ETV Bharat / city

Barshashree released from jail: সমগ্ৰ ঘটনাৰাজিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ সমাজ কৰ্মীৰ

author img

By

Published : Jul 23, 2022, 8:42 PM IST

বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰি ৰখা সমগ্ৰ ঘটনাৰাজিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড৹ দিব্যজ্যোতি শইকীয়াই (Social workers react to entire incident of Barshashree) ৷

reaction of social activist regarding barshashree
কাৰাৰুদ্ধ কৰি ৰখা সমগ্ৰ ঘটনাৰাজিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ সমাজ কৰ্মীৰ

গুৱাহাটী, ২৩ জুলাই: অৱশেষত শুকুৰবাৰে সন্ধিয়া মুকলি আকাশৰ তললৈ আহিল বৰ্ষাশ্ৰী বুঢ়াগোঁহাই (Barshashree Buragohain Releases)। গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন মঞ্জুৰ হোৱাৰ পাছত ৬৫ দিনৰ অন্তত গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিলে বৰ্ষাশ্ৰীয়ে (Barshashree Buragohain granted bail)। বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰি ৰখা সমগ্ৰ ঘটনাৰাজিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড৹ দিব্যজ্যোতি শইকীয়াই (Social workers react to entire incident of Barshashree) ৷

তেওঁ কয়, ‘‘বিপ্লৱী কবিতা লিখি কাৰাগাৰত বন্দীত্বৰ জীৱন কটোৱা টীয়কৰ বর্ষাশ্ৰী বুঢ়াগোহাঁয়ে অৱশেষত মুক্তি লাভ কৰিলে । গুৱাহাটী উচ্চ ন্যায়ালয়ে ছাত্ৰী গৰাকীৰ জামিন মঞ্জুৰ কৰাৰ পিছত স্পষ্ট হ'ল যে কেৱল কবিতা লিখাৰ বাবেই ছাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল । যুৱতীগৰাকীৰ বক্তব্যটো সেই কথা স্পষ্ট হৈছে ।’’

কাৰাৰুদ্ধ কৰি ৰখা সমগ্ৰ ঘটনাৰাজিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ সমাজ কৰ্মীৰ

লগতে, তেওঁ কয়, ‘‘ন্যায়ালয়ৰ মজিয়াটো স্পষ্ট হয় যে কেৱল কবিতা লিখাৰ বাবেই ছাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল । ছাত্ৰীগৰকীৰ বিষয়ে সংবাদ মাধ্যমত চর্চা লাভ কৰাৰ পিছত যে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্যমন্ত্ৰীয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈছিল এই কথাও স্পষ্টকৈ ওলায় পৰে’’ বুলি মন্তব্য কৰে সমাজ কৰ্মীগৰাকীয়ে ৷

শইকীয়াই লগতে কয়, ‘‘তেওঁ বহু আগতেই এই বিষয়ত উনুকিয়াই থৈছিল যে ছাত্ৰীগৰাকীয়ে কোনো সন্ত্ৰসবাদী সংগঠনৰ লগত যোগাযোগ ৰাখি তেনে সংগঠনলৈ যাবলৈ প্ৰস্তুতি চলোৱাৰ কথা ছাত্ৰীগৰাকী গ্ৰেপ্তাৰৰ সময়ত চৰকাৰে তথা আৰক্ষীয়ে কেতিয়াও ক'তো উল্লেখ কৰা নাছিল । ’’

সেয়ে চৰকাৰী পক্ষৰ বক্তব্য ভুৱা আছিল বুলি প্ৰমাণিত হ'ল বুলিও উল্লেখ কৰে সমাজ কৰ্মীগৰাকীয়ে । আনহাতে, বৰ্তমান চৰকাৰে মানুহৰ মৌলিক অধিকাৰৰ পৰা আৰম্ভ কৰি বাক স্বাধীনতা খৰ্ব কৰাৰ লগতে মানৱ অধিকাৰ ব্যাপকভাৱে উলংঘা কৰি আহিছে বুলি শইকীয়াই অভিযোগ কৰে । ইয়াৰ লগতে তেওঁ ভৱিষ্যতে সাধাৰণ কথাতে মানুহক গ্ৰেপ্তাৰ কৰি মানৱ অধিকাৰ উলংঘা নকৰিবলৈ চৰকাৰক সকীয়াই দিয়ে ।

লগতে পঢ়ক: Barshashree Buragohain Releases: ৬৫ টা দিন কাৰাৰুদ্ধ জীৱন কটাই আপোন ঘৰখনত বৰ্ষাশ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.