ETV Bharat / city

কলঙৰ খহনীয়া ৰোধৰ বাবে চৰকাৰক কৰযোৰে আহ্বান একাংশ ছাত্ৰ-ছাত্ৰীৰ

author img

By

Published : May 25, 2022, 4:40 PM IST

কলং খননৰ পাছতেই খহনীয়াৰ প্ৰকোপত বিপদ নামিছে কলিয়াবৰ জখলাবন্ধাৰ এখন বিদ্যালয়লৈ (Kolong Erosion at Kaliabor) ৷ বিদ‍্যালয়খনৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ মন্ত্ৰীলৈ কৰযোৰে প্ৰাৰ্থনা শিক্ষাৰ্থীৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীবৃন্দৰ ৷ কলঙৰ খহনীয়াই সপোন ভাঙিব নেকি এখন বিদ‍্যালয়ৰ ছাত্ৰীসকলৰ ? চাওঁ আহক এই বিশেষ প্ৰতিবেদন...

kolong-erosion-at-kaliabor-in-nagaon
মৃত কলং নৈৰ খহনীয়া ৰোধৰ বাবে আহ্বান এখন বিদ্যালয়ৰ

কলিয়াবৰ, 25 মে’: বানৰ কৱলত অসমৰ কেইবাখনো জিলা (Flood in Assam)। গৃহহীন হাজাৰ হাজাৰ পৰিয়াল । ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যখনৰ নদী, উপ-নদীসমূহে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বানৰ লগতে এতিয়া ৰাজ্যত ভয়াৱহ হৈ পৰিছে খহনীয়া সমস্যাও ৷ বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়িয়েই আছে কলং নৈ, কপিলী, নিশাৰীকে ধৰি বিভিন্ন নৈৰ জলস্তৰ ।

কলং নৈৰ জলস্তৰ বাঢ়ি অহাৰ ফলত নগাঁও জিলাৰো বহু প্ৰান্তত হোৱা বছৰটোৰ প্ৰথমটো বানে ধাৰণ কৰিছে কালৰূপ (Flood in Nagaon)। সমান্তৰালভাৱে মৃত কলং নৈৰ খহনীয়াই বিপদ নমাই আনিছে কলিয়াবৰ জখলাবন্ধাৰ এখন বিদ্যালয়লৈ (Kolong Erosion at Kaliabor) ৷

মৃত কলং নৈৰ খহনীয়া ৰোধৰ বাবে আহ্বান এখন বিদ্যালয়ৰ

অস্তিত্বৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে কলিয়াবৰৰ শ্ৰীশ্ৰীৰমানন্দ দেৱ মধ্য ইংৰাজী বিদ্যালয়লৈ ৷ ইতিমধ্যে 2017 বৰ্ষৰ আগষ্ট মাহৰ বানপানীয়ে বিধ্বস্ত কৰি পেলাইছিল শ্ৰীশ্ৰীৰমানন্দ দেৱ মধ্য ইংৰাজী বিদ্যালয়খনক ৷ সেয়ে সম্প্ৰতি বাঢ়ি অহা কলঙৰ খহনীয়াত ভীতিগ্ৰস্ত হৈ পৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকল ।

ইফালে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, কলং পুনৰুজ্জ্বীৱিতকৰণ আঁচনিৰ অধীনত খননৰ নামত কলঙৰ পাৰত থকা কেইবাডালো গছ কাটি পেলোৱাৰ বাবেই দিনক দিনে বৃদ্ধি পাইছে খহনীয়াৰ প্ৰকোপ । এই সন্দৰ্ভত জলসম্পদ বিভাগক আবেদন-নিবেদন কৰিও আজিপৰ্যন্ত নাপালে সুফল । তথাপিও চৰকাৰৰ ওপৰতে শেষ ভৰষা কৰি ছাত্ৰ-ছাত্ৰীসকলে খহনীয়াৰ পৰা বিদ্যালয়খন ৰক্ষা কৰিবলৈ চৰকাৰক আহ্বান জনায় ।

লগতে পঢ়ক : Artificial flood in Guwahati: এজাক বৰষুণতে উটি গ’ল মহানগৰীৰ আভিজাত্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.