ETV Bharat / state

Artificial flood in Guwahati: এজাক বৰষুণতে উটি গ’ল মহানগৰীৰ আভিজাত্য

author img

By

Published : May 25, 2022, 1:44 PM IST

বুধবাৰে দিনৰ ভাগত অহা এজাক বৰষুণতে মহানগৰীৰ বহুকেইটা ৰাজপথ, উপ-পথত সৃষ্টি হয় কৃত্ৰিম বান(Artificial flood in Guwahati) ৷ বিশেষকৈ মহানগৰীৰ চানমাৰি, জু-ৰোড, গীতানগৰ, হাতীগাঁও, আমবাৰী, লাখটকীয়া, বেলতলা, ৰুক্মিণীগাঁও, ৰাজগড় আদিকে ধৰি বিভিন্ন অঞ্চল কৃত্ৰিম বানত বুৰ যায় ৷

various-parts-of-guwahati-city-now-under-artificial-flood
মহানগৰীত কৃত্ৰিম বান

গুৱাহাটী, ২৫ মে’ : পুনৰ মহানগৰীত কৃত্ৰিম বান ৷ এজাক বৰষুণতে উটি গ’ল মহানগৰী গুৱাহাটীৰ আভিজাত্য(Guwahati city now under artificial flood) ৷ কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰিল মহানাগৰিকৰ জনজীৱন ৷ বুধবাৰে দিনৰ ভাগত অহা এজাক বৰষুণতে মহানগৰীৰ বহুকেইটা ৰাজপথ, উপ-পথত সৃষ্টি হয় কৃত্ৰিম বান ৷ বিশেষকৈ মহানগৰীৰ চানমাৰি, জু-ৰোড, গীতানগৰ, হাতীগাঁও, আমবাৰী, লাখটকীয়া, বেলতলা, ৰুক্মিণীগাঁও, ৰাজগড় আদিকে ধৰি বিভিন্ন অঞ্চল কৃত্ৰিম বানত বুৰ যায় ৷

বৰষুণজাকত সৃষ্টি হোৱা কৃত্ৰিম বানে(Artificial flood in Guwahati) বাৰুকৈয়ে জলা-কলা খুৱাইছে জনসাধাৰণক ৷ নিজৰ নিজৰ কৰ্মস্থলীলৈ কৰ্মচাৰী যোৱাত সমস্যাৰ সন্মুখীন হৈছে ৷ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে মহানগৰীৰ কেইবাটাও স্থানত ৷ কোনো কোনো অঞ্চলত একঁকাল পৰ্যন্ত পানী জমা হোৱাও পৰিলক্ষিত হৈছে ৷ তদুপৰি কৃত্ৰিম বানত নলা-নৰ্দমাৰ জাৱৰ পথলৈ উটি আহি কদৰ্যময় কৰিছে বাট-পথ ৷

মহানগৰীত কৃত্ৰিম বান

বছৰ বছৰ ধৰি এই সমস্যাত ভূগি আহিছে মহানগৰবাসী ৷ চৰকাৰ আহে, চৰকাৰ যায়- কিন্তু মহানগৰবাসীৰ কৃত্ৰিম বানৰ সমস্যাহে সমাধান নহয় ৷ প্ৰতিবাৰে নিৰ্বাচনৰ পূৰ্বে মহানগৰবাসীক কৃত্ৰিম বানৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে জন প্ৰতিনিধিয়ে ৷ কিন্তু নিৰ্বাচনৰ পিছত তেওঁলোকে পাহৰি যায় ৷

আনহাতে, জিএমচি(GMC) কৰ্তৃপক্ষৰ কথা আৰু কামৰ মাজত থকা বৃহৎ ব্যৱধানৰ বাবে এইদৰে এজাক বৰষুণতে দুৰ্ভোগ ভূগিবলগীয়া হৈছে মহানগৰবাসীয়ে ৷ দেশৰ ৫ খন শ্ৰেষ্ঠ মহানগৰৰ ভিতৰত গুৱাহাটীক অন্তৰ্ভুক্ত কৰাৰ কথা চৰকাৰে সময়ে সময়ে কৈ আহিছে ৷ কিন্তু বাস্তৱত এজাক বৰষুণে প্ৰমাণ কৰে গুৱাহাটীৰ প্ৰকৃত উন্নয়নৰ ছবিখন ৷

গুৱাহাটী মহানগৰীক বান মুক্ত কৰাৰ উদ্দেশ্যক আগত ৰাখি নলাসমূহ বিজ্ঞানসন্মতভাৱে নিষ্কাষণ কৰাৰ বাবে ১০ টা চুপাৰ চাকাৰ মেছিন গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ জৰিয়তে প্ৰায় ২৫ কোটি টকা ব্যয়সাপেক্ষে ক্ৰয় কৰি অনা হৈছিল যদিও সেইসমূহ সঠিকভাৱে ব্যৱহাৰ নোহোৱাত এজাক বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টি হৈ আহিছে মহানগৰীত ৷

লগতে চাওক: শিৱসাগৰত বৰ্হি মূল্যায়কৰ ৰূপত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.