Small tea growers in trouble: জলবায়ু পৰিৱৰ্তন আৰু মূল্যবৃদ্ধিয়ে চিন্তাত পেলাইছে ক্ষুদ্ৰ চাহ খেতিয়কক

By

Published : May 25, 2022, 11:27 AM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

অস্বাভাৱিক জলবায়ু পৰিৱৰ্তনে ৰাজ্যত বানপানী, ভূমিস্খলনৰ দৰে দুৰ্যোগে দেখা দিছে । ইয়াৰ সমান্তৰালকৈ মূল্যবৃদ্ধিয়েও ৰাজ্যবাসীক জুৰুলা কৰিছে (Price hike in Assam)। এনে সময়তে বিপদত পৰিছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল (Small tea growers in trouble)। জলবায়ু পৰিৱৰ্তনৰ ফলত কেঁচা চাহ পাতৰ উৎপাদন কমি অহাৰ (Production of tea leaf decreased in Assam) ফলত শংকিত হৈ পৰিছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল । কেঁচা পাতৰ উৎপাদন হ্ৰাস পোৱাৰ লগতে সাৰ আৰু কীটনাশক দ্ৰব্যৰ অত্যাধিক মূল্যবৃদ্ধিয়ে অনাগত দিনলৈ চাহ উদ্যোগটোলৈ অশুভ সংকেত কঢ়িয়াই অনাৰ আশংকা কৰিছে কৃষকসকলে । ৰাজ্যৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা এইসকল ক্ষুদ্ৰ চাহ খেতিয়কৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনে শীঘ্ৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত চাহ উদ্যোগটো যে ধ্বংসৰ মুখে আগবাঢ়িব সেয়া বৰ্তমানৰ পৰিৱেশৰ পৰা অনুমান কৰিব পাৰি ।

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.