ETV Bharat / city

1 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : Nov 19, 2021, 1:03 PM IST

1 বজাৰ শীৰ্ষ 10টা বাতৰি

news-at-1top10
1 বজাৰ শীৰ্ষ 10টা বাতৰি

Farm Law Repealed : অথলে নগ’ল দেশৰ কৃষকৰ বিদ্ৰোহ; নতজানু মোডী চৰকাৰ

শুকুৰবাৰে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিতৰ্কিত কৃষি আইন বাতিলৰ ঘোষণা কৰে । প্ৰধানমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে আনন্দ উল্লাহ সমগ্ৰ দেশতে ।

Repeal of farm laws : দেশৰ অন্নদাতাৰ ওচৰত সেও মানিবলৈ বাধ্য হ'ল কেন্দ্ৰীয় চৰকাৰ

দেশৰ কৃষকৰ এবছৰীয়া প্ৰতিবাদৰ অন্তত অৱশেষত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে ৷ তিনিওখন কৃষি আইন বাতিলৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ ৷

Happy Birthday Sushmita Sen : প্ৰেমিক ৰোহমানে শ্বেয়াৰ কৰিলে বিশেষ বাৰ্তা

পূৰ্বৰ ‘মিছ ইউনিভাৰ্চ’ তথা অভিনেত্ৰী সুস্মিতা সেনৰ জন্মদিন উপলক্ষে প্ৰেমিক ৰোহমানে শ্বেয়াৰ কৰিছে এটি বিশেষ বাৰ্তা ৷ দুয়োৰে এখন পুৰণি ছবি ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰিছে ৰোহমানে ৷


Illegal Pet Shop : আগৰতলাত ১২ খন বিপনী বন্ধৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ অবিহনে চলি আছে বহু পশু-পক্ষীৰ বিপনী । যাৰ বাবে এই ক্ষেত্ৰত কঠোৰ হৈছে ত্ৰিপুৰা উচ্চ ন্যায়ালয় । অতি শীঘ্ৰে এনে বিপনী বন্ধৰ কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছে আদালতে ।


Bihar's shameful incident : আদালতৰ ভিতৰতে ন্যায়াধীশক আক্ৰমণ আৰক্ষীৰ

ঝাঞ্জাৰপুৰৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ অবিনাশ কুমাৰক আক্ৰমণ কৰে দুজন আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানক তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ ।


Nimatighat ত পুনৰ ব্ৰহ্মপুত্ৰত পৰিল মহিলা

8 ছেপ্তেম্বৰত নিমাতীঘাটৰ শোকাৱহ দুৰ্ঘটনাত তিনিজনকৈ যাত্ৰীয়ে প্ৰাণ হেৰুৱাৰ পিছত ঘাটটোত ৰাস পূৰ্ণিমাৰ নিশা পুনৰ সংঘটিত হয় দুৰ্ঘটনা ৷ ভৰা ব্ৰহ্মপুত্ৰৰ পানীত পৰিল এগৰাকী মহিলা ৷ দুৰ্ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷


গুৰু নানক দেৱ ন্যায়-আধ্যাত্মিকতা-সহানুভূতিৰ প্ৰতীক : Amit Shah

আজি গুৰু নানক দেৱ(Guru Nanak Dev)ৰ ৫৫২ সংখ্যক প্ৰকাশ পৰ্ব । পৱিত্ৰ প্ৰকাশ পৰ্ব উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে(Amit Shah) । তেওঁ কয় যে, গুৰু নানক দেৱ ন্যায়ৰ প্ৰতীক ।


"Longest lunar eclipse of the century" ৰ সাক্ষী হ’ব সমগ্ৰ বিশ্ব

সুদীৰ্ঘ প্ৰায় 6 টা শতিকাৰ পিছত এক 3 ঘণ্টা 28 মিনিট 23 ছেকেণ্ডৰ দীঘলীয়া এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী ।

Congress protest : স্বাধীনতা সংগ্ৰামৰ প্ৰতি বিজেপিৰ শ্ৰদ্ধা নাই; ক’লে আব্দুল খালেকে

মূল্যবৃদ্ধিয়ে কোঙা কৰিছে দেশ ৷ কাণসাৰ নকৰা চৰকাৰী নেতৃবৃন্দক সকিয়নী বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম আহমেদৰ ৷


অসমৰ সাৰ্বভৌমত্বৰে আপোচ নকৰাৰ হুংকাৰ আলফা(স্বা)ৰ সেনাধ্যক্ষৰ

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আলফাৰ সাৰ্বভৌমত্বৰ দাবী আৰু ভাৰতৰ সংবিধানৰ গণ্ডীৰ মাজত সঠিক ভাৰসাম্য বজাই ৰাখি আলফা(স্বা)ৰ সৈতে শান্তি আলোচনা আগবঢ়াই নিব লাগিব বুলি মন্তব্য কৰিছিল ৷ মুখ্যমন্ত্ৰী এই মন্তব্যৰ পাছতেই স্থিতি স্পষ্ট কৰি দিয়ে আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.