ETV Bharat / city

আজাৰা গ্ৰাম্য চিকিৎসালয়ক শীঘ্ৰে উন্নীত কৰা হ’ব উন্নত চিকিৎসালয়লৈ: স্বাস্থ্যমন্ত্ৰী

author img

By

Published : Jul 15, 2022, 5:04 PM IST

আজাৰাৰ ৩০ খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়খন শীঘ্ৰে উন্নত চিকিৎসালয়লৈ উন্নীত কৰা হ’ব ৷ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ(West Guwahati MLA Ramendra Narayan Kalita) আহ্বানৰ প্ৰতি সঁহাৰি জনাই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কৰে এই ঘোষণা ৷ চিকিৎসালয়খনত এক ট্ৰমা চেন্টাৰ নিৰ্মাণ কৰাৰো ঘোষণা মন্ত্ৰীগৰাকীৰ ৷
Azara 30 Bedded Rural Hospital to be upgraded soon
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

গুৱাহাটী, 15 জুন : কামৰূপ মহানগৰ জিলাৰ অধীনৰ আজাৰাৰ ৩০ খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়খন শীঘ্ৰে উন্নত চিকিৎসালয়লৈ উন্নীত কৰা হ’ব ৷ ক’ভিডৰ তৃতীয় পালি প্ৰতিষেধকৰ বিশেষ অভিযানৰ কাৰ্যসূচী আজাৰা ৩০ খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ পৰা মুকলি কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শুকুৰবাৰে ঘোষণা কৰে এই কথা(Keshab Mahanta inaugurates free booster dose vaccine of covid) । পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কৰে এই ঘোষণা ৷

উল্ল্খ্য যে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ক’ভিডৰ তৃতীয় পালি প্ৰতিষেধকৰ বিশেষ অভিযান অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক আজাৰাৰ ৩০ খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়খন উন্নত চিকিৎসালয়লৈ উন্নীত কৰাৰ বাবে অনুৰোধ কৰে । তেওঁ কয় যে কামৰূপ মহানগৰ জিলাৰ অধীনৰ আজাৰা ৩০ খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়খনৰ অঞ্চলটোত বিশেষ গুৰুত্ব আছে ।

চিকিৎসালয়খনৰ ওচৰৰে ৰাষ্ট্ৰীয় ঘাইপথ গৈছে । ওচৰতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানকোঠ আছে । চিকিৎসালয়খনত নাৰ্চৰ অভাৱ আছে । উন্নত চিকিৎসা সেৱাৰ প্ৰয়োজন আছে । এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে এই চিকিৎসালয়খনৰ অধীনত থকা দুখন উপ-স্বাস্থ্যকেন্দ্ৰ ভাৰাঘৰত আছে । বিধায়কে মাটি দিলে উপ-স্বাস্থ্যকেন্দ্ৰ দুখন ভাৰাঘৰৰ পৰা স্থানান্তৰ কৰা হ’ব ।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে চিকিৎসালয়খনত এক ট্ৰমা চেন্টাৰ নিৰ্মাণ কৰাৰ লগতে নাৰ্চৰ নিযুক্তি দিব । মুঠতে চিকিৎসালয়খন উন্নত কৰা হ’ব । চিকিৎসালয়খনৰ উন্নীতকৰণৰ বাবে এক পৰিকল্পনা প্ৰস্তুত কৰিবলৈ কামৰূপ মহানগৰ জিলা উপায়ুক্তক স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক : COVID Vaccination Amrit Mahotsava: ক'ভিডৰ বিনামূলীয়া বুষ্টাৰ পালি প্ৰতিষেধকৰ উদ্ধোধন স্বাস্থ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.