ETV Bharat / city

বিদ্যুৎ উৎপাদনৰ ক্ষেত্রত স্বাৱলম্বী হোৱাৰ দিশে অসম

author img

By

Published : May 25, 2022, 4:56 PM IST

Assam will be self sufficient in power generation
বিদ্যুৎ উৎপাদনৰ ক্ষেত্রত স্বাৱলম্বী হোৱাৰ দিশে অসম

পুনৰ সক্ৰিয় ৰাজ্যৰ শক্তি বিভাগ । ২০৩০ চনৰ ভিতৰত ৫ হাজাৰ বিদ্যুৎ উৎপাদনৰ লক্ষ্য । এ পি জি চি এলে গ্ৰহণ কৰিছে কেইবাটাও নতুন প্রকল্প (APGCL have taken various new projects) । প্ৰতিদিনে প্রয়োজনীয় ১,৮৭৪ মেগাৱাটৰ বিপৰীতে বৰ্তমান ৰাজ্যৰ নিজাববীয়া উৎপাদন মাত্র ২৩০ মেগাৱাট । পাঁচটা প্ৰকল্প শীঘ্ৰেই সম্পূৰ্ণ হোৱাৰ দিশে ।

গুৱাহাটী, ২৫ মে': মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠনৰ পাছতে বিশেষভাৱে চৰ্চালৈ আহিছিল শক্তি বিভাগ । বিদ্যুৎ চুৰি ৰোধ কৰাকে ধৰি অনাদায় মাছুল আদায় কৰি ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধিৰ লক্ষ্যৰে একপ্ৰকাৰে চৰকাৰখন উঠিপৰি লাগিছিল । সেই তৎপৰতাৰ ফলত শক্তি বিভাগৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধিও পাইছিল । কিন্তু পৰৱৰ্তী সময়ত সকলো তৎপৰতা তল পৰিছিল ।

এতিয়া পুনৰ জাগ্ৰত হৈ পৰিছে শক্তি বিভাগ । ঘাটি বিদ্যুতৰে চলি থকা অসমক ২০৩০ চনৰ ভিতৰত বিদ্যুৎ উৎপাদনত স্বাৱলম্বী কৰাৰ বাবে এ পি জি চি এলে কেইবাটাও নতুন প্ৰকল্প নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছে । এ পি জি চি এলে মুঠ ১৪ টা নতুন প্ৰকল্প হাতত লৈছে আৰু ইয়াৰে ৫ টা প্ৰকল্পৰ নিৰ্মাণ কাৰ্য অব্যাহত আছে ।

Assam will be self sufficient in power generation
বিদ্যুৎ উৎপাদনৰ ক্ষেত্রত স্বাৱলম্বী হোৱাৰ দিশে অসম

সংশ্লিষ্ট কৰ্তৃপক্ষৰ শীৰ্ষ মহলে জনোৱা মতে ২০৩০ চনৰ ভিতৰত এ পি জি চি এলে ৰাজ্যখনত ৫ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য লৈছে । সম্প্ৰতি ৰাজ্যখনত নিজাববীয়া বিদ্যুৎ উৎপাদনৰ পৰিমাণ হ’ল মাত্ৰ ২৩০ মেগাৱাট (Now self generated power in Assam is 230 MW)। ৰাজ্যখনত এ পি জি চি এলৰ যিকেইটা বিদ্যুৎ উৎপাদন প্ৰকল্প আছে, সেই প্ৰকল্পকেইটাৰ উৎপাদন ক্ষমতা হ’ল ৪৪৩.৬ মেগাৱাট । কিন্তু ইয়াৰে আধা পৰিমাণৰ বিদ্যুতহে কার্যতঃ উৎপাদন হয় । প্ৰকল্পকেইটাই ক্ষমতা অনুযায়ী কোনোদিনেই সম্পূর্ণ বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হোৱা নাই । যাৰ বাবে বাহিৰৰ উৎসৰ পৰা নিয়মীয়াকৈ বিদ্যুৎ ক্ৰয় কৰি চাহিদা পূৰ কৰি থাকিব লগা হৈছে । সম্প্ৰতি পিক আৱাৰ্ছত প্ৰতিদিনে ৰাজ্যখনত প্ৰয়োজন হয় ১,৮৭৪ মেগাৱাট বিদ্যুৎ ।

Assam will be self sufficient in power generation
বিদ্যুৎ উৎপাদনৰ ক্ষেত্রত স্বাৱলম্বী হোৱাৰ দিশে অসম

