ETV Bharat / bharat

Illegal Pet Shop : আগৰতলাত ১২ খন বিপনী বন্ধৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

author img

By

Published : Nov 19, 2021, 12:31 PM IST

পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ অবিহনে চলি আছে বহু পশু-পক্ষীৰ বিপনী । যাৰ বাবে এই ক্ষেত্ৰত কঠোৰ হৈছে ত্ৰিপুৰা উচ্চ ন্যায়ালয় । অতি শীঘ্ৰে এনে বিপনী বন্ধৰ কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছে আদালতে ।

High court
আগৰতলাত ১২ খন বিপনী বন্ধৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

আগৰতলা,১৯ নৱেম্বৰ : ত্ৰিপুৰাৰ বিভিন্ন স্থানত গঢ়ি উঠিছে অবৈধ পোহনীয়া পশুৰ বিপনী (Pet Shop)। যাৰ বাবে এখন আবেদনৰ ভিত্তিত আদালতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । ৰাজ্যিক পশু কল্যাণ পৰিষদ (State Animal Welfare Board) আৰু আগৰতলা পৌৰ নিগমক (Agartala Municipal Corporation) অতিশীঘ্ৰে এই বিপনীসমূহ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে ।

ৰাজ্যিক পশু কল্যাণ পৰিষদৰ পৰা পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ অবিহনে আগৰতলা চহৰত চলি থকা প্ৰায় ১২ খন এনে বিপনী তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ নিৰ্দেশ দিছে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে (Tripura High court) । মুখ্য ন্যায়াধীশ ইন্দ্ৰজিৎ মহন্তী আৰু ন্যায়াধীশ এছ জি চট্টোপাধ্যায়ৰ বিচাৰপীঠে দুসপ্তাহৰ ভিতৰত এই সন্দৰ্ভত এক প্ৰতিবেদন বা আদেশৰ বাবেও নিৰ্দেশ দিছে ।

আদালতে ২০১৫ চনতে পশুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ কৰা আৰু ৰাজধানী ত্ৰিপুৰা, আগৰতলাত কিছুমান পথভ্ৰষ্ট জন্তু আৰু পোহনীয়া জন্তুক অস্বাস্থ্যকৰ পৰিৱেশত বিক্ৰী কৰা সন্দৰ্ভত ৰাজহুৱা স্বাৰ্থ জনিত এক আবেদন লাভ কৰিছিল । সেই আবেদনৰ শুনানি গ্ৰহণ কৰিয়ে আদালতে দিছে এই নিৰ্দেশনা ।

২০২১ চনৰ ১৫ মাৰ্চত গোচৰটোৰ অন্তিম শুনানিত কোৱা মতে আগৰতলা চহৰত প্ৰায় ৯ খন পোহনীয়া পশুৰ দোকান আছে আৰু তথ্য অনুসৰি, এই দোকানবোৰৰ কোনো মালিকৰে পশুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ (PetShop) নিয়ম ২০১৮ৰ অধীনত পঞ্জীয়ন নাই । এই পোহনীয়া জন্তুৰ দোকানবোৰত থকা জন্তুবোৰৰ অৱস্থা অতি শোচনীয় ।

পোহনীয়া পশুৰ দোকানবোৰে কুকুৰ, মেকুৰী আৰু চৰাইবোৰক সৰু পিঞ্জৰাত ৰাখে । তেওঁলোকক সঠিক লালন-পালন, সূৰ্যৰ পোহৰ নপৰা অস্বাস্থ্যকৰ পৰিৱেশত ৰখা হয় আৰু সৰু পিঞ্জৰাত বন্দী কৰি ৰখা হয় । পশু সম্পদ উন্নয়ন বিভাগে ইয়াৰ উপ সচিবৰ জৰিয়তে জাৰী কৰা নিৰ্দেশনা অনুসৰি এক শপতনামাত এই কথা উল্লেখ কৰা হৈছিল ।

শুনানিৰ সময়ত স্পষ্ট হৈ পৰিছে যে আগৰতলা চহৰত পঞ্জীয়ন অবিহনে প্ৰায় ১২ খন পোহনীয়া পশুৰ দোকান চলি আছে । সকলো দোকানৰ মালিককে ৰাজ্যিক পশু কল্যাণ পৰিষদৰ পৰা অনুজ্ঞাপত্ৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল । এই তথ্য পোহৰলৈ অহাৰ পাছতে ন্যায়ালয়ে নিৰ্দেশ দিছে যে সকলো বিপনীয়ে আইন অনুসৰি চলিব লাগিব আৰু অনুজ্ঞাপত্ৰ (license) অবিহনে চলি থকা দোকানবোৰ অতি শীঘ্ৰে বন্ধ কৰিব লাগিব ।

অবৈধভাৱে চলি থকা বিপনীবোৰ বন্ধ কৰাৰ লগতে প্ৰয়োজন সাপেক্ষ্যে তেওঁলোকক অনুজ্ঞাপত্ৰ প্ৰদানৰো নিৰ্দেশ দিয়ে আদালতে । এই ক্ষেত্ৰত অহা ১৫ দিনৰ ভিতৰত ৰাজ্যিক পশু কল্যাণ পৰিষদ আৰু আগৰতলা পৌৰ নিগমক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে । আদালতে লগতে উল্লেখ কৰিছে যে বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ (Wildlife Protection Act, 1972)উলংঘা কৰি বন্য জন্তু আৰু চৰাইৰ বিক্ৰী হোৱা দেখা গৈছে ।

সেই অনুসৰি, বন্যপ্ৰাণী (সুৰক্ষা) আইনৰ অধীনত কৰ্তৃপক্ষক এনে সকলো দোকান বন্ধ কৰাৰ একে ধৰণৰ পদক্ষেপ ল'বলৈ নিৰ্দেশ দিছে আদালতে । সমগ্ৰ ত্ৰিপুৰা ৰাজ্যতে একে ধৰণৰ পদক্ষেপ লোৱা হ'ব বুলিও আদালতে উল্লেখ কৰে । ন্যায়ালয়ে বিষয়টোৰ পৰৱৰ্তী শুনানি ৭ ডিচেম্বৰত গ্ৰহণ কৰিব ।

লগতে পঢ়ক :Tripura Police ৰ বিৰুদ্ধে পক্ষপাতৰ অভিযোগ সুস্মিতা দেৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.