ETV Bharat / city

জোলোঙাৰ মেকুৰী: ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ প্ৰতিবেদনেই দাখিল কৰা নাই ৰাজ্য চৰকাৰে

author img

By

Published : Dec 16, 2021, 5:47 PM IST

Updated : Dec 16, 2021, 6:25 PM IST

debate-on-st-status-to-six-communities-of-assam-in-parliment                                                     nnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ

অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো (St Status to six communities) নিৰ্বাচনৰ সময়ত হৈ পৰে অন্যতম গুৰুত্বপূৰ্ণ ইছ্যু । ৰাজপাট দখলৰ বাবে ই এক জখলাৰ‌ দৰে কাম কৰে । কিন্তু প্ৰকৃততে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত চলিছে কি ?

গুৱাহাটী, ১৬ ডিচেম্বৰ : সুদীৰ্ঘ সময়জুৰি ৰাজ্যত উত্থাপিত হৈ অহা অন্যতম দাবীটোৱেই হৈছে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ(Schedule Tribe status to Six Communities of Assam) । টাই আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চাহ জনগোষ্ঠী আৰু চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ৰাজ্যত চলি আহিছে আন্দোলন । ইয়াৰ সমান্তৰালভাৱে এই বিষয়ক লৈ চলিছে ৰাজনীতিও । কি কংগ্ৰেছ, কি বিজেপি, সকলোৰে বাবে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো নিৰ্বাচনৰ সময়ত হৈ পৰে অন্যতম গুৰুত্বপূৰ্ণ ইছ্যু ।

অসমত ৰাজপাট দখলৰ বাবে জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীয়ে বহু বছৰ ধৰি জখলাৰ‌ দৰে কাম কৰি আহিছে । কিন্তু প্ৰকৃততে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত কি চলিছে ? এইবাৰ চলিত সংসদৰ অধিবেশনৰ প্ৰশ্নোত্তৰ কালত ওলাই পৰিল জোলোঙাৰ মেকুৰী । দুই কংগ্ৰেছী সাংসদৰ প্ৰশ্নৰ উত্তৰ দি শাসক পক্ষৰ নেতাই কবলৈ বাধ্য হল যে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া সমিতিয়ে আজিকোপতি প্ৰতিবেদনেই দাখিল কৰা নাই কেন্দ্ৰীয় চৰকাৰক ।

Congress MP Pradyut Bordoloi on Parliament
কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ

সংসদৰ চলিত অধিবেশনত কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু দলটোৰ আন এগৰাকী সাংসদ এছ জ্যোতিমণিয়ে উত্থাপন কৰিছিল এটা প্ৰশ্ন (Congress MP Pradyut Bordoloi raised a question in Parliament) । সেই প্ৰশ্নৰ উত্তৰলৈ মন কৰিলেই সকলো পৰিস্কাৰ হৈ পৰে । জনজাতি পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী বিশ্বেশ্বৰ টুডুৱে সংসদত কয় যে, বিভিন্ন জনগোষ্ঠীক যোগ্যতাৰ আধাৰত জনজাতিৰ স্বীকৃতি প্ৰদান কৰা হয় । অসমৰো এই ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে ৰাজ্য চৰকাৰৰ পৰা বহু পূৰ্বে এক প্ৰস্তাৱ কেন্দ্ৰই লাভ কৰিছিল যদিও প্ৰক্ৰিয়াটো বৰ্তমানে কোনোধৰণে আগবঢ়া নাই ।

debate-on-st-status-to-six-communities-of-assam-in-parliment
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ

তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আগবঢ়াই নিবলৈ ২০১৯ চনৰ ১৪ জানুৱাৰীত মন্ত্ৰীগোটৰ এখন সমিতি সেই সময়ৰ ৰাজ্য চৰকাৰে গঠন কৰি দিছিল, যিখন সমিতিয়ে আজিকোপতি কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদনেই দাখিল কৰা নাই । এই তথ্য স্পষ্টকৈ সংসদত প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । মন কৰিবলগীয়া যে ২০১৯ ত গঠন কৰা উক্ত মন্ত্ৰীগোটৰ সমিতিখনৰ অধ্যক্ষ হৈছে সেই সময়ৰ প্ৰভাৱশালী মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Assam CM Himanta Biswa Sarma) ।

লগতে পঢ়ক : শ্বেৰমান আলীৰ দল ত্যাগৰ ক্ষেত্ৰত কংগ্ৰেছৰ কোনো আপত্তি নাই : জীতেন্দ্ৰ সিং

Last Updated :Dec 16, 2021, 6:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.