অসমৰ ৪ হাজাৰ বৰ্গ কিলোমিটাৰ তৈলক্ষেত্ৰ নিলাম কৰিব দিল্লীয়ে

author img

By

Published : Jan 2, 2022, 6:10 PM IST

Oil fields in Assam to be auctioned

এইবাৰ ব্যক্তিগত খণ্ডৰ হাতলৈ যাব অসমৰ বিশাল তৈল ক্ষেত্ৰ (Central Government to auction oil field of Assam)। চৰকাৰে ভাৰতৰ মুঠ আঠটা তেল আৰু প্ৰাকৃতিক গেছৰ ব্লক ব্যক্তিগত খণ্ডৰ হাতত গতাই দিবলৈ আন্তৰ্জাতিক নিবিদা আহ্বান কৰিছে । তাৰ ভিতৰত অসমৰ দুটাকৈ বিশাল তৈলক্ষেত্ৰ আৰু প্ৰাকৃতিক গেছৰ ক্ষেত্ৰ আছে ।

গুৱাহাটী,২ জানুৱাৰী : অসমৰ প্ৰাকৃতিক সম্পদবোৰ দিল্লীৰ মছনদত বহি থকা সকলৰ বাবে সোণৰ কণী পৰা হাহঁতকৈ কোনো গুণে কম নহয় । সেয়া লাগিলে কয়লাই হওক, তেলেই হওক বা গেছেই হওক । এইবাৰ দিল্লীৰ চকু পৰিছে অসমৰ প্ৰায় চাৰি হাজাৰ বৰ্গ কিলোমিটাৰতকৈও অধিক পৰিসৰৰ তৈলক্ষেত্ৰত (Oil fields of Assam) ।

Oil fields in Assam to be auctioned
অসমৰ ৪ হাজাৰ বৰ্গ কিলোমিটাৰ তৈলক্ষেত্ৰ নিলাম কৰিব দিল্লীয়ে

কেন্দ্ৰীয় চৰকাৰে অলপতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মুঠ আঠটা তেল আৰু প্ৰাকৃতিক গেছৰ ব্লক ব্যক্তিগত খণ্ডৰ হাতত গতাই দিবলৈ আন্তৰ্জাতিক নিবিদা আহ্বান কৰিছে । এই আঠটা ব্লকৰ ভিতৰত পাচঁটা আছে স্থল ভাগত আৰু বাকী তিনিটা আছে সমুদ্ৰ গৰ্ভত । স্মৰ্তব্য যে অসমৰ ভূগৰ্ভত যি বিশাল পৰিমাণৰ তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ আছে তাৰ ভিতৰত এতিয়ালৈকে মাত্ৰ এক তৃতীয়াংশহে খননৰ জৰিয়তে উলিওৱা হৈছে । সেয়েহে স্বাভাৱিকতে অসমৰ প্ৰতি দিল্লীৰ আছে শেনচকু ।

Oil fields in Assam to be auctioned
অসমৰ ৪ হাজাৰ বৰ্গ কিলোমিটাৰ তৈলক্ষেত্ৰ নিলাম কৰিব দিল্লীয়ে

আন্তৰ্জাতিক নিবিদা আহ্বান কৰি ব্যক্তিগত খণ্ডক গতাব খোজা এই আঠটা ব্লকৰ পৰিসৰ হৈছে মুঠ ১৫,৭৬৬ বৰ্গ কিলোমিটাৰ ‌। ইয়াৰ ভিতৰত অসমৰ আছে দুটাকৈ বিশাল তৈলক্ষেত্ৰ আৰু প্ৰাকৃতিক গেছৰ ক্ষেত্ৰ (Central Government to auction oil field of Assam)। এই নিলামত সাঙুৰি লোৱা অসমৰ এই দুখন বিশাল ক্ষেত্ৰৰ পৰিসৰ হ'ল এখনৰ ২,৪৪৫.৩০ বৰ্গ কিলোমিটাৰ আৰু আনখনৰ ১,৮৪০.৮৭ বৰ্গ কিলোমিটাৰ ।

লগতে পঢ়ক :ৰাজ্যত বিকল হৈ আছে জলসিঞ্চনৰ ১৮৫৪ খন আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.