ETV Bharat / city

দিল্লীত সৰ্বানন্দ সোণোৱালৰ সৈতে অসমীয়া খাদ্যৰ জুটি ল’লে লাভলীনাই

author img

By

Published : Aug 11, 2021, 6:20 PM IST

lavlina-meet-sarbananda-sonowal-in-delhi
দিল্লীত সৰ্বানন্দ সোণোৱালৰ সৈতে অসমীয়া খাদ্যৰ জুটি ল’লে লাভলীনাই

সুদীৰ্ঘ প্ৰায় এবছৰ পাছত ঘৰুৱা পৰিৱেশত এসাঁজ খাই আনন্দিত হৈ পৰে লাভলীনা বৰগোঁহাই। খোৱাৰ মাজতে লাভলীনা বৰগোঁহাইৰ সৈতে বহু কথা পাতিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

গুৱাহাটী, 11 আগষ্ট : এক ঘৰুৱা পৰিৱেশত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত দিল্লীত এসাঁজ খালে অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহায়ে । সুদীৰ্ঘ প্ৰায় এবছৰ পাছত ঘৰুৱা পৰিৱেশত এসাঁজ খাই আনন্দিত হৈ পৰে লাভলীনা । প্ৰায় এবছৰৰ পিছত অসমীয়া থলুৱা খাদ্য গ্ৰহণ কৰি আপ্লুত হৈ পৰিল লাভলীনা বৰগোঁহাই।

খোৱাৰ মাজতে লাভলীনা বৰগোঁহাইৰ সৈতে বহু কথা পাতিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে, ক'লে ক্ৰীড়াক্ষেত্ৰত আৰু আগুৱাই যাব লাগিব । লাভলীনা বৰগোঁহাইৰ সৈতে আছিল পিতৃ টিকেন বৰগোঁহাই । উল্লেখ্য যে, সোমবাৰে টকিঅ’ৰ পৰা আহি দেশৰ ৰাজধানী নতুন দিল্লীত উপস্থিত হোৱা লাভলীনা বৰগোহাঁইৰ সৈতে টকিঅ' অলিম্পিকত পদক লাভ কৰাসকলক দিল্লীৰ হোটেল অশোকত চৰকাৰীভাৱে সম্বৰ্ধনা জনোৱা হয় ।

দিল্লীত সৰ্বানন্দ সোণোৱালৰ সৈতে একেলগে ঘৰুৱা এসাঁজ খাল লাভলীনাই

বৰ্ত্তমান দিল্লীত থকা লাভলীনা বৰগোঁহাই বৃহস্পতিবাৰে অসমলৈ আহিব । বৃহস্পতিবাৰে গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা লাভলীনা বৰগোঁহাইক আদৰি অনা হ'ব ।

বিয়লি 3 বজাত কলাক্ষেত্ৰত চৰকাৰীভাৱে আয়োজন কৰা বিশাল অনুষ্ঠানত লাভলীনা বৰগোঁহাইক সম্বৰ্ধনৈ জনোৱা হ'ব । বিমানবন্দৰত নমাৰ পাছৰ পৰা লাভলীনা বৰগোঁহাইৰ আদৰণি, সম্বৰ্ধনাকে ধৰি সকলো দায়িত্ব গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে । গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰাৰ পাছৰ পৰা লাভলীনা বৰগোঁহাইৰ পৰৱৰ্তী কাৰ্যসূচী ৰাজ্য চৰকাৰে চূড়ান্ত কৰিছে ।

ক্ৰীড়ামন্ত্ৰী বিমল বৰাই (Bimal Bora) জনোৱা মতে, বিমানবন্দৰৰ পৰা সমদল কৰি চহৰৰ মাজলৈ লৈ অহাৰ পাছত লাভলীনাক কিছু সময়ৰ বাবে হোটেল তাজ ভিভাণ্টাত জিৰণি ল’বলৈ দিয়া হ’ব । তাৰ পাছত বিয়লি 3 বজাত শংকৰদেৱ কলাক্ষেত্ৰত এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰি ৰাজ্যলৈ প্ৰথমটো অলিম্পিক পদক কঢ়িয়াই অনাৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব বক্সাৰগৰাকীক ।

ৰাজ্যৰ আন আন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে কলাক্ষেত্ৰৰ অনুষ্ঠানতে লাভলীনা বৰগোঁহাইক সম্বৰ্ধনা জনাব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । ক’ভিড পৰিস্থিতি আৰু দীৰ্ঘদিন জিৰণি নোপোৱাকৈ অনুশীলন আৰু খেলত ভাগ লৈ থকা লাভলীনা বৰগোঁহায়ে যাতে সম্বৰ্ধনাৰ নামত বিৰক্তি অনুভৱ নকৰে, তাৰ বাবে ৰাজ্য চৰকাৰে এটা অনুষ্ঠানৰে আয়োজন কৰিছে ।

লগতে পঢ়ক:লাভলীনা বৰগোঁহাইক সম্বৰ্ধনা জনোৱাৰ বাবে কলাক্ষেত্রত চৰকাৰৰ বিশাল অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.