ETV Bharat / city

অসমৰ সাৰ্বভৌমত্বৰে আপোচ নকৰাৰ হুংকাৰ আলফা(স্বা)ৰ সেনাধ্যক্ষৰ

author img

By

Published : Nov 18, 2021, 8:50 PM IST

Updated : Nov 19, 2021, 11:00 AM IST

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আলফাৰ সাৰ্বভৌমত্বৰ দাবী আৰু ভাৰতৰ সংবিধানৰ গণ্ডীৰ মাজত সঠিক ভাৰসাম্য বজাই ৰাখি আলফা(স্বা)ৰ সৈতে শান্তি আলোচনা আগবঢ়াই নিব লাগিব বুলি মন্তব্য কৰিছিল ৷ মুখ্যমন্ত্ৰী এই মন্তব্যৰ পাছতেই স্থিতি স্পষ্ট কৰি দিয়ে আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ৷

Peace talks with the United Liberation Front of Asom
অসমৰ সাৰ্বভৌমত্বৰে আপোচ নকৰাৰ হুংকাৰ আলফা(স্বা)ৰ সেনাধ্যক্ষৰ

নিউজ ডেস্ক, 18 নৱেম্বৰ : অসমৰ সাৰ্বভৌমত্বৰ সৈতে কোনোপধ্যেই আপোচ নকৰাৰ কথা স্পষ্ট কৰি দিছে আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শান্তি আলোচনাৰ ক্ষেত্ৰত আলফা(স্বা)ৰ সাৰ্বভৌমত্বৰ দাবী আৰু ভাৰতীয় সংবিধানৰ গণ্ডীৰ মাজত সঠিক ভাৰসাম্য বজাই ৰাখি শান্তি আলোচনাৰ এটা পৃষ্ঠভূমিত উপনীত হোৱাৰ প্ৰয়োজন আছে বুলি কৰা মন্তব্যৰ এদিন পিছতেই সংগঠনটোৰ স্থিতি স্পষ্ট কৰিছে আলফা(স্বা)ৰ সেনাধ্যক্ষগৰাকীয়ে ৷

মুখ্যমন্ত্ৰী শৰ্মাই আলফাৰ সাৰ্বভৌমত্বৰ দাবী আৰু ভাৰতৰ সংবিধানৰ গণ্ডীৰ মাজত সঠিক ভাৰসাম্য বজাই ৰাখি আলফা(স্বা)ৰ সৈতে শান্তি আলোচনা আগবঢ়াই নিব লাগিব বুলি শেহতীয়াকৈ মন্তব্য কৰিছিল ৷ ইয়াৰ পাছতেই বৃহস্পতিবাৰে আলফা(স্বা)ৰ সেনাধ্যক্ষগৰাকীয়ে সংবাদ মাধ্যমলৈ এখন পত্ৰ প্ৰেৰণ কৰি আলফা(স্বা)ৰ স্থিতি স্পষ্ট কৰি দিয়ে ৷ তেওঁ অসমৰ পূৰ্বৰ গৌৰৱ পুনৰুদ্ধাৰৰ বাবে স্বাধীনতাৰ ৪২ বছৰীয়া সংগ্ৰাম এতিয়াও অব্যাহত আছে বুলি উল্লেখ কৰি অসমৰ সাৰ্বভৌমত্বৰ সৈতে কেতিয়াও আপোচ নকৰাৰ হুংকাৰ দিয়ে ।

Ulfa(I) chief Paresh Baruah
আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা

আনহাতে সংবাদ মাধ্যমেৰে হোৱা এক শেহতীয়া বাৰ্তালাপত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, আলফা(স্বা)য়ে তৃতীয়বাৰৰ বাবে যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধি কৰাটো এটা ইতিবাচক ঘটনা । "আমি আলফা(স্বা)ৰ এই সিদ্ধান্তক আদৰণি জনাইছো । কিন্তু শান্তি আলোচনাৰ ক্ষেত্ৰত আমি যাতে সংগঠনটোৰ মূল দাবী আৰু সংবিধানৰ গণ্ডীৰ মাজত সঠিক ভাৰসাম্য ৰাখিব পাৰো তাৰ ওপৰত দৃষ্টি ৰাখিব লাগিব ৷" মুখ্যমন্ত্ৰী গৰাকীয়ে কয় ৷

Chief Minister Dr. Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ড৹ শৰ্মাই লগতে কয় যে, এইটো এটা অতি দীঘলীয়া প্ৰক্ৰিয়া ৷ ইয়াক এদিনত সমাধান কৰিব নোৱাৰি । আমি এই প্ৰক্ৰিয়াক পৰ্যায়ক্ৰমে আগবঢ়াই নিব লাগিব । আলফা(স্বা)ৰ জন্ম নিশ্চয় কোনো কাৰণত হৈছিল । কিন্তু এতিয়া আন্তঃগাঁথনি আৰু অৰ্থনীতিৰ ক্ষেত্ৰত অসমত উন্নয়ন হৈছে । অসমৰ অধিকাংশ জ্বলন্ত সমস্যা বৰ্তমান সমাধান কৰা হৈছে । এতিয়া নতুন সমস্যা আহি আছে আৰু চৰকাৰে সমস্যাবোৰ সমাধানৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ।

মুখ্যমন্ত্ৰীৰ এই বক্তব্য পাছতাই আলফা(স্বা)ৰ সেনাধ্যক্ষগৰাকীয়ে কয় যে, ঐতিহাসিকভাৱে অসম কেতিয়াও ভাৰতৰ অংশ নাছিল । অসম আছিল গৌৰৱ আৰু সাৰ্বভৌমত্বৰে উজ্জ্বল এখন ৰাষ্ট্ৰ, য’ত পিছলৈ বিদেশী ঔপনিৱেশকাৰীয়ে স্থাপন কৰিছিল ঔপনিৱেশ । বৰুৱাই এই তথ্য বৈধ আৰু ঐতিহাসিকভাৱে শুদ্ধ বুলি দাবী কৰি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰে যে এই সত্যক চৰ্চালৈ অনাৰ প্ৰয়োজন আছে ৷

উল্লেখ্য যে, আলফাৰ মূল দাবী "সাৰ্বভৌম অসম" শান্তি আলোচনাৰ ক্ষেত্ৰত বিগত কেইবাদশক একপ্ৰকাৰৰ বাধা হৈ আহিছে । মুখ্যমন্ত্ৰী শৰ্মাই আলফা আৰু চৰকাৰৰ এই শান্তি আলোচনা এটা পৃষ্ঠভূমিত উপনীত হোৱাৰ প্ৰয়োজন আছে বুলি মত পোষণ কৰে ।

উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পাছত তেওঁ আলফা(স্বা)ৰ প্ৰধান পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । ইয়াৰ পিছত আলফা(স্বা)য়ে ক’ভিড মহামাৰীৰ দ্ৰুত সংক্ৰমণৰ বাবে একপক্ষীয়ভাবে যুদ্ধবিৰতি ঘোষণা কৰিছিল । ইয়াৰ পাছত 14 নৱেম্বৰত আলফা (স্বা) অসমৰ জনসাধাৰণৰ খাতিৰত অস্ত্ৰ বিৰতিৰ ম্যাদ পুনৰ আগন্তুক তিনি মাহলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল ৷

লগতে পঢ়ক : অস্ত্ৰ বিৰতিৰ ম্যাদ বৃদ্ধি কৰিলে ULFA(I)এ

Last Updated :Nov 19, 2021, 11:00 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.