ETV Bharat / city

মহানগৰ আৰক্ষী জালত মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা প্ৰৱঞ্চক

author img

By

Published : Mar 27, 2022, 9:52 PM IST

দেওবাৰে মহানগৰ আৰক্ষীয়ে অভিযান চলাই অবৈধ মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান ( Illegal arms licence ) কৰা ৰাজেশ কুমাৰ নামৰ এজন লোকক আটক কৰে ৷ জানিব পৰা মতে, বিভিন্ন লোকক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ জালিয়াতিৰে যোগান ধৰি আহিছিল ৰাজেশ কুমাৰে ৷

police-arrested-a-person-who-issued-an-illegal-arms-licence-in-guwahati
মহানগৰ আৰক্ষী জালত মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা প্ৰৱঞ্চক

গুৱাহাটী,27 মাৰ্চ : গুৱাহাটী মহানগৰীত অপৰাধজনিত ঘটনাৰ বৃদ্ধি পোৱাৰ সময়তে আৰক্ষীৰ জালত পৰিছে অবৈধ মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান ( Illegal arms licence ) কৰা এজন প্ৰৱঞ্চক । আটকাধীন লোকজনৰ নাম ৰাজেশ কুমাৰ নামৰ আৰক্ষীয়ে জানিব দিয়ে (Police arrested a person who issued an illegal arms licence) ৷

মহানগৰ আৰক্ষী জালত মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা প্ৰৱঞ্চক আটক

আৰক্ষীয়ে আটক কৰা ধৃত ৰাজেশ কুমাৰে বিগত 7 বছৰ ধৰি গুৱাহাটী মহানগৰীত বসবাস কৰি আছে জানিব পৰা গৈছে ৷ ইতিমধ্যে গুৱাহাটী আৰক্ষী অপৰাধ শাখাই লালমাটি পৰা আটক কৰা ধৃত ৰাজেশ কুমাৰৰ বিৰুদ্ধে পানবজাৰ থানা (Panbazar Police Station) ত 105/22 নম্বৰত এটা গোচৰ ৰুজু কৰিছে ৷

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, বিভিন্ন লোকক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ জালিয়াতিৰে যোগান ধৰি আহিছিল ৰাজেশ কুমাৰে ৷ এই মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ যোগান ধৰাৰ বিনিময়ত বৃহৎ ধন দাবী কৰে বুলি ৰাজেশ কুমাৰৰ বিৰুদ্ধে এক অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক : শিৱসাগৰত আৰক্ষীৰ গুণ্ডাগিৰি : সুৰাৰ ৰাগীত মাতাল ভাৰপ্ৰাপ্ত বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.