ETV Bharat / state

Barshashree Buragohain Releases: ৬৫ টা দিন কাৰাৰুদ্ধ জীৱন কটাই আপোন ঘৰখনত বৰ্ষাশ্ৰী

author img

By

Published : Jul 23, 2022, 12:51 PM IST

৬৫ টা দিন কাৰাৰুদ্ধ জীৱন অৱসান ঘটোৱা বৰ্ষাশ্ৰীৰ আপোন ঘৰখনত প্ৰথম দিন(Barshashree Buragohain Releases) । প্ৰথমটো পুৱা আপোন ঘৰখনত পৰিয়ালৰ সৈতে চাহৰ জুতি ললে বৰ্ষাশ্ৰীয়ে । কৰিলে ঘৰখনৰ দৈনন্দিন কামকাজ ।

first day of barshashree in own house
Barshashree Buragohain Releases: ৬৫ টা দিন কাৰাৰুদ্ধ জীৱনৰ অৱসান ঘটাই আপোন ঘৰখনত বৰ্ষাশ্ৰী

টীয়ক,২৩ জুলাই: ৬৫ টাকৈ দিন কাৰাৰুদ্ধ জীৱন কটাই ন্যায়ালয়ৰ নিৰ্দেশত শুকুৰবাৰে মুকলি আকাশৰ তললৈ আহিল বৰ্ষাশ্ৰী বুঢ়াগোহাঁই(Barshashree Buragohain Releases) । তাৰপাছতেই মুক্ত জীৱনৰ প্ৰথটো পুৱা নিজৰ আপোন ঘৰখনত আপোন মানুহখিনিৰ সৈতে কটালে বৰ্ষাশ্ৰীয়ে । পৰিয়ালৰ লোকৰ সৈতে একেলগে চাহ খাই, ঘৰ ঝাড়ু দিয়াকে ধৰি এটা সাধাৰণ জীৱন আৰম্ভ কৰাৰ লগতে নিজৰ পঢ়া টেবুলত বহি অধ্যয়ন কৰাত ব্যস্ত হৈ পৰে বৰ্ষাশ্ৰী ।

৬৫ টা দিন কাৰাৰুদ্ধ জীৱনৰ অৱসান ঘটাই আপোন ঘৰখনত বৰ্ষাশ্ৰী

অনাগত দিনত চৰকাৰৰ সহযোগিতা কামনা কৰিলে বৰ্ষাশ্ৰীয়ে । ফেচবুকত কবিতা লিখাৰ বাবে ইমান এটা জটিলতাত সোমাই পৰিব বুলি কোনোমতেই ভাবিব পৰা নাছিলে আৰু সেয়া এক দুঃস্বপ্ন বুলি অনুভৱ কৰি নিজৰ লক্ষ্যত উপনীত হ'বলৈ তথা মাতৃ-পিতৃ, পৰিয়ালৰ আশা আকাংক্ষা পুৰণ কৰিবলৈহে এতিয়া নকৈ জীৱন আৰম্ভ কৰিব বুলি মন্তব্য কৰিছে মেধাবী ছাত্ৰীগৰাকীয়ে ।

ইপিনে অহা ৩০ জুলাইত পুনৰ আপোন মহাবিদ্যালয়খনত পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁ । সেয়ে এতিয়া নিজৰ পঢ়া টেবুলত ব্যস্ত হৈ পৰিছে । ইপিনে পৰিয়ালৰ লোকেও বৰ্ষাশ্ৰীক এই মূহুৰ্তত সকলো ফালৰ পৰা সহাৰি প্ৰদৰ্শন কৰি সমূহ ৰাইজ, দল-সংগঠন তথা অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছে । লগতে বৰ্ষাশ্ৰীৰ দৰে মেধাবী ছাত্ৰীক আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ সহযোগিতা কামনা কৰিছে ।

উল্লেখ্য যে দুমাহ পূৰ্বে টীয়ক কাৱৈমাৰীৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে নিজৰ ফেচবুকত আপলোড কৰা এটা পোষ্টৰ বাবেই সোমাবলগীয়া হৈছিল বন্দীশালত । যদিও তেতিয়া বিষয়টো কোনোৱেই গুৰুত্ব দিয়া নাছিল কিন্তু কেইদিন মান পূৰ্বৰে পৰা বৰ্ষাশ্ৰীৰ মুক্তি বিচাৰি মাত মাতিছিল বহুতেই(Demand for free Barshashree) । ফেচবুক ভৰি পৰিছিল মেধাৱী ছাত্ৰীগৰাকীৰ বিষয়ে কৰা চৰ্চাৰে ৷ অৱেশেষত মুকলি আকাশৰ তললৈ আহি এনেদৰেই শনিবাৰে প্ৰথমটো মুক্ত জীৱনৰ পুৱা উপভোগ কৰিলে বৰ্ষাশ্ৰীয়ে ।

লগতে পঢ়ক: Barshashree Buragohain releases: ৬৪ দিনৰ অন্তত স্ব-গৃহত উপস্থিত বর্ষাশ্ৰী বুঢ়াগোহাঁই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.