ বুলি জানিব পৰা গৈছে (Omicron positive in Assam)। তেওঁ গুৱাহাটীৰ ওচৰে-পাজৰে আছে বুলি জানিব পৰা গৈছে । বিভাগীয়ভাৱে তেওঁৰ সন্ধান কৰি থকা হৈছে । ব্যক্তিজনৰ সন্ধান পালেই আইছ’লেচনত থকাৰ ব্যৱস্থা কৰা হ'ব । ডাঃ শৰ্মাই লগতে কয় যে, অ’মিক্ৰণৰ বাবে বিশেষ চিন্তাৰ কাৰণ নাই । অ'মিক্ৰণ এটা ভেৰিয়েণ্ট ।

অ'মিক্ৰণক লৈ শংকিত হোৱাৰ বিপৰীতে সতৰ্ক হোৱাৰ আহ্বান

সতৰ্কতা হিচাপে ডাঃ শৰ্মাই কয় যে, সকলোৱে ক'ভিড প্ৰট’কল মানি চলা উচিত । মাস্ক পিন্ধাটো অত্যন্ত প্ৰয়োজনীয় । ভিৰ পৰিহাৰ কৰা উচিত । লগতে অপ্ৰয়োজনত ঘৰত বাহিৰলৈ নোযোৱাই ভাল । অ'মিক্ৰণ নাইবা ডেল্টাই হওক সকলোৱে ভেকচিন লোৱাটো জৰুৰী বুলি কয় ডাঃ অভিজিৎ শৰ্মাই ।

লগতে পঢ়ক: Omicron case in Assam : সোণাপুৰত সন্ধান পোৱা গ'ল মেঘালয়ত চিনাক্ত হোৱা অ'মিক্ৰণ আক্ৰান্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.