ETV Bharat / bharat

লাভলীনা বৰগোঁহাইক সম্বৰ্ধনা জনোৱাৰ বাবে কলাক্ষেত্রত চৰকাৰৰ বিশাল অনুষ্ঠান

author img

By

Published : Aug 11, 2021, 2:02 PM IST

ঘৰৰ জীয়ৰী ঘৰলৈ উভতিব ৷ তাকে লৈ উথপথপ ৰাজ্য ৷ বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিকত পদক দখল কৰাৰ পিছত প্ৰথমবাৰলৈ গৃহভূমিত উপস্থিত হ’ব গোলাঘাটৰ বৰপথাৰৰ জীয়ৰী লাভলীনা বৰগোঁহাই ৷

মাত্ৰ কেইটামান ঘন্টা :মাতৃভূমিত ভৰি দিব অসম কন্যা লাভলীনাই
মাত্ৰ কেইটামান ঘন্টা :মাতৃভূমিত ভৰি দিব অসম কন্যা লাভলীনাই

গুৱাহাটী, 11 আগষ্ট : মাত্ৰ কেইটামান ঘণ্টাৰ পাচতেই মাতৃভূমিত ভৰি দিব অসম কন্যা লাভলীনা বৰগোঁহায়ে ৷ তাকে লৈ উথপথপ ৰাজ্য ৷ 12 আগষ্ট বৃহস্পতিবাৰে লাভলীনাই পুৱা 9 বজাত আহি গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ'ব । বিমানবন্দৰৰ পৰাই সমদল কৰি লাভলীনাক আদৰি অনা হ’ব ।

বিয়লি 3 বজাত শংকৰদেৱ কলাক্ষেত্ৰত এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰি লাভলীনাক ৰাজ্যলৈ প্ৰথমটো অলিম্পিকৰ পদক কঢ়িয়াই অনাৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব । টকিঅ' অলিম্পিকত ইতিহাস সৃষ্টি কৰি স্বদেশলৈ অহা লাভলীনা বৰগোঁহাই অৱশেষত মাতৃভূমিত উপস্থিত হ'ব । সোমবাৰে টকিঅ’ৰ পৰা আহি দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত উপস্থিত হোৱা লাভলীনা বৰগোঁহাইৰ সৈতে টকিঅ' অলিম্পিকত পদক লাভ কৰাসকলক দিল্লীৰ হোটেল অশোকত চৰকাৰীভাৱে সম্বৰ্ধনা জনোৱা হয় ।

lovlina to arrive assam on thursday morning etv bharat assam
লাভলীনা বৰগোঁহাই

উল্লেখ্য যে, এইবাৰ টকিঅ’ অলিম্পিকত ভাৰতৰ চাৰিগৰাকী মহিলাকে ধৰি মুঠতে 9 গৰাকী বক্সাৰে প্ৰতিদ্বন্দ্বিতা কৰিলেও বক্সিঙৰ একমাত্ৰ পদকটো অসমৰ লাভলীনা বৰগোঁহাইয়ে অৰ্জন কৰিবলৈ সক্ষম হয় । বক্সিং দলটোক ভাৰতীয় মিডিয়াই অলিম্পিকৰ আগৰে পৰা নৱৰত্ন বুলি অভিহিত কৰিছিল ৷ এইবাৰ বক্সিঙত কেইবাটাও পদক আহিব বুলি বক্সিং ফেডাৰেছন আৰু ভাৰতীয় অলিম্পিক সংস্থা তথা কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰণালয়ে আশা কৰিছিল ৷

পিছে 6 বাৰৰ বিশ্ব চেম্পিয়ন মেৰীকমকে ধৰি আটাইকেইগৰাকী তাৰকা বক্সাৰ টকিঅ’ৰ ৰিঙত ধৰাশায়ী হোৱাৰ পাছত অসমৰ লাভলীনা বৰগোঁহায়ে অলিম্পিকৰ পৰা একমাত্ৰ পদকটো আনিলে । তাৎপৰ্যপূৰ্ণভাৱে 9 বছৰৰ পাছত দেশলৈ অহা প্ৰথমটো বক্সিঙৰ পদক অসমৰ বাবে হৈ পৰিছে আপুৰুগীয়া । কিয়নো ইয়াৰ পূৰ্বে কোনো অসমীয়া খেলুৱৈয়ে অলিম্পিকৰ পদক স্পৰ্শ কৰিব পৰা নাছিল ।

lovlina to arrive assam on thursday morning etv bharat assam
দিল্লীত সম্বৰ্ধনা লাভলীনাক

গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰাৰ পাছৰ পৰা লাভলীনা বৰগোঁহাইৰ পৰৱৰ্তী কাৰ্যসূচী ৰাজ্য চৰকাৰে চূড়ান্ত কৰিছে । ক্ৰীড়ামন্ত্ৰী বিমল বৰাই জনোৱা মতে, বিমানবন্দৰৰ পৰা সমদল কৰি চহৰৰ মাজলৈ লৈ অহাৰ পাছত ভাগৰুৱা হৈ থকা লাভলীনাক কিছু সময়ৰ বাবে হোটেল ভিভাণ্টাত জিৰণি ল’বলৈ দিয়া হ’ব । তাৰ পাছত বিয়লি 3 বজাত শংকৰদেৱ কলাক্ষেত্ৰত এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰি ৰাজ্যলৈ প্ৰথমটো অলিম্পিক পদক কঢ়িয়াই অনাৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব ।

ৰাজ্যৰ আন আন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে কলাক্ষেত্ৰৰ অনুষ্ঠানতে লাভলীনা বৰগোঁহাইক সম্বৰ্ধনা জনাব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । ক’ভিড পৰিস্থিতি আৰু দীৰ্ঘদিন জিৰণি নোপোৱাকৈ অনুশীলন আৰু খেলত ভাগ লৈ থকা লাভলীনা বৰগোঁহায়ে যাতে সম্বৰ্ধনাৰ নামত বিৰক্তি অনুভৱ নকৰে, তাৰ বাবে ৰাজ্য চৰকাৰে এটা অনুষ্ঠানৰে আয়োজন কৰিছে ।

lovlina to arrive assam on thursday morning etv bharat assam
পদক দখলৰ পিছত লাভলীনা

গুৱাহাটীৰ পৰাই লাভলীনা বৰগোঁহায়ে 13 আগষ্টত পুনৰ দিল্লীলৈ উভতি যাব । 15 আগষ্টৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত দেশৰ আন পদক বিজয়ী অলিম্পিয়ানৰ সৈতে লাভলীনা বৰগোহাঁইকো ভাগ ল’বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমন্ত্ৰণ জনাইছে । সেই অনুষ্ঠানত ভাগ লোৱাৰ পাছতহে লাভলীনা বৰগোঁহাই অসমলৈ আহি বৰপথাৰৰ নিজ গাঁও বাৰমুখীয়ালৈ যাব ।

লগতে পঢ়ক: বিনেশ ফোগাটক নিলম্বন ৰেছলিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.