ETV Bharat / city

দিল্লীত লাচিত দিৱস আয়োজনৰ লগতে কেবিনেটে ল'লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

author img

By

Published : Aug 30, 2022, 9:55 PM IST

বাতিল হ'ব ভূ-দান আৰু গ্ৰামদান আইন । চৰকাৰী পলিটেকনিক আৰু আই টি আই সমূহক চেণ্টাৰ অৱ এক্সিলেন্স হিচাপে গঢ় দিয়াৰ বাবে ৩০৭ কোটি ২২ লাখ টকা মঞ্জুৰ । নয়নমণি শইকীয়াক অসম আৰক্ষীৰ ডি এছ পি নাইবা ফৰেষ্ট বেটেলিয়ানৰ সহঃ অধিনায়কৰ পদ আগবঢ়োৱাৰ সিদ্ধান্ত (Assam govt cabinet decisions)।

Assam govt cabinet meeting
Assam govt cabinet meeting

গুৱাহাটী, 30 আগষ্ট : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় (Assam govt cabinet meeting) । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে মন্ত্রী কেশৱ মহন্তই (Assam govt cabinet decisions)।
কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি -

  • ভূ-দান আৰু গ্ৰামদান আইন বিধানসভাত বাতিল কৰা হ'ব ।
  • চৰকাৰী পলিটেকনিক আৰু আই টি আই সমূহক চেণ্টাৰ অৱ এক্সিলেন্স হিচাপে গঢ় দিয়াৰ বাবে কেবিনেটে ৩০৭ কোটি ২২ লাখ টকা মঞ্জুৰ কৰে ।
  • ইয়াৰ দ্বাৰা ২০ হাজাৰ শিক্ষাৰ্থীক প্ৰশিক্ষণ দি সংস্থাপনৰ বাবে দক্ষ কৰি তোলা হ'ব ।
  • কমনৱেল্থ গেমছত সোণৰ পদক লাভ কৰা নয়নমণি শইকীয়াক (CWG gold medalist Nayanmoni Saikia) অসম আৰক্ষীৰ ডি এছ পি নাইবা ফৰেষ্ট বেটেলিয়ানৰ সহঃ অধিনায়কৰ পদ আগবঢ়োৱাৰ সিদ্ধান্ত কেবিনেটত গ্ৰহণ ।
  • তেওঁ নিজৰ ইচ্ছা অনুসৰি যিকোনো এটা পদ গ্ৰহণ কৰিব পাৰিব । লগতে প্ৰদান কৰা হ'ব ৫০ লাখ টকা । ৩ ছেপ্তেম্বৰত তেওঁক আনুষ্ঠানিকভাৱে এই সন্মান আগবঢ়োৱা হ'ব (Govt to felicitated Nayanmoni Saikia) ।
  • কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰ পদটোক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ সমমৰ্যদা দিয়া হৈছে ।
  • পুৰণি প্ৰযোজ্য নোহোৱা ৩২৯ খন ৰাজ্যিক আইন বিধানসভাত বাতিলৰ বাবে কেবিনেটত সিদ্ধান্ত লোৱা হৈছে ।
  • পিতৃ-মাতৃৰ বন্দনাৰ বাবে চৰকাৰী চাকৰিয়ালক পূৰ্বতে দিয়া বিশেষ চি এল এইবাৰ ৯ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰৱাৰীলৈ চাৰিদিনৰ বাবে দিয়াৰ সিদ্ধান্ত গ্ৰহণ ।
  • কেবিনেটৰ সিদ্ধান্ত অনুসৰি প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰৰ চিন্তন শিবিৰ ২৪ ছেপ্তেম্বৰৰ পৰা ২৬ ছেপ্তেম্বৰলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হ'ব (Chintan shivir in Assam)।
  • মুখ্যমন্ত্রীৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া এই শিবিৰত মন্ত্ৰী পৰিষদৰ লগতে সকলো বিভাগৰ জেষ্ঠ সচিব আৰু বিভাগীয় সঞ্চালকসকলে অংশ গ্ৰহণ কৰিব ।
  • শিবিৰত বিভাগীয় কামকাজৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে আলোচনা কৰা হ'ব ।
  • বাজেট প্ৰস্তুত কৰাৰ আগতেই অনুষ্ঠিত হ’ব এনে চিন্তন শিবিৰ ।
  • এইবাৰ প্ৰথমবাৰৰ বাবে লাচিত দিৱস ২৩ আৰু ২৪ নবেম্বৰত দিল্লীৰ বিজ্ঞান ভৱনত উদযাপন কৰা হ'ব ।
  • দিল্লীৰ বিজ্ঞান ভৱনত লাচিতৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে আয়োজন কৰা হৈছে এই কাৰ্যসূচী ।
  • উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু সামৰণি অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ।

লগতে পঢ়ক: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰম্ভ হ'ল অস্থি মজ্জা সংৰোপণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.