ETV Bharat / bharat

Tripura Police ৰ বিৰুদ্ধে পক্ষপাতৰ অভিযোগ সুস্মিতা দেৱৰ

author img

By

Published : Nov 18, 2021, 10:45 PM IST

tripura-police-are-acting-under-political-pressure-and-are-biased-sushmita
Tripura Police ৰ বিৰুদ্ধে পক্ষপাতৰ অভিযোগ সুস্মিতা দেৱৰ

ত্ৰিপুৰাৰ আৰক্ষীৰ বিৰুদ্ধে পক্ষপাতৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ ৷ তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলৰ ওপৰত আক্ৰমণ হোৱাৰ সময়ত আৰক্ষীয়ে এজেহাৰ দাখিবলৈ কৰিবলৈ অমান্য হোৱাৰ কথা কৈ এই অভিযোগ আনিছে সুস্মিতাই ৷

আগৰতলা, 18 নবেম্বৰ : তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে(Sushmita Dev) বৃহস্পতিবাৰে সন্ধিয়া ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধান ভি এছ যাদৱলৈ এখন পত্ৰ লিখে ৷ তেওঁ কয় যে, ত্ৰিপুৰা আৰক্ষীয়ে ৰাজনৈতিক চাপত কাম কৰি আছে আৰু আৰক্ষী পক্ষপাতত লিপ্ত হোৱাটো স্পষ্ট হৈ পৰিছে । টিএমচিৰ সাংসদ সুস্মিতাৰ এইপত্ৰখন তেওঁলোকৰ দলৰ কৰ্মীসকলে আক্ৰমণৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপিত হোৱাৰ পিছতে পোহৰলৈ আহে ৷

অভিযোগ অনুসৰি, আৰক্ষীয়ে ত্ৰিপুৰাৰ খোৱাই জিলাৰ তেলিয়ামুৰা উপ-সংমণ্ডলত বুধবাৰে নিশা সংঘটিত হোৱা এটা আক্ৰমণৰ ঘটনাৰ ওপৰত এজাহাৰ দাখিল কৰিবলৈ অস্বীকাৰ কৰিছিল ৷" আপোনাৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো যে, ত্ৰিপুৰাত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ (AITC) কৰ্মীসকলৰ বিৰুদ্ধে হিংসা অবিৰতভাৱে চলি আছে । এইটো মোৰ বাবে স্পষ্ট যে ত্ৰিপুৰাত আইন প্ৰৱৰ্তন কাৰী সকল বিফল হৈছে ", দেৱে তেওঁৰ পত্ৰত লিখিছিল ।

  • Violence against our @AITCofficial workers continue unabated in Tripura.
    My letter to DG @Tripura_Police to act on our complaints & STOP HARASSING OUR WORKERS.

    BJP sent thousands of workers in the 2018 assembly elections in Tripura. That’s time no had issues. pic.twitter.com/sm5xPc3j48

    — Sushmita Dev সুস্মিতা দেব (@SushmitaDevAITC) November 18, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ কয় যে, বুধবাৰে নিশা তেলিয়ামুৰাত টিএমচি(TMC) দলৰ কৰ্মী অনিৰ্বাণ সৰকাৰ আৰু জৱাহৰ দাসৰ লগতে আন বহু সদস্যক সন্ধিয়া আক্ৰমণ কৰা হৈছিল ৷ তেওঁলোক গুৰুতৰভাৱে আহত হৈছিল । "এনেকুৱা লাগিছে যে আৰক্ষীয়ে যোৱা নিশা আমাৰ দলৰ হৈ এজাহাৰ দাখিল কৰিবলৈ অস্বীকাৰ কৰিছিল ।

ইয়াৰ পৰিৱৰ্তে, স্থানীয় আৰক্ষীয়ে আমাৰ কৰ্মীসকলৰ বিৰুদ্ধে অতি খৰখেদাকৈ জামিন অযোগ্য ধাৰাৰ অধীনত এজাহাৰ দাখিল কৰিছে আৰু গ্ৰেপ্তাৰ কৰিছে । আমি কেইবাখনো এজাহাৰ দাখিল কৰিছো আৰু আমাৰ কৰ্মীসকল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা স্বত্বেও কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই ।

লগতে পঢ়ক : অসমৰ সাৰ্বভৌমত্বৰে আপোচ নকৰাৰ হুংকাৰ আলফা(স্বা)ৰ সেনাধ্যক্ষৰ সেনাধ্যক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.