শিৱসাগৰত বৰ্হি মূল্যায়কৰ ৰূপত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান

By

Published : May 25, 2022, 1:05 PM IST

thumbnail

ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ ভিতৰত এখন জাকতজিলিকা বিদ্যালয় হৈছে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়(Sivasagar Govt HS & MP School) ৷ য’ৰ পৰা উত্তীৰ্ণ 14 গৰাকীকৈ ছাত্ৰই অসম সাহিত্য সভাৰ দৰে এটা আগশাৰীৰ অনুষ্ঠানৰ সভাপতিৰ পদ অলংকৃত কৰিছিল ৷ বুধবাৰে এইখন বিদ্যালয়তে উপস্থিত হয় বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত(Bhaskarjyoti Mahanta visits Sivasagar Govt HS & MP School) ৷ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া হিচাপে নহয়, বৰং বিদ্যালয়খনত চলি থকা গুণোৎসৱৰ বৰ্হি মূল্যায়ক ৰূপেহে মহন্তই বিদ্যালয়খনত উপস্থিত হয় ৷ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ উপস্থিতিৰ লগে লগে বিদ্যালয়খনত সৃষ্টি হয় উছৱমুখৰ পৰিৱেশ ৷ উল্লেখ্য যে, 1841 চনত প্ৰতিষ্ঠা কৰা হৈছিল বিদ্যালয়খন ৷ গুণোৎসৱৰ তৃতীয়টো দিনত শিৱসাগৰ(Gunotsav 2022 in sivasagar)লৈ শিক্ষকৰ ৰূপত অহা(Bhaskarjyoti Mahanta as supervisor during gunotsav 2022) ডিজিপিগৰাকীয়ে বিদ্যালয়খনক লৈ সন্তুষ্টি প্ৰকাশ কৰে ৷ তদুপৰি গুণগত মান নিৰূপণৰ বাবে ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগে গুণোৎসৱৰ দৰে লোৱা পদক্ষেপৰ শলাগ লয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.