ETV Bharat / city

ৰ'য়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন

author img

By

Published : Mar 28, 2022, 9:55 PM IST

first-convocation-of-royal-global-university
ৰ'য়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন

30 মাৰ্চত অনুষ্ঠিত হ’ব ৰ'য়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন সমাৰোহ (First Convocation of Royal Global University) ৷ সোমবাৰে এই কথা গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড৹ এচ পি সিং আৰু অধ্যক্ষ ড৹ এ কে বুঢ়াগোহাঁয়ে ঘোষণা কৰে ।

গুৱাহাটী, 28 মাৰ্চ : গুৱাহাটীৰ বেতকুছিস্থিত অসম ৰ'য়েল গ্ল'বেল বিশ্ববিদ্যালয়ত 30 মাৰ্চ তাৰিখে অনুষ্ঠিত হ’ব প্ৰথম সমাৱৰ্তন সমাৰোহ (First Convocation of Royal Global University) ৷ এই কথা সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱ (Guwahati Press Club)ত আয়োজিত এক সংবাদমেলত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড৹ এচ পি সিং আৰু অধ্যক্ষ ড৹ এ কে বুঢ়াগোহাঁয়ে ঘোষণা কৰে ।

তেওঁলোকে কয় যে, আচার্য ড৹ অশোক কুমাৰ পানচাৰিয়ে দিনৰ 11 বজাত উদ্বোধন কৰিবলগীয়া এই সমাবর্তন সমাৰোহখনত অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ পৰিদৰ্শক অধ্যাপক জগদীশ মুখীয়ে (Governor Jagdish Mukhi) ভাষণ প্ৰদান কৰিব । লগতে এই সমাৱৰ্তন সমাৰোহত দিল্লী বিশ্ববিদ্যালয়ৰ উপাচার্য (Vice Chancellor of Delhi University) যোগেশ সিং উপস্থিত থাকি বিশেষ ভাষণ প্ৰদান কৰিব ৷

ৰ'য়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন

বিশ্ববিদ্যালয়খনৰ এই প্ৰথম সমাবৰ্তনত ভাৰত ৰত্ন সন্মানেৰে বিভূষিত, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বৈজ্ঞানিক অধ্যাপক চি. এন. আৰ. ৰাও, অসমৰ বিশিষ্ট সাহিত্যিক অধ্যাপক নগেন শইকীয়া আৰু বিখ্যাত উদ্যোগী তথা সমাজ সেৱক সজ্জন ভজাংকক সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰা হ'ব ৷

লগতে, 2019, 2020 আৰু 2021 বৰ্ষৰ 1723 গৰাকী ছাত্ৰ-ছাত্ৰীক এইবাৰৰ সমাবর্তন উপলক্ষে শিক্ষান্ত উপাধি প্ৰদান কৰাৰ লগতে উত্তীর্ণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ 61 গৰাকী স্বর্ণপদক আৰু 51 গৰাকী ৰূপৰ পদকেৰে সন্মানিত কৰা হ'ব । ইয়াৰোপৰি বিশেষ দক্ষতা প্ৰদৰ্শন কৰা পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীক আচাৰ্যৰ বিশেষ স্বর্ণ পদক আৰু অন্য ছয়গৰাকী সুকীয়া প্ৰতিভাধৰ ছাত্ৰ-ছাত্ৰীক স্মাৰকেৰে সন্মানিত কৰা হ'ব ।

সংবাদমেলত উপস্থিত থাকি বিশ্ববিদ্যালয়খনৰ উপাচার্য অধ্যাপক সঞ্জয় প্ৰতাপ সিঙে কয় যে, মহামাৰী ক’ভিডৰ বাবে এই সমাবর্তনখন অনুষ্ঠিত কৰোঁতে কিছু পলম হ'ল । লগতে উত্তীর্ণ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে প্ৰায় 4000 আমন্ত্ৰিত ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত সমাৰোহখনে বিশ্ববিদ্যালয় চৌহদত উত্তেজনা আৰু আহ্লাদৰ সৃষ্টি কৰিছে বুলিও অধ্যাপক সিঙে মন্তব্য কৰে ।

লগতে পঢ়ক : Oscar 2022 ceremony: অস্কাৰৰ মঞ্চত উপেক্ষিত হৈ ৰ’ল লতা মংগেশকাৰ, দিলীপ কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.