ETV Bharat / city

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : May 25, 2022, 7:02 PM IST

news-at-7
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

বিদ্যুৎ উৎপাদনৰ ক্ষেত্রত স্বাৱলম্বী হোৱাৰ দিশে অসম

পুনৰ সক্ৰিয় ৰাজ্যৰ শক্তি বিভাগ । ২০৩০ চনৰ ভিতৰত ৫ হাজাৰ বিদ্যুৎ উৎপাদনৰ লক্ষ্য । এ পি জি চি এলে গ্ৰহণ কৰিছে কেইবাটাও নতুন প্রকল্প (APGCL have taken various new projects) । প্ৰতিদিনে প্রয়োজনীয় ১,৮৭৪ মেগাৱাটৰ বিপৰীতে বৰ্তমান ৰাজ্যৰ নিজাববীয়া উৎপাদন মাত্র ২৩০ মেগাৱাট । পাঁচটা প্ৰকল্প শীঘ্ৰেই সম্পূৰ্ণ হোৱাৰ দিশে ।

আলফা প্ৰসংগত পুনৰ সৰৱ ডিজিপি ভাস্কৰজ্যোতি মহন্ত

‘‘সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত কিছুমান সিদ্ধান্ত আমি হঠাতে লৈ নলওঁ । অভিযোগৰ বাবে পৰীক্ষা-নিৰীক্ষা চলি আছে ৷ অসম পুলিচ বহি থাকিব নোৱাৰে ।’’ এই মন্তব্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ (DGP Bhaskarjyoti Mahanta on ULFA-I) ৷

চাহ বাগিছা অঞ্চলসমূহলৈ উচ্চ শিক্ষাৰ আগমন

অসমৰ বিভিন্ন জনজাতি বা সম্প্ৰদায়ৰ ভিতৰত চাহ বাগিছা অঞ্চলত বাস কৰা লোকসকল শৈক্ষিকভাৱে বহু পিছপৰা (Education system in tea garden area)। বহু বাগিছা অঞ্চলত আজিও এখন বিদ্যালয় নাই । বহুতে শিক্ষাৰ পৰা বঞ্চিত হৈ আছে । সেয়েহে চৰকাৰে সেই অঞ্চলবোৰৰ শৈক্ষিক ব্যৱস্থা উন্নত কৰাত গুৰুত্ব দিছে । আদৰ্শ বিদ্যালয়ৰ পৰা আৰম্ভ কৰি উচ্চ আৰু উচ্চতৰ বিদ্যালয় স্থাপনৰ বাবেও চৰকাৰে নতুন নতুন পৰিকল্পনা কৰিছে ।

শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ

শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ ৷ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেনযুক্ত পথ নিৰ্মাণত হোৱা কেলেংকাৰীৰ অভিযোগ তোলাৰ লগতে ইয়াৰ তদন্ত বিচাৰি তথা অতি শীঘ্ৰেই নিৰ্মাণ কৰাৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

54 বছৰ বয়সত বিয়া পাতিলে এইজন চলচ্চিত্ৰ নিৰ্মাতাই

চিত্ৰ নিৰ্মাতা হংসল মেহতাই এক অনুষ্টুপীয়া অনুষ্ঠানত বিয়া পাতিলে চাফিনা হুছেইনক ৷ চাওক ফটো-

কাঁ মহোৎসৱৰ পৰা হিনাৰ শেহতীয়া লুক, মূৰৰ পৰা ভৰিলৈকে পৰিধান কৰিলে নীলা সাজ

কাঁ চলচ্চিত্ৰ মহোৎসৱত হিনাৰ লুকে প্ৰশংসা বুটলিছে দৰ্শকৰ পৰা ৷ ইটোৰ পিছত সিটো আকৰ্ষণীয় লুকেৰে মতলীয়া কৰিছে অনুৰাগীক অভিনেত্ৰী গৰাকীয়ে ৷ চাওক ফটো-

কাজিৰঙাৰ এনিমেল ক’ৰিডৰত গাড়ীৰ খুন্দাত মৃত্যু নাহৰফুটুকীৰ

কাজিৰঙাৰ এনিমেল ক’ৰিডৰত (Panbari Animal Corridor) উদ্ধাৰ হৈছে এটা নাহৰফুটুকী বাঘ মৃতদেহ (Deadbody of Leopard found in Kaziranga) ৷ একাংশ স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগক ৷ ৰাষ্ট্ৰীয় ঘাইপথটোত দ্ৰুতবেগী বাহনৰ খুন্দাত বাঘটোৰ মৃত্যু হোৱাৰ সন্দেহ ৷

Artificial flood in Guwahati: এজাক বৰষুণতে উটি গ’ল মহানগৰীৰ আভিজাত্য

বুধবাৰে দিনৰ ভাগত অহা এজাক বৰষুণতে মহানগৰীৰ বহুকেইটা ৰাজপথ, উপ-পথত সৃষ্টি হয় কৃত্ৰিম বান(Artificial flood in Guwahati) ৷ বিশেষকৈ মহানগৰীৰ চানমাৰি, জু-ৰোড, গীতানগৰ, হাতীগাঁও, আমবাৰী, লাখটকীয়া, বেলতলা, ৰুক্মিণীগাঁও, ৰাজগড় আদিকে ধৰি বিভিন্ন অঞ্চল কৃত্ৰিম বানত বুৰ যায় ৷

কলঙৰ খহনীয়া ৰোধৰ বাবে চৰকাৰক কৰযোৰে আহ্বান একাংশ ছাত্ৰ-ছাত্ৰীৰ

কলং খননৰ পাছতেই খহনীয়াৰ প্ৰকোপত বিপদ নামিছে কলিয়াবৰ জখলাবন্ধাৰ এখন বিদ্যালয়লৈ (Kolong Erosion at Kaliabor) ৷ বিদ‍্যালয়খনৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ মন্ত্ৰীলৈ কৰযোৰে প্ৰাৰ্থনা শিক্ষাৰ্থীৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীবৃন্দৰ ৷ কলঙৰ খহনীয়াই সপোন ভাঙিব নেকি এখন বিদ‍্যালয়ৰ ছাত্ৰীসকলৰ ? চাওঁ আহক এই বিশেষ প্ৰতিবেদন...

ত্ৰিপুৰা চৰকাৰে কৃষকৰ পৰা কিনিব 2 হাজাৰ মেট্ৰিক টন ধান

ত্ৰিপুৰাৰ কৃষকৰ উপাৰ্জন বৃদ্ধি কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ ৷ চৰকাৰে কৃষকৰ পৰা নিম্নতম সমৰ্থন মূল্যত প্ৰায় 20,000 মেট্ৰিক টন ধান ক্ৰয় কৰিব(Tripura to purchase 2k MT paddy from farmers) ৷ ইয়াৰ বাবদ চৰকাৰখনে ব্যয় কৰিব প্ৰায় ৪৫ কোটি টকা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.