ETV Bharat / city

নতুন ৰূপত মন্ত্ৰীসভা: কোনে পালে কি দপ্তৰ

author img

By

Published : Jun 9, 2022, 5:12 PM IST

Updated : Jun 9, 2022, 7:40 PM IST

সম্প্ৰসাৰণ হ'ল ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা । সমান্তৰালকৈ নতুনকৈ বিতৰণ কৰা হ'ল মন্ত্ৰীৰ দপ্তৰ ৷ বহুকেইগৰাকী মন্ত্ৰীৰ দপ্তৰ সলনিও কৰা হ'ল ৷ চাওক এই তালিকা -

নতুন ৰূপত মন্ত্ৰীসভাঃ কোনে পালে কি দপ্তৰ
নতুন ৰূপত মন্ত্ৰীসভাঃ কোনে পালে কি দপ্তৰ

গুৱাহাটী, ৯ জুন: সম্প্ৰসাৰণ হ'ল ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা । দুজনকৈ নতুন মন্ত্ৰীয়ে শপত লোৱাৰ পাছত ড৹ শৰ্মা মন্ত্ৰীসভাৰ মুঠ মন্ত্ৰীৰ সংখ্যা ১৫জনলৈ বৃদ্ধি পালে । নতুন দুই মন্ত্ৰীৰ ভিতৰত জয়ন্ত মল্ল বৰুৱাক তিনিটাকৈ বিভাগৰ দায়িত্ব দিয়া হৈছে । ইফালে শক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে নন্দিতা গাৰ্লোচাক । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা বিভাগসমূহ হ'ল ক্ৰমে গৃহ, কৰ্মচাৰী আৰু লোকনিৰ্মাণ বিভাগ

আন মন্ত্ৰীসকলক দায়িত্ব দিয়া বিভাগসমূহ হৈছে -

  • ৰঞ্জিত কুমাৰ দাস– পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান বিভাগ, সাধাৰণ প্ৰশাসন
  • অতুল বৰা– কৃষি, উদ্যান শস্য,পশুপালন , সীমান্ত উন্নয়ন আৰু অসম চুক্তি ৰূপায়ন বিভাগ
  • উৰ্খাও গৌৰা ব্ৰহ্ম– হস্ত তাঁত ভূমি সংৰক্ষণ, বড়োলেণ্ড উন্নয়ন
  • চন্দ্ৰমোহন পাটোৱাৰী- বন আৰু পৰিৱেশ, এক্ট ইষ্ট পলিচী আৰু সংখ্যালঘু উন্নয়ন
  • পৰিমল শুক্লবৈদ্য– পৰিবহন, মীন, আবকাৰী বিভাগ
  • কেশৱ মহন্ত – স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, মেডিকেল এডুকেশ্যন আৰু বিজ্ঞান আৰু তথ্যপ্ৰযুক্তি বিভাগ
  • ৰণোজ পেগু– শিক্ষা, জনজাতীয় উন্নয়ন, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস তথা সাংস্কৃতিক বিভাগ
  • অশোক সিংহাল– হাউচিং আৰু নগৰ উন্নয়ন, জলসিঞ্চন
  • যোগেন মহন- ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য অঞ্চল উন্নয়ন,
  • সঞ্জয় কিষান- চাহ জনগোষ্ঠী উন্নয়ন, শ্ৰম বিভাগ
  • অজন্তা নেওঁগ– বিত্ত, মহিলা আৰু শিশু উন্নয়ন
  • পীয়ুষ হাজৰিকা– জলসম্পদ, জনসংযোগ, সামাজিক ন্যায় আৰু সৱলীকৰণ, সংসদীয় পৰিক্ৰমা
  • বিমল বৰা– উদ্যোগ আৰু বাণিজ্য, সাংস্কৃতিক পৰিক্ৰমা
  • নন্দিতা গাৰ্লোচা– শক্তি,সমবায়, খনি আৰু খনিজাত সম্পদ, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস তথা সাংস্কৃতিক বিভাগ
  • জয়ন্ত মল্ল বৰুৱা– জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ আৰু পৰ্যটন।

লগতে পঢ়ক: মন্ত্রীৰূপে শপত ললে জয়ন্ত মল্ল বৰুৱা-নন্দিতা গাৰ্লোচাই

Last Updated :Jun 9, 2022, 7:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.