ETV Bharat / state

চাহ বাগিছা অঞ্চলসমূহলৈ উচ্চ শিক্ষাৰ আগমন

author img

By

Published : May 25, 2022, 5:09 PM IST

অসমৰ বিভিন্ন জনজাতি বা সম্প্ৰদায়ৰ ভিতৰত চাহ বাগিছা অঞ্চলত বাস কৰা লোকসকল শৈক্ষিকভাৱে বহু পিছপৰা (Education system in tea garden area)। বহু বাগিছা অঞ্চলত আজিও এখন বিদ্যালয় নাই । বহুতে শিক্ষাৰ পৰা বঞ্চিত হৈ আছে । সেয়েহে চৰকাৰে সেই অঞ্চলবোৰৰ শৈক্ষিক ব্যৱস্থা উন্নত কৰাত গুৰুত্ব দিছে । আদৰ্শ বিদ্যালয়ৰ পৰা আৰম্ভ কৰি উচ্চ আৰু উচ্চতৰ বিদ্যালয় স্থাপনৰ বাবেও চৰকাৰে নতুন নতুন পৰিকল্পনা কৰিছে ।

Tea Garden area
চাহ বাগিছা অঞ্চলসমূহলৈ উচ্চ শিক্ষাৰ আগমন

গুৱাহাটী,২৫ মে' : অসম চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীত চাহ জনজাতিৰ স্থান সদায়ে শীৰ্ষত আছে (Tea Tribes has been on the top of agenda of Assam Government)। কিন্তু এই চাহ জনজাতিসকলৰ ব্যক্তিগত জ্ঞান আৰু দক্ষতা বঢ়াবলৈ মৌলিক শিক্ষা অপৰিহাৰ্য । ইয়াৰ পাছতো বেছিভাগ শিশুৱে বিদ্যালয়লৈ নাযায় বা তেওঁলোকে শিক্ষা সম্পূৰ্ণ কৰাৰ পূৰ্বে বিদ্যালয় এৰে (Education system in tea garden area)। চাহ বাগিছা আৰু বাগিছা অঞ্চলসমূহত শৈক্ষিক সা-সুবিধাবোৰ নিম্ন বা প্ৰাথমিক স্তৰতে সীমাবদ্ধ আৰু বেছিভাগ বিদ্যালয়তে শিক্ষাৰ্থী অনুপাতে শিক্ষকৰ অভাৱ ।

সাধাৰণতে, অসমৰ বেছিভাগ চাহ বাগিছাত প্ৰাথমিক স্কুলীয়া শিক্ষাৰ সুবিধা থকা স্বত্বেও সেই অঞ্চলৰ শ্ৰমিকসকল শিক্ষাৰ ক্ষেত্ৰত পিছপৰা । ২০১১ চনৰ লোকপিয়ল অনুসৰি গ্ৰাম্য অঞ্চলত সাক্ষৰতা ৬৯.৩৪ শতাংশ আৰু সাক্ষৰতাৰ ক্ষেত্ৰত ৮৮.৪৭ শতাংশৰে সৈতে অসম হৈছে ভাৰতৰ শৈক্ষিকভাৱে পিছপৰা ৰাজ্যবোৰৰ ভিতৰত অন্যতম (Literacy Rate of Assam)। অসমত বাস কৰা বিভিন্ন সম্প্ৰদায়ৰ ভিতৰত চাহ বাগিছাত বাস কৰা বিভিন্ন সম্প্ৰদায়ৰ লোকসকল শৈক্ষিকভাৱে এতিয়াও পিছ পৰি আছে ।

অসমৰ চাহ বাগিছাত প্ৰাথমিক শিক্ষাৰ বিকাশ অতি দুৰ্বল । ৰাজ্যখনত প্ৰায় ৮০০ খন এনেকুৱা চাহ বাগিছা আছে, য'ত কোনো বিদ্যালয় নাছিল । পূৰ্বে তাত কেৱল প্ৰাথমিক পৰ্যায়লৈকেহে শিক্ষাৰ ব্যৱস্থা আছিল ।

