ETV Bharat / city

শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ

author img

By

Published : May 25, 2022, 5:30 PM IST

শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ ৷ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেনযুক্ত পথ নিৰ্মাণত হোৱা কেলেংকাৰীৰ অভিযোগ তোলাৰ লগতে ইয়াৰ তদন্ত বিচাৰি তথা অতি শীঘ্ৰেই নিৰ্মাণ কৰাৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

asom-songrami-mancha-protest-at-sivsagar
শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ

শিৱসাগৰ, 25 মে': শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ । জাঁজীৰ পৰা ডিমৌলৈকে ৪৪ কিলোমিটাৰ পথ নিৰ্মাণ হৈ নুঠাক লৈ যৌথ সংগ্ৰামী মঞ্চই সাব্যস্ত কৰে এই প্ৰতিবাদ (Protest against bad road condition in Sivsagar)। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ NHIDCL বিভাগে এই পথচোৱা নিৰ্মাণৰ নামত কৰি অহা গাফিলতিৰ বাবে বিগত পাঁচটা বছৰে চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণ (Four lane construction in Sivsagar) নোহোৱাকৈ পৰি ৰোৱাৰ অভিযোগ উত্থাপন কৰে যৌথ সংগ্ৰামী মঞ্চই ।

বুধবাৰে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি যৌথ সংগ্ৰামী মঞ্চই এনে অনিয়মৰ তদন্ত দাবী কৰে ৷ লগতে অনতিপলমে পথ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ দাবী উত্থাপন কৰে ।

শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ

উল্লেখযোগ্য যে, গেনন ডাংকাৰলী নামৰ এক প্ৰতিষ্ঠানে পাঁচ বছৰৰ পূৰ্বে এই পথচোৱা নিৰ্মাণৰ বাবে ৯০০ কোটি টকাৰ ঠিকা লৈছিল । কিন্তু উক্ত প্ৰতিষ্ঠানে ভি এছ ডি ইনফ্ৰাকন নামৰ এক প্ৰতিষ্ঠানক উক্ত কামৰ উপ-ঠিকা প্ৰদান কৰে । তেতিয়াৰ পৰা আজি পৰ্যন্ত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত এক বৃহৎ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কৰিছে সংগঠনটোৱে ৷ তাৰোপৰি ঘাইপথৰ নামত এক জৰাজীৰ্ণ পথত ৰাইজে যাতায়ত কৰিব লগা হৈছে বুলিও তেওঁলোকে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : শিলসাঁকোৰ উচ্ছেদেই হওক খিলঞ্জীয়াৰ ওপৰত শেষ উচ্ছেদ: দ্বীপেন বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.