ETV Bharat / city

মাৰ্ঘেৰিটাত ভোগালী বিহুত উপস্থিত থাকিব মু্খ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী

author img

By

Published : Jan 11, 2021, 2:03 PM IST

প্ৰথমবাৰৰ বাবে মাৰ্ঘেৰিটাৰ 1নং আলুবাৰী ৰাজখোৱা পথাৰত উদযাপন কৰা হ’ব প্ৰথম বাৰ্ষিক ভোগালী উৎসৱ ৷ 13 আৰু 14 জানুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া বিহুৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

মাৰ্ঘেৰিটাত ভোগালী বিহুত উপস্থিত থাকিব মু্খ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী
মাৰ্ঘেৰিটাত ভোগালী বিহুত উপস্থিত থাকিব মু্খ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী

নিউজ ডেস্ক, 11 জানুৱাৰী : তিনিচুকীয়াৰ মাৰ্ঘেৰিটাৰ ১নং আলুবাৰী ৰাজখোৱা পথাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব প্ৰথম বাৰ্ষিক ভোগালী উৎসৱ ৷ মাৰ্ঘেৰিটাৰ বৃহত্তৰ ৰাইজে অহা 13 আৰু 14 জানুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত কৰিব ভোগালী বিহু ৷ মাৰ্ঘেৰিটাত অনুষ্ঠিত কৰিবলৈ লোৱা ভোগালী বিহুৰ কাৰ্যসূচীত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা বিত্ত-শিক্ষা-লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

লগতে পঢ়ক : হেঁপাহৰ ভোগালীক আদৰিবলৈ সাজু ধেমাজিবাসী

13 জানুৱাৰীত ভোগালী উৎসৱ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ আনহাতে একেদিনাই অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে মাৰ্ঘেৰিটাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে ভোগালী উৎসৱৰ দ্বাৰ মুকলি কৰাৰ লগতে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকায়ো এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷ একেদৰেই আত্মসহায়ক গোটৰ মাজত হ’বলগীয়া এক প্ৰতিযোগিতা উদ্বোধন কৰিব জিলা আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই ৷

লগতে পঢ়ক : ভোগালীৰ আনন্দত আত্মহাৰা বঙাইগাঁওবাসী

ভোগালী উৎসৱত অধ্যাপিকা তথা সাহিত্যিক ৰীতা চৌধুৰী, পবিত্ৰ মাৰ্ঘেৰিটা, অধ্যাপক সুৰজিৎ বৰকটকীক সম্বৰ্ধনা জনোৱা হ’ব ৷ ভোগালীৰ এসাঁজ নামে কাৰ্যসূচী উদ্বোধন কৰিব জিলা উপায়ুক্ত দিগন্ত শইকীয়াই ৷ ইয়াৰ পিচতেই সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব দেৱজিৎ বৰা আৰু স্থানীয় শিল্পীৰ দলে ৷ ডিগবৈ বন সংমণ্ডলৰ প্ৰাধিকাৰী চি চি ৰঞ্জিথ ৰামে সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰাৰ পিচতেই ধেমাজি কেন্দ্ৰীয় হৰিনাম দলে দিহানাম পৰিৱেশন কৰিব আৰু সন্ধিয়া অনুষ্ঠিত হ’ব গীতে-মাতে ভেলাঘৰৰ এনিশা ৷ এই কাৰ্যসূচী উদ্বোধন কৰিব কেন্দ্ৰীয় খাদ্য সংশাধন স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব জুবিন গাৰ্গ, জুবলীৰ লগতে বেহাৰবাৰী আউটপ’ষ্টৰ কেকে আৰু মোহনে ৷ 14 জানুৱাৰীৰ দিনা ৰাতিপুৱা মেজি প্ৰজ্জ্বলন, ভোগালীৰ জলপানৰ পিচতেই অনুষ্ঠানৰ সামৰণি পৰিব ৷

লগতে পঢ়ক : ভোগালীৰ প্ৰাকক্ষণত টিংখাঙত মাছ ধৰাৰ আনন্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.