ETV Bharat / city

মেঘালয়ৰ পৰা উদ্ধাৰ 500 ত কৈ অধিক অসমৰ লোক

author img

By

Published : Mar 5, 2020, 11:29 AM IST

এতিয়াও শান্ত হোৱা অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰিৱেশ ৷ বৰ্তমানলৈকে মেঘালয়ত হোৱা হিংসাত্মক ঘটনাত মৃত্যু হৈছে তিনিজনকৈ লোকৰ ৷ আনহাতে আৰক্ষী, বিএছএফৰ সহযোগত অসমৰ বহু নাগৰিক উদ্ধাৰ অসম চৰকাৰৰ ৷

মেঘালয়ৰ পৰা উদ্ধাৰ অসমৰ 500 গৰাকীকৈ অধিক কৰ্মচাৰী
মেঘালয়ৰ পৰা উদ্ধাৰ অসমৰ 500 গৰাকীকৈ অধিক কৰ্মচাৰী

গুৱাহাটী, 5 মাৰ্চঃ মেঘালয়ৰ চেলা থানা অন্তৰ্গত ইচামতিত মেঘালয়ৰ স্থানীয় লোকৰ এজন সদস্যক হত্যাৰ পিছৰে পৰা হিংসাত্মক হৈ আছে চুবুৰীয়া ৰাজ্য মেঘালয় ।

উদ্ধাৰকাৰী লোকসকল
উদ্ধাৰকাৰী লোকসকল

মেঘালয়ত খাচী আৰু অনাখাচীৰ মাজত হোৱা হিংসাত বৰ্তমান লৈকে প্ৰাণ হেৰুৱাইছে 3 জনকৈ লোকে ৷ আনহাতে আহত হৈছে কেইবাজনো লোক ।

মেঘালয়ৰ ইচামতিৰ পৰা উদ্ধাৰ অসমৰ 500 গৰাকী কৰ্মচাৰী

বৰ্তমান অসম চৰকাৰে মেঘালয়ৰ ইচামতিত আবদ্ধ হৈ থকা প্ৰায় 500 গৰাকীকৈ লোকক আৰক্ষী, বিএছএফৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । কৰ্মসূত্ৰে মেঘালয়ত আছিল লোকসকল ৷ বৰ্তমান উদ্ধাৰ কৰা লোকসকলক যোৰাবাট আৰক্ষী চকীত ৰখা হৈছে । ইপিনে বৰ্তমানো আবদ্ধ আছে বহু লোক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.