ETV Bharat / city

মুখ্যমন্ত্রীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্তৰ দাবীত আন্দোলন কৰিব কংগ্ৰেছে

author img

By

Published : Jan 2, 2022, 9:28 PM IST

apcc-president-bhupen-bora-on-land-grabbing-allegation-against-cms-family
মুখ্যমন্ত্রীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্তৰ দাবীত আন্দোলন কৰিব কংগ্ৰেছে

ব্যক্তিগত নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰৰ প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া (APCC president Bhupen Bora on PSO) । চৰকাৰক সমালোচনা কৰি তেওঁ কয়, চৰকাৰৰ মূল লক্ষ্য হৈছে কৰ সংগ্ৰহ কৰা । মদৰ দোকান বৃদ্ধি কৰাৰ সমান্তৰালকৈ গ্ৰাহকৰ সংখ্যা বৃদ্ধি কৰাটো চৰকাৰৰ মূল লক্ষ্য।

গুৱাহাটী, ২ জানুৱাৰী : ব্যক্তিগত নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰৰ প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া (APCC president Bhupen Bora on PSO)। 'কাক কি নিৰাপত্তাৰক্ষী দিব সেই সিদ্ধান্ত গৃহ বিভাগে ল'ব । তাত আমাৰ একো ক'বলগীয়া নাই ।' এই প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । ব্যক্তিগত নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ সন্দৰ্ভত কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত দেওবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰদেশ কংগ্ৰেছ সভাপতিগৰাকীয়ে ।

তেওঁ কয়, ''আমি বন্দুকৰ গুলীক ভয় কৰা হ'লে ৰাজনীতিৰ ক্ষেত্রখনলৈ নাহিলো হয় । গতিকে এইক্ষেত্রত আমাৰ বিশেষ একো ক’বলগীয়া নাই । মৃত্যুৰ প্ৰতি ভয় থাকিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দৰে গুৰু দায়িত্ব নল’লোঁহেতেন '' । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, ২০১৪ চনৰ পৰা বিভিন্ন নিৰ্বাচনত বিজেপিয়ে ধাৰাবাহিকভাৱে জয়ৰ মুখ দেখি আহিছে । কংগ্ৰেছে আশা কৰা ধৰণে ফল পোৱা নাই । এতিয়া যিহেতু বিজেপিৰ নতুন চৰকাৰখনৰ মাত্র ছমাহ সময় হৈছে । গতিকে কিছুদিন ৰাইজে সমৰ্থন কৰাটো স্বাভাৱিক ।

মুখ্যমন্ত্রীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্তৰ দাবীত আন্দোলন কৰিব কংগ্ৰেছে

চৰকাৰখনৰ কাম-কাজক সমালোচনা কৰি তেওঁ কয় যে, ''চালকজনে মদ খাব নোৱাৰিব, বাকী সকলোৱে পাৰিব । লাগে গাড়ীত বাৰ খুলি ল’ব পাৰিব । লাহে লাহে দেখিব যে বাছ, টেক্সি আদি বাৰলৈ ৰূপান্তৰিত হ'ব'' (Bhupen Bora on drunk driving) ।

তেওঁ পুনৰ কয়, মুখ্যমন্ত্রীয়ে বিজ্ঞাপন দিছে যে চালকে মদ খাব নালাগে । অৰ্থাৎ বাকী সকলোৱে মদ খাব লাগে । কাৰণ চৰকাৰক পইচা লাগে, চৰকাৰৰ চলিবলৈ পইচা নাই (Bhupen Bora criticizing poor economy of state) । চৰকাৰে ধাৰ লৈ ভাগৰি পৰিছে, চৰকাৰৰ মূল লক্ষ্য হৈছে কৰ সংগ্ৰহ কৰা । মদৰ দোকান বৃদ্ধি কৰাৰ সমান্তৰালকৈ গ্ৰাহকৰ সংখ্যা বৃদ্ধি কৰাটো চৰকাৰৰ মূল লক্ষ্য বুলি তেওঁ অভিযোগ কৰে । ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত তেওঁ কয় যে মুখ্যমন্ত্রীয়ে গাদীত বহাৰ পিছত মূল লক্ষ্যটোৱেই হৈছে জাতি-জনগোষ্ঠীসমূহৰ মাজত সংঘাত সৃষ্টি কৰা ।

বৰ্তমানৰ জনজাতিসমূহৰ কথা চিন্তা নকৰি ছটা জনগোষ্ঠীক ১০০ দিনৰ ভিতৰত জনজাতিৰ মৰ্যদা দিম বুলি কিদৰে কৈছিল । তেওঁ কয় যে, কংগ্ৰেছে সকলো প্ৰত্যাহ্বান নেওচি আগুৱাই যাব পৰা ক্ষমতা আছে । গতিকে দলৰ পৰা এজন-দুজন ওলাই যোৱাকলৈ দলটোৰ ভৱিষ্যত নিৰ্ভৰ নকৰে । আদৰ্শৰ এই যুঁজত ভাবুকি আহিব । বিধানসভাৰ ভিতৰতো ভাবুকি আহিব ।

তেওঁ লগতে কয় যে, মুখ্যমন্ত্রীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ (Land grabbing allegation against CM's family) উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ তদন্ত দাবী কৰি ৰাজ্যজুৰি আন্দোলন গঢ়ি তোলা হ'ব । আনহাতে ১৪ টা লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হ'ব । প্ৰদেশ কংগ্ৰেছৰ ৩৩ লাখ সদস্য ভৰ্তিৰ লক্ষ্য জানুৱাৰী মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক : অসমৰ ৪ হাজাৰ বৰ্গ কিলোমিটাৰ তৈলক্ষেত্ৰ নিলাম কৰিব দিল্লীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.