ETV Bharat / city

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্তৰ দাবীত ৰাজ্যজুৰি আন্দোলনৰ ঘোষণা

author img

By

Published : Jan 3, 2022, 6:43 PM IST

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্তৰ দাবীত ৰাজ্যজুৰি আন্দোলনৰ ঘোষণা
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্তৰ দাবীত ৰাজ্যজুৰি আন্দোলনৰ ঘোষণা

মুখ্যমন্ত্ৰী পত্নীৰ বিৰূদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছে ৰাজ্যজুৰি ৰূপায়ণ কৰিব আন্দোলনৰ কাৰ্যসূচী ৷ সোমবাৰে এই ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Land grabbing allegation against CM family) ৷

গুৱাহাটী, 3 জানুৱাৰী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু আন সহযোগীকেইগৰাকীৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৰাজ্যজুৰি আন্দোলন ঘোষণা কৰিছে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে অহা 10 জানুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈ প্ৰায় এমাহজোৰা এই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে (APCC will protest in Assam against CM family land scam) ।

সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ গুৱাহাটীৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই কথা সদৰি কৰে । ভূপেন বৰাই কয় যে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যোৱা প্ৰশিক্ষণ শিৱিৰৰ সামৰণিৰ পিছত কংগ্ৰেছ নেতা-কৰ্মীসকলে কলাক্ষেত্ৰৰ ভিতৰৰ পৰা অসম সচিবালয়লৈ সমদল উলিয়াইছিল । প্ৰতিবাদৰ শেষত কংগ্ৰেছৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু আন সহযোগীকেইগৰাকীৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ সন্দৰ্ভত ন্যায়াধীশৰ দ্বাৰা তদন্তৰ দাবী জনাই ৰাজ্যপাললৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল । কিন্তু ৰাজ্যপাল এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিলে ।

সেয়েহে এতিয়া পুনৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু আন সহযোগীকেইগৰাকীৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ ন্যায়াধীশৰ দ্বাৰা তদন্তৰ দাবী জনাই ৰাজ্যজুৰি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব (APCC demands probe against Riniki Bhuyan) ৷

ইয়াৰ পিছতে সমষ্টিয়ে সমষ্টিয়ে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰা হ'ব । তাৰ পিছতো যদি চৰকাৰে এই ক্ষেত্ৰত তদন্ত আৰম্ভ নকৰে, তেতিয়া দিল্লীতো আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰা হ'ব বুলি ভূপেন বৰাই সংবাদমেলৰ জৰিয়তে হুংকাৰ দিয়ে । ইপিনে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে, বিধানসভা অধিৱেশনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু আন সহযোগীকেইগৰাকীৰ বিৰূদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ আলোচনা অনুষ্ঠিত হ'বলৈ নিদিলে । যাৰ বাবে কংগ্ৰেছে বিধানসভা অধিৱেশনত ইয়াৰ প্ৰতিবাদ কৰিছিল । লগতে তেওঁ কয় যে, এই আন্দোলনৰ কাৰ্যসূচীত কংগ্ৰেছৰ বিধায়কসকলে ঠায়ে ঠায়ে ভূমিকা গ্ৰহণ কৰিব ।

লগতে পঢ়ক: মুখ্যমন্ত্রীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্তৰ দাবীত আন্দোলন কৰিব কংগ্ৰেছে

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.