ETV Bharat / city

ক’ভিড টীকাকৰণ : ১২-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰীক প্ৰদান কৰা হ’ব Corbevax

author img

By

Published : Mar 16, 2022, 7:03 AM IST

Covid vaccination drive in Assam
Covid vaccination drive in Assam

স্বাস্থ্যমন্ত্ৰীৰ উপস্থিতিত বুধবাৰে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব ক'ভিড প্ৰতিষেধক অভিযান (Covid vaccination drive in Assam) । ২০১০ চনৰ ১৬ মাৰ্চৰ পূৰ্বে জন্মগ্ৰহণ কৰা ১৩.৪৬ লাখ কিশোৰ-কিশোৰীক দিয়া হ'ব Corbevax ।

গুৱাহাটী, ১৫ মাৰ্চ : দেশৰ আন প্ৰান্তৰ লগতে অসমতো বুধবাৰৰ পৰা ১২-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক ক'ভিড প্ৰতিষেধক প্ৰদানৰ অভিযান আৰম্ভ হ'ব (Covid vaccination for teenagers)। গুৱাহাটীৰ ৰুক্মিণীগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত বুধবাৰে পুৱা ৮.২০ বজাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই অভিযান মুকলি কৰিব (CM Himanta to inaugurate vaccination program) ।

অসমত এই অভিযানৰ জৰিয়তে ২০১০ চনৰ ১৬ মাৰ্চৰ পূৰ্বে জন্মগ্ৰহণ কৰা ১২-১৪ বছৰ বয়সসীমাৰ ১৩.৪৮ লাখ কিশোৰ-কিশোৰীক 'Corbevax' নামৰ ক'ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব (Corbevax for teenagers)। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্যৰ স্বাস্থ্য বিভাগে শিক্ষা বিভাগৰ সহযোগত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । এই বয়স সীমাৰ ছাত্ৰ-ছাত্ৰীসকলক নিজ নিজ শিক্ষানুষ্ঠানত Corbevax টীকা প্ৰদান কৰা হ'ব ।

১২-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰীক প্ৰদান কৰা হ’ব Corbevax

আনহাতে, শিক্ষানুষ্ঠানত নথকা কিশোৰ-কিশোৰীসকলে ঘৰৰ ওচৰৰ চৰকাৰী ক'ভিড প্ৰতিষেধক কেন্দ্ৰত কাইলৈৰ পৰা এই টীকা গ্ৰহণ কৰিব পাৰিব । স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰে অভিভাৱকসকলক এই বয়সৰ নিজৰ সন্তানক ক'ভিডৰ প্ৰতিষেধক দিয়াবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে ।

ইফালে বুধবাৰৰ পৰা ৰাজ্যত ৬০ বছৰৰ উৰ্ধৰ প্ৰতিগৰাকী লোকৰ বাবেও ক'ভিডৰ সুৰক্ষামূলক তৃতীয়পালি প্ৰতিষেধক প্ৰদানৰ অভিযান আৰম্ভ কৰা হ'ব । ইতিপূৰ্বে ৬০ বছৰৰ উৰ্ধৰ 'ক'ম'ৰ্বিডিটী' থকা লোকসকলৰ বাবে ১০ জানুৱাৰীৰ পৰা সুৰক্ষামূলক ক'ভিড প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে । ৬০ বছৰৰ উৰ্ধৰ লোকসকলে ক'ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণৰ পৰা ৯ মাহ বা ৩৯ সপ্তাহৰ বিৰতিত এই সুৰক্ষামূলক তৃতীয় পালি প্ৰতিষেধক ল'ব পাৰিব ।

লগতে পঢ়ক : কি কি বিষয়ে স্থান পালে মুখ্যমন্ত্রীৰ বিধানসভাৰ বাজেট অধিৱেশনৰ বক্তব্যত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.