আনহাতে সাধাৰণ অৱস্থাত প্ৰয়োজন হয় প্ৰায় ১,২৮৩ মেগাৱাট । প্ৰয়োজন হোৱা এই বিদ্যুৎ বৰ্তমানৰ প্ৰকল্পকেইটাৰ পৰা উৎপাদন কৰা কোনো কাৰণতে সম্ভৱ নহয় । কাৰণ সেই প্ৰকল্পকেইটাৰ উৎপাদন ক্ষমতা মাত্ৰ ৪৪৩.৬ মেগাৱাটত আবদ্ধ । এনে কাৰণত নতুন প্ৰকল্পৰ সংযোগ ঘটাই ২০৩০ চনৰ ভিতৰত মুঠ ৫ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য লৈছে এ পি জি চি এলে ।

নতুনকৈ সংযোগ হ’ব লগা ১৪ টা নতুন প্ৰকল্পৰ পৰা ৪,৬৫২.৫ মেগাৱাট বিদ্যুৎ উৎপাদন হ’ব বুলি এ পি জি চি এলে আশা ব্যক্ত কৰিছে । সম্প্ৰতি যি ৫ টা নতুন প্ৰকল্পৰ নির্মাণকার্য অব্যাহত আছে, সেই প্ৰকল্পকেইটা হ'ল ক্ৰমে ১২০ মেগাৱাট ক্ষমতা সম্পন্ন নামনি কপিলী জলবিদ্যুৎ প্ৰকল্প, ৭০ মেগাৱাট ক্ষমতাসম্পন্ন আমগুৰি সৌৰ প্ৰকল্প, ২৫ মেগাৱাট ক্ষমতা সম্পন্ন নামৰূপ সৌৰ প্ৰকল্প, ২৪ মেগাৱাট ক্ষমতা সম্পন্ন কাৰ্বি লাংপি মধ্যম প্ৰকল্প দুই আৰু ২২.৫ মেগাৱাট ক্ষমতা সম্পন্ন কাৰ্বি লাংপি মধ্যম প্ৰকল্প এক ।

Assam will be self sufficient in power generation
বিদ্যুৎ উৎপাদনৰ ক্ষেত্রত স্বাৱলম্বী হোৱাৰ দিশে অসম

এই প্ৰকল্পকেইটাৰ ভিতৰত নামনি কপিলী জলবিদ্যুৎ প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য ২০২৪ চনত সম্পন্ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে (Lower Kapili Hydro electric power project)। ৭০ মেগাৱাট ক্ষমতাসম্পন্ন আমগুৰি সৌৰ প্ৰকল্পৰ নির্মাণো সম্পন্ন হোৱাৰ দিশত (Amguri solar project)। এই প্ৰকল্পকেইটাৰ নিৰ্মাণকার্য সম্পন্ন হোৱা বা চলি থকাৰ মাজতেই পর্যায়ক্ৰমে আন ৯ টা প্ৰকল্পৰ নিৰ্মাণকাৰ্যও আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । এ পি জি চি এলে ২০৩০ চনৰ ভিতৰত এই প্ৰকল্পকেইটাৰ জৰিয়তে নিৰ্ধাৰিত পৰিমাণৰ বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হ’লে স্বাভাৱিকতে অসম বিদ্যুৎ উৎপাদনত স্বাৱলম্বী হোৱাই নহয়, বিদ্যুৎ ৰাহি কৰিবলৈও সক্ষম হ’ব ।

Assam will be self sufficient in power generation
বিদ্যুৎ উৎপাদনৰ ক্ষেত্রত স্বাৱলম্বী হোৱাৰ দিশে অসম

কিন্তু নিৰ্ধাৰিত ক্ষমতা অনুযায়ী বিদ্যুৎ উৎপাদন কৰিবলৈ এই প্ৰকল্পকেইটা সক্ষম হয় নে নহয় সেয়া উৎপাদনৰ সময়তহে স্পষ্ট হ’ব । কাৰণ বৰ্তমান সক্ৰিয় হৈ থকা নামৰূপ তাপবিদ্যুৎ প্ৰকল্পই (Namrup Thermal project) হওক বা কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই (Karbi Langpi hydro electric project) হওক, কোনো এটা প্ৰকল্পই নিৰ্ধাৰিত ক্ষমতা অনুযায়ী বিদ্যুৎ উৎপাদন কৰি থাকিবলৈ সক্ষম হোৱা নাই । সেয়ে নতুন প্ৰকল্পসমূহৰ নিৰ্মাণ সম্পন্ন হোৱাৰ পাছত উৎপাদন আৰম্ভ হ'লেহে প্ৰকৃত ছবিখন পোহৰলৈ আহিব । অৱশ্যে এই প্ৰকল্প কেইটাৰ যোগেদি অসমৰ বিদ্যুতৰ চাহিদা যে পূৰণ হ'ব সেয়া নিশ্চিত ।

লগতে পঢ়ক: চাহৰ লগত নিমখ নাখাব: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.