ETV Bharat / city

অসম মিজোৰাম সীমা সমস্যা: নতুন দিল্লীত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক

author img

By

Published : Sep 21, 2022, 10:10 PM IST

CM level Conference held to resolve border issues of Assam-Mizoram border
অসম মিজোৰাম সীমা সমস্যা: নতুন দিল্লীত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক

চলিত বৰ্ষৰ ৯ আগষ্টত আইজলত দুয়োখন ৰাজ্যৰ মাজৰ সীমা সমস্যা (Assam Mizoram border issue) সমাধানৰ উদ্দেশ্যেৰে অনুষ্ঠিত হোৱা মন্ত্ৰী পৰ্যায়ৰ আলোচনাৰ পৰ্যালোচনা অসম-মিজোৰামৰ দুই মুখ্যমন্ত্রীৰ । সীমা সমস্যাৰ এক স্থায়ী সমাধানৰ বাবে মিলিত হয় দুই মুখ্যমন্ত্ৰী (CM level Conference held in Delhi) ৷

গুৱাহাটী, ২১ ছেপ্টেম্বৰ: অসম আৰু মিজোৰামৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ (Mizoram CM Zoramthanga) মাজত বুধবাৰে নতুন দিল্লীৰ অসম হাউছত (Assam house in Delhi) এখন বৈঠক অনুষ্ঠিত হয় ।

বৈঠকত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে বিগত ৯ আগষ্টত আইজলত দুয়োখন ৰাজ্যৰ মাজৰ সীমা সমস্যা সমাধানৰ উদ্দেশ্যেৰে অনুষ্ঠিত হোৱা মন্ত্ৰী পৰ্যায়ৰ আলোচনাৰ পৰ্যালোচনা কৰে (CM level Conference held in Delhi) । উল্লেখ্য যে, ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ (Minister Atul Bora) নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলৰ সৈতে সীমা সমস্যা সমাধানৰ বাবে আইজলত এই বৈঠক অনুষ্ঠিত হৈছিল ।

CM level Conference held to resolve border issues of Assam-Mizoram border
অসম মিজোৰাম সীমা সমস্যা: নতুন দিল্লীত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক

সেই সন্দৰ্ভত আজি দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ত বৈঠক অনুষ্ঠিত হয় । বৈঠক সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা মত-বিনিময়ৰত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে আজি অনুষ্ঠিত হোৱা বৈঠকত মিজোৰামত অনুষ্ঠিত মন্ত্ৰী পৰ্যায়ৰ বৈঠক সম্পৰ্কত পর্যালোচনা কৰা হয় (Assam Mizoram border issue) ।

  • To resolve the long-standing border issue with Mizoram, met Chief Minister Shri @ZoramthangaCM ji at Assam House, New Delhi and reviewed ministerial-level talks held at Aizawl on August 9.

    We are in the process of forming a regional committee to discuss & resolve the issue. pic.twitter.com/PitEvCOvAD

    — Himanta Biswa Sarma (@himantabiswa) September 21, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

এই ক্ষেত্ৰত যথেষ্ট সন্তোষজনক অগ্ৰগতি লাভ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় । মুখ্যমন্ত্ৰীয়ে কয় যে দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ দিশত থকা বিভিন্ন বিষয় বিতংভাৱে আলোচনা কৰা হৈছে । তেওঁ লগতে কয় যে সীমা সমস্যাৰ এক স্থায়ী সমাধানৰ বাবে এখন আঞ্চলিক সমিতি গঠনৰ জৰিয়তে দুয়োখন ৰাজ্যৰ মাজত থকা সীমা সমস্যা সমাধানৰ বিষয়টোক অধিক গতিশীল কৰা হ'ব ।

লগতে পঢ়ক: কাৰ্বি শান্তিচুক্তি পুনৰীক্ষণৰ দাবীত ডিফুত জেচিচিপিৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.