ETV Bharat / city

উত্তৰ গুৱাহাটী হৰে কৃষ্ণ মন্দিৰত আজিৰে পৰা আৰম্ভ জন্মাষ্টমী

author img

By

Published : Aug 18, 2022, 8:51 AM IST

Guwahati ISKCON Temple to celebrate Krishna Janmashtami
উত্তৰ গুৱাহাটী হৰে কৃষ্ণ মন্দিৰত আজিৰে পৰা আৰম্ভ জন্মাষ্টমী

উত্তৰ গুৱাহাটী হৰে কৃষ্ণ মন্দিৰত ১৮ আগষ্টৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে কৃষ্ণ জন্মাষ্টমীৰ ৷ এইবাৰ জন্মাষ্টমীত প্ৰায় ৫০ হাজাৰ ভক্তৰ সমাগমৰ আশা কৰিছে ইস্কন কৰ্তৃপক্ষই ।

গুৱাহাটী, ১৮ আগষ্ট: হৰে কৃষ্ণ মুভমেন্ট গুৱাহাটীৰ উদ্যোগত উত্তৰ গুৱাহাটীৰ হৰে কৃষ্ণ মন্দিৰত ১৮ আগষ্টৰ পৰা ২১ আগষ্টলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে কৃষ্ণ জন্মাষ্টমীৰ আয়োজন কৰা হৈছে । হৰে কৃষ্ণ মুভমেন্ট গুৱাহাটীৰ উপ-সভাপতি বিজয় পণ্ডিত দাসে বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি সদৰী কৰে এই কথা(ISKCON organizes Sri Krishna Janmashtami Festival 2022) ।

হৰে কৃষ্ণ মুভমেন্ট গুৱাহাটীৰ উপ সভাপতি বিজয় পণ্ডিত দাস

গুৱাহাটীৰ উপ সভাপতি বিজয় পণ্ডিত দাসে কয় যে, ১৮ আগষ্টৰ পৰা ১৯ আগষ্টলৈ লাড্ডু গোপালৰ অভিষেক হ’ব । ইয়াৰ পাছত ২০ আগষ্টত নন্দোৎসৱ উদযাপন কৰা হ’ব । জন্মাষ্টমীৰ মুখ্য আকৰ্ষণ হৈছে লাড্ডু গোপালৰ ঝুলন সেৱা । ইয়াৰ লগতে ক্ৰমে নাম জাপ, ছাপন্ন ভোগ আদি অনুষ্ঠিত হ’ব(Janmashtami Celebration at ISKCON) ।

আনহাতে হৰে কৃষ্ণ মুভমেন্টৰ গুৱাহাটী শাখাই জন্মাষ্টমীৰ লগত সংগতি ৰাখি প্ৰথমৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰিছে ৷ বিজয় পণ্ডিত দাসে সদৰী কৰা অনুসৰি এইবাৰ জন্মাষ্টমীত ৫০ হাজাৰতকৈ অধিক ভক্তৰ সমাগম হোৱাৰ আশা প্ৰকাশ কৰিছে । তেওঁ অসম তথা গুৱাহাটীৰ ভক্তপ্ৰাণ ৰাইজক জন্মাষ্টমীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: ২৬ হাজাৰ চাকৰিৰ নিযুক্তি পৰীক্ষাৰ ক্ষেত্রত কঠোৰ ৰাজ্য চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.