বৰ্তমান অসমৰ চাহ বাগিছা অঞ্চলত উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হৈছে । বাগিছা অঞ্চলত শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ১১৯ খন মডেল হাইস্কুল স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰিছে (Model High school in tea garden areas of Assam)। ইয়াৰ ভিতৰত ৯৭ খন বিদ্যালয় ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু ২০২২-২৩ বৰ্ষৰ বাবে এই বিদ্যালয়সমূহত শৈক্ষিক অধিৱেশন ১০ মে'ৰ পৰা আৰম্ভ হ'ব । তদুপৰি, ৰাজ্য চৰকাৰে চাহ বাগিছা অঞ্চলত আন ৮১ খন আদৰ্শ উচ্চ বিদ্যালয় স্থাপন কৰিব আৰু নতুনকৈ স্থাপিত আদৰ্শ উচ্চ বিদ্যালয়সমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হ'ব ।

মধ্যাহ্ন ভোজনৰ উপৰিও, চৰকাৰে এই বিদ্যালয়বোৰত শিক্ষাৰ্থীসকলক পুৱাৰ আহাৰ প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে । চাহ বাগিছা অঞ্চলৰ মডেল হাইস্কুলত দুই ধৰণৰ শিক্ষক নিযুক্তি দিয়া হয় । যদিও এই বিদ্যালয়সমূহৰ বাবে একাংশ শিক্ষকক বিশেষভাৱে নিয়োগ কৰা হয়, আন একাংশ শিক্ষকক প্ৰাদেশিকীকৃত বিদ্যালয়ৰ পৰা এই বিদ্যালয়বোৰলৈ বদলি কৰা হয় আৰু নিযুক্তি দিয়া হয় ।

যিহেতু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা বহুতো টেট শিক্ষকে প্ৰাথমিক আৰু এম.ই বিদ্যালয়ত কাম কৰি আছে সেয়ে চৰকাৰে তেওঁলোকক চাহ বাগিছা অঞ্চলত আদৰ্শ উচ্চ বিদ্যালয়ত যোগদান কৰাৰ সুযোগ দিয়াৰো পৰিকল্পনা কৰিছে ।

ৰাজ্যখনৰ চাহ বাগিছা অঞ্চলৰ যুৱক-যুৱতীসকলক শক্তিশালী কৰাৰ বাবে অসম চৰকাৰে ২০২২-২৩ চনৰ বাজেটত ঘোষণা কৰিছে যে চাহ বাগিছা অঞ্চলৰ ৪০০ তকৈও অধিক বিদ্যালয় ৰাজ্যখনৰ শিক্ষা বিভাগৰ অধীনলৈ অনা হ'ব । মিছন জিৰো ড্ৰপ আউটৰ অধীনত, ৰাজ্য চৰকাৰে চাহ জনজাতিৰ মাজত দুৰ্বল কন্যা শিশুৰ চিনাক্তকৰণ আৰু মেপিং আৰম্ভ কৰিব । আনহাতে স্নাতক পৰ্যায়লৈকে শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া পাঠ্যপুথি প্ৰদানৰো চৰকাৰে ঘোষণা কৰিছে ।

ইফালে ৰাজ্য চৰকাৰে ৮০০ চাহ বাগিছাত চাহ জনজাতিৰ যুৱক-যুৱতীসকলক বিভিন্ন ক্ষেত্ৰত দক্ষতা প্ৰদান কৰাৰ বাবেও কাম কৰিব । লগতে, ২০২২-২৩ চনৰ ভিতৰত জল জীৱন মিছনৰ অধীনত ২.৯ লাখ পৰিয়ালক সামৰি লোৱাৰ কথাও চৰকাৰে ঘোষণা কৰিছে ।

লগতে পঢ়ক :Small tea growers in trouble: জলবায়ু পৰিৱৰ্তন আৰু মূল্যবৃদ্ধিয়ে চিন্তাত পেলাইছে ক্ষুদ্ৰ চাহ খেতিয়কক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.