ETV Bharat / city

Road accident in Guwahati : গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন

author img

By

Published : Feb 22, 2022, 10:13 PM IST

মঙলবাৰে দুপৰীয়া গুৱাহাটী মহানগৰীৰ কামাখ্যা গেটত সংঘটিত হয় এটা ভয়ংকৰ পথ। দুৰ্ঘটনাটোত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন দুজন লোক গুৰুতৰ বাবে আহত হোৱা বুলি জানিব পৰা গৈছে (One killed, 2 injured at Guwahati road accident) ৷

one-killed-2-injured-at-guwahati-road-accident
গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনা

গুৱাহাটী, 22 ফেব্ৰুৱাৰী : গুৱাহাটী মহানগৰীৰ কামাখ্যা গেটত মঙলবাৰে দুপৰীয়া সংঘটিত হয় এটা ভয়ংকৰ পথ। দুৰ্ঘটনাটোত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন দুজন লোক গুৰুতৰ বাবে আহত হোৱা বুলি জানিব পৰা গৈছে (One killed two injured at Guwahati road accident) ৷

প্ৰাপ্ত তথ্য অনুসৰি, এ এছ 06 এছ 0101নম্বৰৰ ফৰ্ড এনড্ৰিয়া'ভ (Endeavour) নামৰ এখন বাহনে প্ৰচণ্ড জোৰত এ এছ 01ই ইউ 5201 এখন ৰয়েল এনফিল্ড আৰু এখন এল্ট’ বাহনক মহতীয়াই লৈ যায় ৷ যাৰ ফলত গুৱাহাটী নুনমাটি প্ৰশান্ত চাকচেনা নামৰ লোকজন থিতাতে মৃত্যু হয় ৷ লগতে এই দুৰ্ঘটনাত এল্ট’ বাহনখনৰ তিনি আৰোহী ক্ৰমে জ্যোতিৰ্ময় কুমাৰ দাস, মুনমু তালুকদাৰ, দীপাংকৰ দাস আহত হয় ৷ ইতিমধ্যে, আহত তিনিজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ।

ইফালে দুৰ্ঘটনা সংঘটিত কৰা ফৰ্ড এনড্ৰিয়া'ভ বাহনখনৰ গৰাকীক একাংশ লোকে প্ৰহাৰ কৰিবলৈ লোৱাত উত্তপ্তময় পৰিৱেশৰ সৃষ্টি হয় । ঘটনাস্থলীত কৰ্তব্যৰত যান-বাহন আৰক্ষীয়ে উপস্থিত হৈ বাধা দিয়াত একাংশ উদণ্ডই আৰক্ষীকো প্ৰহাৰ কৰে । ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠী চার্জ কৰিবলৈ বাধ্য হয় আৰক্ষীৰ দলটোৱে ।

লগতে পঢ়ক : বোকাখাতৰ চাঞ্চল্যকৰ গুলীচালনা: অপৰাধীক আটক কৰাত ব্যৰ্থ আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.