ETV Bharat / city

Recruitment in Education Department: 10 মে'ৰ পূৰ্বে আৰম্ভ হ’ব শিক্ষা বিভাগৰ 20 হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া

author img

By

Published : Feb 15, 2022, 10:06 PM IST

10 মে'ৰ পূৰ্বে ৰাজ্যৰ শিক্ষা বিভাগৰ 20 হাজাৰটা পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব ( Recruitment in Education Department ) ৷ এই কথা সদৰি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Education Minister Ranoj Pegu) ।

press-conference-at-kahilipara-axom-sarva-siksha-abhijan-mission-office
শিক্ষা বিভাগত নিযুক্তি

গুৱাহাটী, 15 ফেব্ৰুৱাৰী : 10 মে'ৰ পূৰ্বে ৰাজ্যৰ শিক্ষা বিভাগৰ 20 হাজাৰটা পদত নিযুক্তি দিয়া হ'ব (Recruitment in Education Department ) । ইতিমধ্যে এই কাৰ্যসূচীৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ এই কথা সদৰি কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Education Minister Ranoj Pegu) ।

মঙলবাৰে গুৱাহাটীৰ কাহিলিপাৰাস্থিত সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয় (Axom Sarva Siksha Abhijan Mission Office at Kahilipara) ত আয়োজন কৰা এখন সংবাদমেল (Press conference at Axom Sarva Siksha Abhijan Mission Office) ত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ এক লাখ নিযুক্তিৰ অংশ হিচাপে শিক্ষা বিভাগত 20 হাজাৰ পদত নিযুক্তি দিয়া হ'ব ।

শিক্ষা বিভাগত নিযুক্তি

উল্লেখ্য যে, শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে আৰু বিদ্যালয়সমূহত শিক্ষাৰ্থী আৰু শিক্ষক অনুপাত বৰ্তাই ৰখাৰ বাবে চৰকাৰে শিক্ষকসকলৰ বিতং তথ্য আপলোড কৰাৰ বাবে 'শিক্ষক স্থানান্তৰ ব্যৱস্থাপনা প্ৰণালী' তথা টি টি এম এছ নামৰ এটা অনলাইন পৰ্টেল মুকলি কৰিছিল (Teacher Transfer Portal) । ইতিমধ্যে এই পৰ্টেলত প্ৰায় 2.24 লাখ শিক্ষকে নিজৰ নাম পঞ্জীয়ন কৰিছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে নাম পঞ্জীয়ন কৰা 2.24 লাখ শিক্ষকৰ ভিতৰত প্ৰায় 1.30 লাখ শিক্ষকে নিজৰ সম্পূৰ্ণ তথ্য আপলোড কৰিছে । ইয়াৰ আধাৰত অসম চৰকাৰে শিক্ষক বদলিকৰণ আইনৰ অধীনত শিক্ষক বদলিকৰণৰ পৰিকল্পনা কৰিছে বুলি সাংবাদিকৰ আগত কয় মন্ত্ৰীগৰাকীয়ে । শিক্ষক বদলিকৰণ প্ৰক্ৰিয়াৰ বাবে বুধবাৰে পুৱা 9 বজাৰ পৰা পাৰস্পৰিক বদলি বিচৰা শিক্ষকসকলে পৰ্টেলত আবেদন কৰিব পাৰিব । এই বদলিকৰণ নিজস্ব কেটেগৰীৰ মাজত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে ।

লগতে পঢ়ক : আনন্দ মিশ্রৰ বদলিৰ পিছতো স্তব্ধ হোৱা নাই নগাঁও আৰক্ষীৰ বন্দুকৰ গুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.