COVID Vaccination Amrit Mahotsava: ক'ভিডৰ বিনামূলীয়া বুষ্টাৰ পালি প্ৰতিষেধকৰ উদ্ধোধন স্বাস্থ্যমন্ত্ৰীৰ

author img

By

Published : Jul 15, 2022, 2:24 PM IST

Health Minister Keshab Mahanta inaugurates free booster dose vaccine of covid in assam

আজিৰে পৰা অসমতো আৰম্ভ ক'ভিড টীকাকৰণৰ অমৃত মহোৎসৱ(COVID Vaccination Amrit Mahotsava) । 18-59 বছৰ বয়স সীমাৰ লোকসকলক 15 তাৰিখৰ পৰা অহা 30 ছেপ্টেম্বৰলৈ বিনামূলীয়াকৈ ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হ’ব ৷ কামৰূপ মহানগৰ জিলাৰ অধীনৰ আজাৰা স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিকভাৱে এই টীকাকৰণৰ অভিযান উদ্বোধন কৰে (Keshab Mahanta inaugurates free booster dose vaccine of covid) ।

গুৱাহাটী, 15 জুলাই: দেশৰ 19 বছৰ বয়সৰ উৰ্দ্ধৰ সকলো লোককে বিনামূলীয়াকৈ কোভিডৰ বুষ্টাৰ পালি দিয়াৰ বাবে শুকুবাৰৰ পৰা ৰাজ্যজুৰি বিশেষ অভিযান আৰম্ভ কৰা হৈছে (COVID Vaccination Amrit Mahotsava in India)। 18-59 বছৰ বয়স সীমাৰ লোকসকলক বিনামূলীয়াকৈ ক'ভিড প্ৰতিষেধকৰ এই সতৰ্কতামূলক পালি প্ৰদানৰ বাবে অসমতো 15 তাৰিখৰ পৰা অহা 30 ছেপ্টেম্বৰলৈ 'ক'ভিড টীকাকৰণৰ অমৃত মহোৎসৱ'ৰ আয়োজন কৰা হৈছে।

এই উপলক্ষে কামৰূপ মহানগৰ জিলাৰ অধীনৰ আজাৰা স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিকভাৱে এই টীকাকৰণৰ অভিযান উদ্বোধন কৰে (Keshab Mahanta inaugurates free booster dose vaccine at Azara Health Centre)। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে যে, ‘আজাদী কা অমৃত মহোৎসৱ'ৰ সৈতে সংগতি ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । সকলো চৰকাৰী কোভিড প্ৰতিষেদক কেন্দ্ৰতেই এই বুষ্টাৰ পালি ল’ব পাৰিব ।

Keshab Mahanta inaugurates: কোভিডৰ বিনামূলীয়া বুষ্টাৰ পালি প্ৰতিষেধকৰ উদ্ধোধন স্বাস্থ্য মন্ত্ৰীৰ

কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া সিদ্ধান্ত অনুসৰি 18 বছৰ ঊৰ্দ্ধৰ সকলো যোগ্য লোকেই ক'ভিভ প্ৰতিষেধকৰ তৃতীয়টো পালিও সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব । আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই 75 দিনীয়া বিশেষ অভিযানৰ জৰিয়তে ৰাজ্যৰ সকলো চৰকাৰী চিকিৎসালয় তথা ক'ভিড প্ৰতিষেধক কেন্দ্ৰ (চিভিচি)ত 18 বছৰৰ ওপৰৰ যোগ্য লোকসকলক বিনামূল্যে ক'ভিডৰ সতৰ্কতামূলক তৃতীয় পালি টিকা প্ৰদানৰ বাবে জিলা প্ৰশাসনসমূহৰ সহযোগত স্বাস্থ্য বিভাগৰ ফালৰ পৰা ব্যৱস্থা কৰা হৈছে ।

এতিয়ালৈকে অসমত 70 লাখ লোকক ক'ভিডৰ সতৰ্কতামূলক তৃতীয় পালি টিকা প্ৰদান কৰা হৈছে । শুকুবাৰৰ পৰা ৰাজ্যৰ 2000 টা কেন্দ্ৰৰ জৰিয়তে এই টিকা প্ৰদান কৰা হ’ব। পৰৱৰ্তী সময়ত এই কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হ’ব। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয় (Health Minister Keshab Mahanta said), আজিৰে পৰা অহা 15 দিনলৈ ডায়েৰীয়াৰ টিকাকৰণ পষেক আৰম্ভ কৰা হৈছে । অনুষ্ঠানত বিধায়ক ৰমেন্দ্ৰ নাৰয়াণ কলিতা, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক আদিয়ে ভাষণ দিয়ে।

লগতে পঢ়ক: COVID Vaccination Amrit Mahotsava : অহা ৭৫ দিনলৈ দেশৰ প্ৰাপ্তবয়স্ক লোকৰ বাবে ক'ভিডৰ বিনামূলীয়া বুষ্টাৰ পালি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.