ETV Bharat / city

এনকাউণ্টাৰত মৃত্যু গাড়ীগাঁও দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত বিকি আলীৰ

author img

By

Published : Mar 16, 2022, 7:26 AM IST

Updated : Mar 16, 2022, 9:44 AM IST

গাড়ীগাঁৱত সংঘটিত দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত বিকি আলীৰ মৃত্যু (Biki Ali dies in police encounter) ৷ আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু ঘটে ধৰ্ষণ কাণ্ডৰ অভিযুক্তজনৰ ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই গুলী কৰে আৰক্ষীয়ে (Police encounter in Guwahati) ৷

main accused of garigaon gang rape
main accused of garigaon gang rape

নিউজ ডেস্ক, 16 মাৰ্চ : পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ (Police encounter in Guwahati )৷ আৰক্ষীৰ গুলীত নিহত গাড়ীগাঁও দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত বিকি আলী (Biki Ali dies in police encounter) ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল বিকিয়ে ৷ ফলত গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী ৷ চাৰিটাকৈ গুলীৰে গুলীবিদ্ধ হয় বিকি ৷ হাজোৰ সমীপৰ দামপুৰ পাহাৰৰ পৰা মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিকি আলীক ৷ বৰ্তমান বিকিৰ মৃতদেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গত ৰখা হৈছে ৷ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক গতাই দিয়া হ’ব বিকিৰ মৃতদেহ ৷

পাঁচ বন্ধুৰ সৈতে মিলি এগৰাকী দশম শ্ৰেণীত অধ্যয়নৰত কিশোৰীক ধৰ্ষণ কৰিছিল বিকিয়ে (Garigaon gang rape case) ৷ 16 ফেব্ৰুৱাৰীত প্ৰলোভনেৰে কিশোৰীগৰাকীক এজন বন্ধুৰ কোঠালৈ লৈ গৈছিল বিকিয়ে ৷ তাতেই কিশোৰীগৰাকীক ধৰ্ষণ কৰি সমগ্ৰ দৃশ্য বন্দী কৰিছিল ম’বাইলত ৷ সেই ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দি পুনৰ 19 ফেব্ৰুৱাৰীত কিশোৰীগৰাকীক লৈ গৈছিল আদাবাৰীস্থিত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচলৈ ৷ গেষ্ট হাউচৰ 105 নং কোঠাত পাঁচ বন্ধুৰে মিলি কিশোৰীগৰাকীক দলবদ্ধভাৱে ধৰ্ষণ কৰিছিল বিকিয়ে (Gang rape in Guwahati)৷ এইবাৰ সমগ্ৰ দৃশ্য ৰেকৰ্ড কৰি আপলোড দিছিল চ’ছিয়েল মিডিয়াত ৷

ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালে পাণবজাৰ মহিলা আৰক্ষী থানাত দাখিল কৰিছিল এটা গোচৰ ৷ পাণবজাৰ থানাত 19/22 নম্বৰত পাঁচ অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ ৷ গোচৰটোত US 376(D) IPC RW SEC 6, POSCO ACT/RW 67(B) আৰু IT ACT ৰ ধাৰা আৰোপ কৰা হৈছে ৷ অভিযুক্ত যুৱক কেইজন হৈছে বিকি আলী, ফইজুল আলী, পিংকু আলী, পোনা আলী আৰু ৰাজা আলী ৷

ঘটনাৰ পাচৰে পৰা পলাতক হৈ আছিল পাঁচোটা অভিযুক্ত ৷ যোৱা সোমবাৰে পাঁচোটা অভিযুক্তৰ পৰিয়ালৰ লোকক আটক কৰে আৰক্ষীয়ে ৷ ইয়াৰ পাচতেই মঙলবাৰে আৰক্ষীয়ে সম্ভেদ লাভ কৰে বিকিয়ে আত্মগোপন কৰি থকা স্থানৰ ৷ সেই অনুসৰি অভিযান চলাই হাজোৰ সমীপৰ দামপুৰ পাহাৰৰ পৰা আটক কৰা হয় ৷ দামপুৰৰ পৰা জালুকবাৰী আৰক্ষী থানালৈ অনা হয় বিকিক ৷ তাৰ পাচতেই নিশা পলায়নৰ চেষ্টা চলোৱা বিকিৰ মৃত্যু হয় আৰক্ষীৰ গুলীত ৷ উল্লেখ্য যে, এনকাউণ্টাৰ সন্দৰ্ভত বর্তমানলৈ কোনো মুখ খোলা নাই মহানগৰ আৰক্ষীয়ে ।

লগতে পঢ়ক : গাড়ীগাঁও দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলীক গ্ৰেপ্তাৰ

Last Updated :Mar 16, 2022, 9:44 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.