ETV Bharat / city

বানৰ কবলত মহানগৰীৰ সমীপৱৰ্তী চন্দ্ৰপুৰৰ বিস্তীৰ্ণ অঞ্চল

author img

By

Published : Sep 4, 2021, 11:35 AM IST

বানৰ কবলত চন্দ্ৰপুৰৰ প্ৰায় কুৰিখন গাঁও । ক্ষতিগ্ৰস্ত হৈছে জন সাধাৰণৰ লগতে কৃষি ভূমি তথা পশুধন । খাদ্য সংকটৰ সন্মুখীন হৈছে অঞ্চলসমূহৰ বানপীড়িত জনতা ।

Flood in chandrapur mayang
বানৰ কবলত চন্দ্ৰপুৰৰ কুৰিখন গাঁও

গুৱাহাটী, 4 ছেপ্তেম্বৰ : ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰী ৰূপ । কি উজনি, কি নামনি সকলোতে এতিয়া ভদীয়া বানে লৈছে সংহাৰী ৰূপ । ব্ৰহ্মপুত্ৰ তথা ইয়াৰ উপনৈসমূহৰ পানী বাঢ়ি অহাৰ ফলত প্লাৱিত হৈছে ৰাজ্যৰ ন ন অঞ্চল । জলমগ্ন হৈছে বাট-পথ । ক্ষতিসাধন হৈছে বহু কৃষি ভূমি তথা পশুধনৰ ।

Flood in chandrapur-mayang
বানৰ কবলত চন্দ্ৰপুৰৰ প্ৰায় কুৰিখন গাঁও

খাদ্য সংকটৰ সন্মুখীন হৈছে বহু অঞ্চলৰ বানপীড়িত ৰাইজ । মহানগৰীৰ পাৰ্শ্বৱৰ্তী এলেকা চন্দ্ৰপুৰৰ বিভিন্ন অঞ্চল ভদীয়া বানৰ কবলত পৰিছে । মহানগৰীৰ প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কেইবাখনো ৰাজহ গাঁও ইতিমধ্যে প্লাৱিত হৈছে বাঢ়নী পানীত ৷

ব্ৰহ্মপুত্ৰ, কলং আৰু ডিগাৰু নৈৰ পানী বাঢ়ি অহাৰ ফলত চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম মায়ং গাঁও পঞ্চায়তৰ অন্তৰ্গত ধিপুজী জান পাম, নলনী, দীঘল আটি, ধিপুজি পথাৰ, ভেৰভেৰি, ঘোঁৰামাৰা জান, শ্বিলং বস্তি, কাজলী চকী আদি গাঁও প্লাৱিত হৈছে । বিশেষকৈ পশ্চিম মায়ং গাঁও পঞ্চায়তৰ নলনীগাঁও বানৰ কবলত পৰাত অন্ন-বাসস্থানৰ অভাৱত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ।

খাদ্য সংকটৰ সন্মুখীন হৈছে অঞ্চলসমূহৰ বানপীড়িত জনতা

লগতে পঢ়ক: বানৰ কবলত ৰাজ্য : মৃত্যুক সাৱটিলে 5 গৰাকীয়ে

ইফালে, নাৰেংগী-চন্দ্ৰপুৰ-মৰিগাঁৱৰ ৰাজ্যিক ঘাইপথৰ গোভালীৰ পৰা নলনী লৈ যোৱা লোক নিৰ্মাণ বিভাগৰ পকী পথচোৱা বানত বুৰ যোৱাত এতিয়াও যাতায়াত বিচিন্ন হৈ আছে । সম্প্ৰতি অঞ্চলসমূহৰ যাতায়াতৰ বাবে একমাত্ৰ সাৰথি হৈ পৰিছে টুলুঙা নাও ৷ তাৰোপৰি মানুহৰ লগতে পোহনীয়া জীৱ-জন্তু আৰু বনৰীয়া জীৱ-জন্তুয়েও বানত ককবকাব লগা হৈছে ।

Flood in chandrapur-mayang
জলমগ্ন বাট-পথ

চন্দ্ৰপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত হাজংবৰী, ঠাকুৰকুছি, শিঙিমাৰী, চন্দ্ৰপুৰ বাগিচা, ৰাজবাৰী আদি অঞ্চল বানৰ কবলত পৰিছে ৷ বানৰ কবলত পৰিছে কেইবাখনো শিক্ষানুষ্ঠান । ৰাজাবাৰী এল পি স্কুল, পানীখাইতি এল পি স্কুল, নলিনী এল পি স্কুল, ভেৰভেৰি এল পি এম ই, ধিপুজী এম ই স্কুল, দীঘলহাতী এল পি স্কুল আদি সম্প্ৰতি পানীৰ তলত ।

ইফালে পানীখাইতি গাঁও পঞ্চায়তৰ খেৰবাৰী, ৰাজাবাৰী, তিনি টুকুৰা, খংকৰ, তামোলবাৰী, বেগেনাবাৰী আদি অঞ্চল বানৰ কবলত পৰাত খাদ্য সংকটৰ সন্মূখীন হৈছে । শীঘ্ৰে বানপীড়িত অঞ্চলৰ ৰাইজক পৰ্যাপ্ত সাহায্য আৰু পশুৰ বাবে খাদ্য যোগানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷

লগতে পঢ়ক: কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে কাজিৰঙাৰ জীৱকূলে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.