Police attacks judge: আদালতৰ ভিতৰতে ন্যায়াধীশক আক্ৰমণ আৰক্ষীৰ

author img

By

Published : Nov 19, 2021, 11:31 AM IST

Updated : Nov 19, 2021, 2:01 PM IST

shameful incident

ঝাঞ্জাৰপুৰৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ অবিনাশ কুমাৰক আক্ৰমণ কৰে দুজন আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানক তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ ।

নেশ্যনেল ডেস্ক,১৯ নৱেম্বৰ : বিহাৰৰ মধুবনী জিলাত চাঞ্চল্যকৰ ঘটনা । আদালতৰ ভিতৰতে এগৰাকী ন্যায়াধীশক আক্ৰমণ কৰিলে দুজনকৈ আৰক্ষীয়ে । ঘটনাকলৈ তীব্ৰ উত্তেজনা সমগ্ৰ জিলাখনতে ।

উল্লেখ্য যে, ঘটনাটো সংঘটিত হৈছে ঝাঞ্জাৰপুৰৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত । দুয়োজন আৰক্ষীৰ সম্পৰ্কীয় এক গোচৰৰ শুনানি গ্ৰহণ কৰাৰ সময়তে তেওঁলোকে আদালতৰ ভিতৰত প্ৰৱেশ কৰিছিল । তাৰ পাছতে ন্যায়াধীশ অবিনাশ কুমাৰৰ ফালে বন্দুক দেখুৱাই আৰু আক্ৰমণ কৰে ।

অৱশ্যে ঘটনাত ন্যায়াধীশগৰাকী হতাহত হোৱাৰ পৰা ৰক্ষা পৰিছে যদিও শংকিত হৈ পৰা দেখা গৈছে । ইফালে ঘটনাটোক লৈ পাটনা উচ্চ ন্যায়ালয়ে (Patna High Court) গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । লগতে সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানক ।

অভিযুক্ত আৰক্ষী দুজন হৈছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোপাল কৃষ্ণা আৰু উপ পৰিদৰ্শক অভিমন্যু কুমাৰ । ন্যায়াধীশগৰাকীক সুৰক্ষা দিবলৈ চেষ্টা কৰা অধিবক্তা আৰু আদালতৰ কৰ্মচাৰীসকলকো আক্ৰমণ কৰে আৰক্ষী দুজনে । ফলত কেইবাগৰাকী লোক আহত হয় । ঘটনাক গৰিহণা দি ন্যায়াধীশ ৰাজেন গুপ্তা আৰু মোহিত কুমাৰ শ্বাহক লৈ গঠিত উচ্চ ন্যায়ালয়ৰ এক খণ্ড বিচাৰপীঠে আৰক্ষী সঞ্চালক প্ৰধানক ২৯ নৱেম্বৰত গোচৰটোৰ পুনৰ শুনানিৰ সময়ত ঘটনা সম্পৰ্কীয় প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে ।

আৰক্ষী সঞ্চালক প্ৰধানকো সেইদিনা আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে । ইফালে এই ঘটনাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ন্যায়পালিকাৰ নিৰাপত্তা সম্পৰ্কীয় বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে । যাৰ বাবে ৰাজ্যৰ মুখ্য সচিব (Chief secretary),আৰক্ষী সঞ্চালক প্ৰধান (DGP), গৃহ বিভাগৰ প্ৰধান সচিব আৰু মধুবনীৰ আৰক্ষী অধীক্ষকক (Madhubani SP) নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আদালতে জাননী জাৰী কৰিছে ।

লগতে পঢ়ক :Tripura Police ৰ বিৰুদ্ধে পক্ষপাতৰ অভিযোগ সুস্মিতা দেৱৰ

Last Updated :Nov 19, 2021, 2:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.