ETV Bharat / state

আনন্দ মিশ্রৰ বদলিৰ পিছতো স্তব্ধ হোৱা নাই নগাঁও আৰক্ষীৰ বন্দুকৰ গুলী

author img

By

Published : Feb 15, 2022, 8:07 PM IST

পুনৰ নগাঁও আৰক্ষীৰ এনকাউন্টাৰ (Encounter in Nagaon) ৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা নগাঁও আৰক্ষীৰ গুলীত সোমবাৰে আহত হ’ল ড্ৰাগছ মাফিয়া ৷

Encounter in Nagaon
নগাঁও আৰক্ষীৰ গুলীত পুনৰ আহত হ’ল ড্ৰাগছ মাফিয়া

নগাঁও, 15 ফেব্ৰুৱাৰী: অপৰাধীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে নগাঁও আৰক্ষীয়ে । পুনৰ এনকাউণ্টাৰ নগাঁও আৰক্ষীৰ (Encounter in Nagaon)। ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি নগাঁও আৰক্ষীৰ গুলী । আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলোৱাৰ অভিযোগ ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে। অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈয়েই আছে নগাঁও আৰক্ষী ।

আই পি এছ বিষয়া আনন্দ মিশ্ৰ বদলি হোৱাৰ পিছত বিভিন্নজনে উত্থাপন কৰিছিল বিভিন্ন প্ৰশ্নৰ । কিন্তু পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি অপৰাধীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে নগাঁও আৰক্ষীয়ে । অপৰাধীৰ বিৰুদ্ধে পূৰ্বতকৈ যেন দুগুণ কঠোৰ হৈছে এতিয়া নগাঁও আৰক্ষী । ৰাজ্যখনৰ ভিতৰতেই সৰ্বাধিক এনকাউণ্টাৰ সংঘটিত হোৱা নগাঁৱত পুনৰ সংঘটিত হ'ল ৷

নগাঁও আৰক্ষীৰ গুলীত পুনৰ আহত হ’ল ড্ৰাগছ মাফিয়া

প্ৰাক্তন ছাত্ৰনেতা নেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ বিতৰ্কত সাঙোৰ খাই আই পি এছ বিষয়া আনন্দ মিশ্ৰ বদলি হৈ যোৱাৰ পিছতেই নগাঁও আৰক্ষীয়ে কৰিলে প্ৰথমটো এনকাউণ্টাৰ ৷ সোমবাৰে নিশা নগাঁও আৰক্ষীৰ এটা দলে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় নগাঁৱৰ জুৰীয়া বালিকটীয়া অঞ্চলত । দীৰ্ঘদিনে মাৰাত্মক ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকাৰ অভিযুক্ত বালিকটীয়াৰ ছাহজাহান ওৰফে ছাজুৰ ঘৰত অভিযান চলায় নগাঁও আৰক্ষীৰ এটা দলে । মাজনিশা চলা এই অভিযানতে ড্ৰাগছৰ বেহাত জড়িত ছাজুক আটক কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী (Nagaon police shoots dreaded drug peddler, seize huge amount of contraband) । আৰক্ষীয়ে আটক কৰাৰ পিছতেই ড্ৰাগছ মাফিয়া ছাজুয়ে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে বাধ্য হৈ চলাবলগীয়া হয় গুলী । আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টা চলোৱা ছাহজাহান ওৰফে ছাজু আহত হয় নগাঁও আৰক্ষীৰ গুলীত । ড্ৰাগছ ব্যৱসায়ী ছাজুৰ ঘৰৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছো জব্দ কৰিবলৈও সক্ষম হয় অভিযানকাৰী আৰক্ষীৰ দলটো ।

আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহত অভিযুক্ত এইজন ছাহজহানক লগেলগে নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও পুৱতি নিশাই উন্নত চিকিৎসাৰ বাবে ছাহজহানক প্ৰেৰণ কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ । আনন্দ মিশ্ৰৰ বদলিৰ পিছত এইটোৱেই হৈছে নগাঁও আৰক্ষীৰ প্ৰথমটো এনকাউণ্টাৰ ।

উল্লেখযোগ্য যে, যোৱা বৃহস্পতিবাৰে নগাঁৱৰ পৰা আই পি এছ বিষয়া আনন্দ মিশ্ৰ বদলি হৈ যোৱাৰ পিছৰে পৰা অবিৰতভাৱে অপৰাধ বিৰোধী অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই নেতৃত্ব দিয়া নগাঁও আৰক্ষীয়ে বিগত কেইদিনত অপৰাধীৰ বিৰুদ্ধে লাভ কৰিবলৈ সক্ষম হৈছে বহুকেইটা সফলতা । একপ্ৰকাৰ অপৰাধীৰ ৰম্যভূমিত পৰিণত নগাঁৱক অপৰাধমুক্ত কৰিবলৈ অবিৰত অভিযান অব্যাহত ৰখা আনন্দ মিশ্ৰবিহীন নগাঁও আৰক্ষী কিমান সফল হয়, সেয়া সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক: নগাঁও আৰক্ষীয়ে পুনৰ চলালে গুলী : আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই জনালে কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.