ETV Bharat / city

AJP protests in Guwahati: মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোচ্চাৰ অসম জাতীয় পৰিষদ

author img

By

Published : Jul 27, 2022, 9:26 PM IST

শেহতীয়া দুটা বানত ৰাজ্যৰ সাধাৰণ ৰাইজৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে (Price hike of daily used goods) । দুবেলা দুমুঠিৰ কাৰণে সৰ্বসাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ এনে সময়তে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰী, জলপানত GST লগোৱাৰ উপৰি পূৰ্বে নিৰ্ধাৰিত GSTৰ হাৰ বৃদ্ধি কৰিছে । ইয়াৰ বিৰুদ্ধে বুধবাৰে মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয় পৰিষদে (AJP protest in Guwahati) ৷

AJP stage protests in Guwahati against price hike
মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত অসম জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদ

গুৱাহাটী, 27 জুলাই : বিজেপি চৰকাৰৰ জনবিৰোধী নীতি আৰু আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত অসম জাতীয় পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (AJP protests against price rise) । দলটোৰ পূৰ্ব ঘোষিত কাৰ্যসূচী অনুসৰি প্ৰতিবাদকাৰীসকল পুৱা দীঘলীপুখুৰী পাৰত মিলিত হয় । প্ৰতিবাদকাৰীসকল সম্মিলিত হৈ দীঘলীপুখুৰী পাৰত অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ ফেষ্টুন লৈ বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে ।

প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে (AJP President Lurinjyoti Gogoi) কয় যে, বিজেপি চৰকাৰে সাধাৰণ ৰাইজৰ ওপৰত আৰোপ কৰা সকলো কৰ বৃদ্ধি কৰি সাধাৰণ মানুহক সৰ্বস্বান্ত কৰিছে । শেহতীয়া দুটা বানত ৰাজ্যৰ সাধাৰণ ৰাইজৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে । বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে সাধাৰণ ৰাইজক মাধমাৰ দিবলৈ ৰান্ধনিশালত নিত্য ব্যৱহাৰ্য খাদ্য-সামগ্ৰী, জলপানত GST লগোৱাৰ উপৰি পূৰ্বে নিৰ্ধাৰিত GSTৰ হাৰ বৃদ্ধি কৰিছে ।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ

এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে লগতে কয় যে, যিবোৰ সামগ্ৰীৰ ওপৰত আগতে 5 পৰা 8 শতাংশ GST আছিল, সেই সামগ্ৰীৰ ওপৰত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে 12 শতাংশলৈ GST বৃদ্ধি কৰিছে । প্ৰায় 900 বিধ সামগ্ৰীৰ ওপৰত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে 12 শতাংশলৈ GST বৃদ্ধি কৰিছে । বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ এই পদক্ষেপৰ ফলত সাধাৰণ মানুহৰ অৱস্থা অতি শোচনীয় হ’ব । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ তুলনাত সাধাৰণ মানুহৰ আয় বৃদ্ধি হোৱা নাই (AJP protest against BJP government)।

তেওঁ আৰু কয় যে, GST কাউন্সিলৰ সভাত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে সাধাৰণ ৰাইজক মাধমাৰ দিবলৈ ৰান্ধনিশালত দৈনন্দিন ব্যৱহাৰ্য খোৱা খাদ্য-সামগ্ৰী, জলপানত GST লগোৱাৰ উপৰি পূৰ্বে নিৰ্ধাৰিত GSTৰ হাৰ বৃদ্ধি কৰিছে । গগৈয়ে এই পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰে আৰু চৰকাৰক এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী জনায় । তেওঁ লগতে অভিযোগ কৰি কয় যে, 2018 চনৰ 8 নৱেম্বৰত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে দেশত বিমুদ্ৰাকৰণৰ জৰিয়তে দেশৰ অৰ্থনীতি ধ্বংস কৰিছে ।

অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে লগতে কয় যে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ জনবিৰোধী নীতিৰ বাবে দেশৰ সাধাৰণ মানুহৰ আৰ্থিক অৱস্থা দিনক দিনে বেয়াৰ দিশে গতি কৰিছে । বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে এটা সময়ত মানুহৰ উশাহ আৰু নিশাহ লোৱাৰ ওপৰতো কৰ আৰোপ কৰিব বুলি পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে মন্তব্য কৰে । এই কাৰ্যসূচীত অংশ লৈ অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদ আৰু জিয়াউৰ ৰহমান আদিয়ে বিজেপি চৰকাৰৰ জনবিৰোধী নীতি আৰু আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে ভাষণ দিয়ে ।

লগতে পঢ়ক : Population Control Bill: জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কৰ ক্ষেত্ৰত অসম এক উদাহৰণ হোৱা উচিত: ডঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.