কাৰ্বি শান্তিচুক্তি পুনৰীক্ষণৰ দাবীত ডিফুত জেচিচিপিৰ সংবাদমেল

author img

By

Published : Sep 21, 2022, 7:04 PM IST

karbi

কাৰ্বি শান্তিচুক্তিৰ বিতৰ্কিত দফা ২,৩ ৰ পুনৰীক্ষণ আৰু অসম-মেঘালয় সীমাবিবাদ সন্দৰ্ভত ডিফুত জেচিচিপিৰ সংবাদমেল (Review of Clause 2 and 3 of Karbi Peace Accord) ।

ডিফু, ২১ ছেপ্টেম্বৰ : ২০২১ বৰ্ষৰ ৪ ছেপ্টেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং জিলাৰ ছয় সহস্ৰ উগ্ৰপন্থী সংগঠনৰ মাজত স্বাক্ষৰিত কাৰ্বি শান্তি চুক্তিৰ (Karbi Peace Accord) পিছত বিজেপিয়ে পাৰ্বত্য জিলা দুখনত স্থায়ী শান্তি ঘূৰি আহিছে বুলি দাবী কৰিলেও জিলা দুখনৰ দল-সংগঠনে স্বাক্ষৰিত কাৰ্বি শান্তি চুক্তিৰ দফা ২ আৰু ৩ ৰ জৰিয়তে জিলাখনৰ ষষ্ঠ অনুসূচীক উলংঘা কৰিছে বুলি অসন্তুষ্টি প্ৰকাশ কৰি আহিছে (Karbi Peace Accord Violated Sixth Schedule) ।

পাৰ্বত্য জিলা দুখনৰ কেইবাটাও সামাজিক সংগঠনৰ উমৈহতীয়া মঞ্চ 'দ্য জইণ্ট ক'অৰ্ডিনেচেন কমিটী প্ৰটেকচন অব অট'নমী' (The Joint Coordination Committee Protection of Autonomy) চমুকৈ জেচিচিপিয়ে এই লৈ আজি ডিফুৰ আইটিআইস্থিত হংফাৰলাত এক সংবাদমেল অনুষ্ঠিত কৰি নিজৰ অসন্তুষ্ঠি ব্যক্ত কৰে । জেচিচিপিৰ অন্যতম শীৰ্ষ নেতা খৰছিং টেৰণে সাংবাদিকসকলক সম্বোধন কৰি কয় যে ২০২১ চনৰ ৪ ছেপ্টেম্বৰত স্বাক্ষৰিত কাৰ্বি শান্তি চুক্তিৰ ২ আৰু ৩ নং দফা অনুসৰি কাৰ্বি আংলঙৰ ১০ খন আসন সকলোৰে বাবে মুক্ত বুলি ৰখা সুবিধা ষষ্ঠ অনুসূচীৰ পৰিপন্থী ।

কাৰ্বি শান্তিচুক্তি পুনৰীক্ষণৰ দাবীত ডিফুত জেচিচিপিৰ সংবাদমেল

সেয়ে উক্ত চুক্তিৰ অংশীদাৰসকলক মাতি পুনৰ উক্ত চুক্তিৰ ২ আৰু ৩ নং দফাৰ পুনৰ বিবেচনা কৰিব লাগে বুলি দাবী উত্থাপন কৰে (Review of Clause 2 and 3 of Karbi Peace Accord)। আনহাতে, ১৯৫০ চনতে আয়োগ গঠন কৰি কাৰ্বি আংলঙৰ যি সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিল সেই ধৰণে কাৰ্বি আংলঙৰ সীমা অক্ষুণ্ণ থাকিব লাগে বুলি দাবী কৰে ।

চলিত বছৰৰ ২৯ মাৰ্চত নতুন দিল্লীত প্ৰথম পৰ্যায়ত ছয় বিবদমান স্থানক লৈ আলোচনা হোৱাৰ পিছত দ্বিতীয় পৰ্যায়ত অসম-মেঘালয় সীমান্তৰ চাৰিটাকৈ বিবদমান অঞ্চল ক্ৰমে ব্লক ১, ব্লক ২, খান্দুলী আৰু পিচিআৰক লৈ মেঘালয় আৰু অসমৰ মুখ্যমন্ত্ৰীৰ মাজত আলোচনাত অনুষ্ঠিত হোৱাৰ কথা আছে । এই সন্দৰ্ভত সংবাদমেলত আজি জেচিচিপিৰ নেতা ৰবীন্দ্ৰ ৰংপি, ছয়ছিং ৰংপি আৰু খৰছিং টেৰণে কয় যে উল্লিখিত চাৰিটা স্থান কাৰ্বি আংলং জিলাৰ ভৌগোলিক সীমাৰ ভিতৰত আছে । এই চাৰিটা স্থানত মেঘালয়ৰ অধিকাৰ নাই (JCCP Press Meet) ।

সেয়ে উক্ত স্থান চাৰিটাক লৈ মেঘালয় চৰকাৰে একো আপত্তি কৰিব নোৱাৰে । দুয়োখন চৰকাৰৰ 'দিয়া-লোৱা' নীতিৰ ভিতৰত কাৰ্বি আংলঙৰ ভূমিখণ্ড পৰিব নালাগে । কাৰ্বি আংলঙৰ কোনো ভূমি মেঘালয়ক গতাই দিব নালাগে লগতে মেঘালয়ৰ ভূমিও কাৰ্বি আংলঙক নালাগে বুলি কয় নেতাসকলে । এই লৈ জেচিচিপিৰ এক সঁজাতী দলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙক এক দাবীসম্বলিত স্মাৰক-পত্ৰ অৰ্পণ কৰা বুলিও অৱগত কৰে জেচিচিপিৰ নেতাসকলে (Karbi Peace Accord and Border Dispute)।

বিষয় দুটা বিবেচনাৰ আওতালৈ আনি শীঘ্ৰে বিষয় দুটা সন্দৰ্ভত সংশ্লিষ্ট অংশীদাৰসকলক লৈ পুনৰীক্ষণ কৰি চুক্তিৰ দফা ২ আৰু ৩ ৰ পুনৰীক্ষণ কৰা, পৰিষদৰ বিশেষ অধিবোশন অনুষ্ঠিত কৰি সীমাবিবাদ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা, এই সন্দৰ্ভত সৰ্বদলীয় বৈঠক আহ্বান কৰাৰো দাবী জনায় । আনহাতে, জেচিচিপিৰ এটা সঁজাতী দলে শীঘ্ৰে বিষয় দুটা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰো কাষ চাপিব বুলি সংবাদমেলত সদৰী কৰে জেচিচিপয়ে ।

লগতে পঢ়ক :সোণৰ কণীপৰা হাঁহত পৰিণত কাৰ্বি আংলঙৰ ডলামৰা পাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.