ETV Bharat / city

FMRSI Announced Strike : 19 জানুৱাৰীত FMRSI ৰ এদিনীয়া সৰ্বভাৰতীয় ধৰ্মঘট

author img

By

Published : Jan 18, 2022, 3:19 PM IST

fmrsi-announced-strike-on-19th-january
বুধবাৰে অনুষ্ঠিত হ'ব FMRSI'ৰ এদিনীয়া সৰ্বভাৰতীয় ধৰ্মঘট

বুধবাৰে 16 দফীয়া দাবীসমূহ উত্থাপন কৰিবলৈ মেডিকেল আৰু চেলছ ৰিপ্ৰেজেনটেটিভচৰ সৰ্বভাৰতীয় সংগঠন FMRSI য়ে এদিনীয়া সৰ্বভাৰতীয় ধৰ্মঘটৰ আহ্বান জনাইছে (FMRSI announced strike on 19th January) ৷ এই কথা সংবাদমেলযোগে সদৰী কৰিছে CRU উত্তৰ-পূৰ্বাঞ্চলৰ সাধাৰণ সম্পাদক ৰাহুল পুৰকায়স্থই ৷

গুৱাহাটী, 18 জানুৱাৰী : 19 জানুৱাৰীত মেডিকেল আৰু চেলছ ৰিপ্ৰেজেনটেটিভচৰ সৰ্বভাৰতীয় সংগঠন FMRSI য়ে এদিনীয়া সৰ্বভাৰতীয় ধৰ্মঘটৰ আহ্বান জনাইছে (FMRSI announced strike on 19th January) । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি CRU উত্তৰ-পূৰ্বাঞ্চলৰ সাধাৰণ সম্পাদক ৰাহুল পুৰকায়স্থই এই কথা সদৰী কৰে (FMRSI organized press press meet at Guwahati Press Club) ৷

এই সংবাদমেলখন সম্বোধন কৰি সাধাৰণ সম্পাদক ৰাহুল পুৰকায়স্থই তেওঁলোকৰ 16 দফীয়া দাবীসমূহ উত্থাপন কৰিবলৈ বুধবাৰে সৰ্বভাৰতীয় ধৰ্মঘটৰ আয়োজন কৰিব বুলি সদৰী কৰে ৷ এই 16 দফীয়া দাবীৰ ছটা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত, তিনিটা ৰাজ্য চৰকাৰৰ ওচৰত আৰু সাতটা দাবী নিয়োগকর্তাৰ প্ৰতি উত্থাপন কৰিব বুলি সাধাৰণ সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে ৷

এই এদিনীয়া সৰ্বভাৰতীয় ধৰ্মঘটত উত্থাপিত হ'বলগীয়া মূল দাবীসমূহ হৈছে ক্ৰমে- শ্ৰম আইন বাতিল কৰা, ঔষধ আৰু চিকিৎসা সা-সৰঞ্জামৰ মূল্য হ্ৰাস কৰা, এই সামগ্ৰীসমূহৰ ওপৰত থকা GST হ্ৰাস কৰা, ক্ষেত্ৰকৰ্মীৰ বাবে নিম্নতম মজুৰি 26,000 টকা ধাৰ্য কৰা, ক্ষেত্ৰকৰ্মীৰ চাকৰিৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু ঔষধ আৰু স্বাস্থ্য খণ্ডত স্বচ্ছতা বজায় ৰখা আদি ৷

ইয়াৰ লগতে বজাৰত উপলব্ধ 90 শতাংশ ঔষধৰ মূল্যৰ ক্ষেত্ৰত কোনোধৰণৰ নিয়ন্ত্ৰণ নাই বুলিও উল্লেখ কৰে সাধাৰণ সম্পাদকগৰাকীয়ে । যাৰ ফলত বিগত দুটা বছৰত ঔষধৰ মূল্য 30 শতাংশলৈ বৃদ্ধি হৈছে বুলিও সংবাদ মাধ্যমৰ আগত সদৰী কৰে চিআৰইউ উত্তৰ-পূৰ্বাঞ্চলৰ সাধাৰণ সম্পাদক ৰাহুল পুৰকায়স্থই ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীয়ে ধমক দিয়া ঘটনাৰ তদন্ত ঘোষণা নগাঁও জিলা উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.